ETV Bharat / state

প্ৰেমে নাপালে পূৰ্ণতা, অচিনা দেশলৈ প্ৰেমিক-প্ৰেমিকা

প্ৰেমৰ সম্পৰ্ক আছিল প্ৰায় তিনিবছৰীয়া । দুয়োখন ঘৰে নিদিলে সন্মতি । অৱশেষত একলগে প্ৰাণত্যাগ কৰিলে দুয়োৱে ।

Lovers sacrificed their lives because the family did not accepted their relationship
প্ৰেমে নাপালে পূৰ্ণতা, অচিনা দেশলৈ প্ৰেমিক-প্ৰেমিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2025 at 8:02 PM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ: এক হৃদয়বিদাৰক ঘটনাই জোকাৰি গৈছে গহপুৰ । দীৰ্ঘদিনীয়া প্ৰেমে পূৰ্ণতা লাভ নকৰাৰ বাবেই প্ৰেমিক-প্ৰেমিকাই গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত । একেলগে নিজকে শেষ কৰিলে দুয়োৱে । দুখন ঘৰে দুয়োৰে প্ৰেমক সন্মতি নিদিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । যাক লৈ শোকৰ ছাঁ পৰিছে সমগ্ৰ গহপুৰত ।

ঘটনা অনুসৰি শনিবাৰে নিশাৰে পৰা গহপুৰ আৰক্ষী থানা অন্তৰ্গত কুকুৰজানৰ গাঁৱৰ হেমন্ত মহানন্দ নামৰ যুৱকজন সন্ধানহীন হৈ আছিল । এসপ্তাহ পূৰ্বে হেমন্ত মহানন্দক পৰিয়ালৰ লোকে নগাঁৱৰ মিছা বাগানৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ কৰাই দিছিল । ইফালে বিবাহপাশত আবদ্ধ হোৱা হেমন্তৰ আছিল আন এগৰাকী প্ৰেমিকা ।

প্ৰেমে নাপালে পূৰ্ণতা, অচিনা দেশলৈ প্ৰেমিক-প্ৰেমিকা (ETV Bharat Assam)

যাৰ সৈতে সুখৰ সংসাৰ পতাৰ সপোন দেখিছিল হেমন্তই, লেই সপোন সপোন হৈয়ে ৰ'ল । প্ৰেমিকাৰ সৈতে বিয়া পতা আশা আছিল যদিও সেয়া পৰিয়ালৰ বাবে পূৰণ নহ'ল হেমন্তৰ । তাৰ পিছতেই শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ পৰে হেমন্ত । নিশাই হেমন্তৰ পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ কৰে যদিও পুৱালৈকো কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ'ল ।

ইয়াৰ মাজতে স্থানীয় লোকে দেওবাৰে পুৱা এহাল যুৱক-যুৱতী নিকটৱৰ্তী অঞ্চলৰ এজোপা বগৰী গছত একেডাল ৰচিৰে চিপলৈ মুখামুখিকৈ ওলমি থকা প্ৰত্যক্ষ কৰি গহপুৰ আৰক্ষীক খবৰ দিয়ে । গহপুৰ আৰক্ষী এটা দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহে প্ৰকৃত ঘটনা ।

স্থানীয় লোকে চিনাক্ত কৰা অনুসৰি যুৱতীগৰাকী আছিল নিকটৱৰ্তী অঞ্চলৰ চেঙাই গাঁৱৰ । স্থানীয় লোকে জানিবলৈ দিয়াৰ অনুসৰি চেঙাই গাঁৱৰ যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল হেমন্ত মহানন্দৰ । কিন্তু সেই প্ৰেমৰ স্বীকৃতি নোপোৱাৰ বাবে এই পথ বাচি ল'লে দুয়োৱে ।

দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে হেমন্তৰ পৰিয়ালৰ লোক অৱগত আছিল যদিও পৰিয়ালৰ হেঁচাত হেমন্তই নিজৰ প্ৰেমিকাক বিবাহ কৰাব নোৱাৰিলে । যাৰ ফলত যোৱা এসপ্তাহ ধৰি হেমন্তৰ পৰিয়াল আৰু পত্নীৰ পৰিয়ালৰ মাজত কিছু সংঘাত হোৱাৰ কথা গম পাইছিল স্থানীয় লোকে । সেইবাবেই শনিবাৰে নিশা হেমন্ত মহানন্দই চেঙাই গাঁৱৰ প্ৰেমিকাগৰাকীৰ সৈতে নিশাই অন্তৰ্ধান হয় আৰু এই সিদ্ধান্ত গ্ৰহণ কৰে । ইতিমধ্যে দুয়োটা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই কয়, "আমি সকলোৱে কৈ আছিলোঁ, অতদিনে ভাল পাই আছে পৰিয়ালৰ মানুহক মাতক আৰু বিয়াখন দিয়ক । আমিও লাগিলে সহায় কৰিম । ইফালৰ পৰা ল'ৰাটোৰ ঘৰৰ মানুহ তেওঁলোকৰ ঘৰলৈ যাব নোখোজে । অলপ জোৰ কৰাহেঁতেন ছাগে আহিলে হয় । কোনো ফালৰ পৰা একো নকৰাত আজি এইটো সিদ্ধান্ত ল'বলগীয়া হ'ল ।"

লগতে পঢ়ক: কাৰ গুলীয়ে ভেদিলে প্ৰণৱজ্যোতিৰ বুকু ? - FIRING IN LAKHIMPUR

খেলনা বুলি মৰ্টাৰৰে খেলি থাকোতেই হয় ভয়ংকৰ বিস্ফোৰণ, নিহত ছাত্ৰ - MORTAR BLAST IN TAMULPUR