ETV Bharat / state

যুৱতী-মহিলাসকলক কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:09 PM IST

Etv BharatAtmanirbhar Bharat
যুৱতী-মহিলাসকলক কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ

Atmanirbhar Bharat :ডিব্ৰুগড় জিলাৰ কছাৰী পথাৰ গাঁৱত আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ ৷ উন্নত মানৰ তাঁতশালৰ যোগান ধৰি অইল ইণ্ডিয়াৰ তত্বাৱধানত নামৰূপৰ নিকটৱৰ্তী এঘাৰখন গাঁৱৰ মহিলাক বয়ন শিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

যুৱতী-মহিলাসকলক কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ

মৰাণ, 23 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে ইতিমধ্যেই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে । দেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশেষকৈ মহিলাসকলৰ জড়িয়তে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । ফলস্বৰূপে স্বাৱলম্বী হোৱাৰ দিশে আগবঢ়িছে অসমীয়া মহিলা । নিজৰ কৰ্মৰাজিক ব্যৱসায়ীক ভিত্তিত আগবঢ়াই নিয়াৰ মানসেৰে একাংশ যুৱতী-মহিলা ওলাই আহিবলৈ পাৰিছে ৷ ইয়াৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে নাহৰকটীয়াৰ জয়পুৰত ৷

নামৰূপৰ স্বেচ্ছাসেৱী অনুষ্ঠান এল.বি ফাউণ্ডেচনৰ উদ্যোগত কছাৰী পথাৰ গাঁৱত আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ ৷ সমাজসেৱক অনন্ত বড়োৰ নেতৃত্বত এল.বি ফাউণ্ডেশ্যনে প্ৰায় এবছৰৰ পূৰ্বৰ পৰাই মহিলা সবলীকৰণ, বড়ো জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা আদি বিভিন্ন বিষয়ত কাম কৰি আহিছিল । এই ফাউণ্ডেশ্যনৰ এটা অংশ হিচাপে “পাহী” শীৰ্ষক মহিলা সবলীকৰণ গোটে বয়ন শিল্পত গুৰুত্ব প্ৰদান কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰত হস্ত তাঁতশালৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ বাচি লৈছিল ।

এল.বি ফাউণ্ডেশ্যনে এই প্ৰয়াসক অধিক মজবুত কৰি নামৰূপৰ কছাৰী পথাৰ গাঁৱত বয়ন শিল্পৰ এটা বৃহৎ ভৱন নিৰ্মাণ কৰে ৷ এই ভৱনত উন্নত মানৰ তাঁতশালৰ যোগান ধৰি অইল ইণ্ডিয়াৰ তত্বাৱধানত নামৰূপৰ নিকটৱৰ্তী এঘাৰখন গাঁৱৰ মহিলাক বয়ন শিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

মঙলবাৰে প্ৰশিক্ষণৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত লক্ষীনন্দন গগৈ, নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দুৰ্গাপ্ৰসাদ গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি । সকলোৱে আশা প্ৰকাশ কৰিছে এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে সকলো মহিলাক উপকৃত কৰিব ।

লগতে পঢ়ক: বাছ জব্দ কৰি সমৰ্থকক কিয় বাধা প্ৰদান কৰিছে পৰিবহণ বিভাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.