ETV Bharat / state

চহৰে-নগৰে ডাঙৰ স্ক্রীনত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা দেখুওৱাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 11:22 AM IST

চহৰে-নগৰে ডাঙৰ স্ক্রীনত ৰামমন্দিৰৰ প্ৰাণ প্রতিষ্ঠা দেখুওৱাৰ আয়োজন বিজেপিৰ । গুৱাহাটীত হৰিজন কল’নীত মুখ্যমন্ত্ৰীয়ে লাইভ চাব প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ ৷

Ram mandir inauguration live on big screen in Assam
চহৰে-নগৰে ডাঙৰ স্ক্রীনত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা দেখুওৱাৰ আয়োজন

গুৱাহাটী, 22 জানুৱাৰী : মাত্ৰ কিছু সময়ৰ পিচতেই উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । দেশ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ লগতে মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰিব । আন বিভিন্ন দল-সংগঠনৰ লগতে সমগ্র দেশৰ লগতে বিজেপিৰ উদ্যোগত অসমতো গ্রহণ কৰা হৈছে দিনজোৰা বিশেষ কাৰ্যসূচী । অসমতো দীপাৱলীসদৃশ পৰিৱেশ সৃষ্টিৰ প্রস্তুতি ইতিমধ্যে তুংগত উঠিছে । আজি পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰাজ্যৰ নামঘৰ আৰু মন্দিৰত নাম-প্ৰসংগ তথা পূজাৰ আয়োজন কৰা হৈছে ।

এই কার্যসূচীসমূহ স্থানীয় ৰাইজৰ সহযোগত ব্যাপকভাবে আয়োজনৰ ব্যৱস্থা কৰা হৈছে । প্রধানমন্ত্রীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়চোৱাত অসমৰ আকাশ-বতাহ নাম-প্রসংগ আৰু পূজা-অর্চনা-মন্ত্রোচ্চাৰণেৰে মুখৰিত কৰি তোলাৰ বাবে আহ্বান জনাইছিল ’শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্রাষ্টে’ ।

ইয়াৰ সমান্তৰালভাবে প্রতিজন লোককে নিজৰ নিজৰ ঘৰত, পদূলিত চাকি জ্বলাবলৈ আহ্বান জনোৱা হৈছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনাইছিল অনুৰূপ আহ্বান ৷ বিজেপিৰ সমান্তৰালভাবে ৰামভক্তৰ উদ্যোগত বিভিন্ন নামঘৰ, মন্দিৰ, বজাৰ বিভিন্ন ৰাজহুৱা স্থান আদিত ডাঙৰ স্ক্ৰীণ স্থাপন কৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী চোৱাৰ ব্যৱস্থা কৰা হৈছে ।

আজিৰ উদ্বোধনী আৰু প্ৰাণ প্রতিষ্ঠা কার্যসূচীক লৈ বাজপেয়ী ভৱনেও গ্রহণ কৰিছে বিশেষ তৎপৰতা । দলৰ কেন্দ্রীয় নেতৃত্বৰ নির্দেশত ইতিমধ্যে সাজু কৰিছে বিস্তৃত কাৰ্যসূচী । ইয়াৰ ভিতৰত অন্যতম হ’ল ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ । ইয়াৰ বাবে দলে বুথ পৰ্যায়ত ডাঙৰ স্ত্রীণ স্থাপন কৰি ৰাইজক ৰাম মন্দিৰৰ উদ্বোধনী কার্যসূচী দেখুওৱাৰ ব্যৱস্থা কৰিছে । স্থানীয় লোকক এই কাৰ্যসূচী চোৱাৰ বাবে আমন্ত্রণো জনাইছে ।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান যাতে ৰাইজে ঘৰতে বহি চাব পাৰে তাৰ প্ৰতি গুৰুত্ব দিছে বিজেপি দলে। দলীয নিৰ্দেশ অনুসৰি দলৰ প্ৰতিজন মন্ত্রী, সাংসদ আৰু বিধায়কে নিজৰ নিজৰ সমষ্টিত থাকি এই কাৰ্যসূচীৰ তদাৰক কৰিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ফটাশিল আমবাৰীৰ হৰিজন কল’নীত উপস্থিত থাকি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লাইভ চাব আজি দুপৰীয়া ১০.৪৫ বজাৰ পৰা ৷

আনহাতে ৰাম মন্দিৰৰ মূল উদ্বোধনী অনুষ্ঠানলৈ অসমৰ ৷ ২৯জন সত্ৰাধিকাৰ বিশেষভাবে আমন্ত্রিত হৈছে ৷ সত্ৰাধিকাৰৰ এটা দল ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছেগৈ ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ অন্য ধর্মীয় গুৰু, মন্দিৰৰ পুৰোহিত, বিভিন্ন জনজাতি সমাজৰ গুৰু, সন্ত আদিকো বিশেষভাবে আমন্ত্রণ জনোৱা হৈছে অযোধ্যালৈ ।

মুঠতে ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কার্যসূচীক বিজেপি দলে প্রতিঘৰ লোকৰ মাজলৈ লৈ গৈ সেই দিনটোত ৰাজ্যত এক অভূতপূর্ব পুৰিবেশৰ সৃষ্টি কৰাত ক’তো ত্ৰুটি ৰখা নাই ৷

লগতে পঢ়ক: বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.