ETV Bharat / state

ৰাজ্যত ২,৪৩,০১,৯৬০ গৰাকীলৈ বৃদ্ধি পালে ভোটাৰৰ সংখ্যা, প্ৰকাশ পালে চূড়ান্ত তালিকা

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 9:44 PM IST

Final Electoral Roll of Assam : ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল। ভোটাৰ তালিকাত নতুনকৈ সংযোজিত হৈছে ৭,২৬,৭৮৩ গৰাকী ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে ৭,২৭,২৯১গৰাকীৰ নাম। ৰাজ্যত বিশেষভাৱে সক্ষম ভোটাৰ আছে ১,৬৯,৬৬৮গৰাকী। ৰাজ্যত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৮,৬৪৫টা।

Final Electoral Roll of Assam
প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ ভোটৰ অংকত ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে ৷ যাৰ ফলত ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ৰাজনৈতিক দলসমূহৰ সমানে প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে নিৰ্বাচন আয়োগে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত প্ৰকাশ পালে ভোটাৰ তালিকা ৷

আজি ৰাজ্যিক নিৰ্বাচন আয়োগে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে ৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সম্বোধন কৰে এই সংবাদমেল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে প্ৰকাশ পালে নতুন ভোটাৰ তালিকা ৷ সংবাদমেলত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি ৰাজ্যৰ পূৰ্বৰ ভোটাৰৰ সংখ্যা 2,41,11,743 গৰাকী ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ সেই অনুসৰি ৰাজ্যত ভোটাৰৰ সংখ্যা 2,43,01,960 গৰাকীলৈ বৃদ্ধি হৈছে ৷ নতুনকৈ 7,26,783 গৰাকী ভোটাৰৰ নাম সংযোজিত হৈছে ভোটাৰ তালিকাত ৷

আনহাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে 7,27,291গৰাকীৰ নাম ৷ ৰাজ্যত বিশেষভাৱে সক্ষম ভোটাৰ আছে 1,69,668 গৰাকী ৷ ইফালে ৰাজ্যত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 28,645 টা ৷ ইপি ৰেচিঅ' হিচাপত ৰাজ্যৰ জনসংখ্যাৰ প্ৰতি হাজাৰত আছে 637 গৰাকীকৈ ভোটাৰ ৷ ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে দলগাঁও ৷ দলগাঁও সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 2,96,846 গৰাকী ৷ আনহাতে সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টিটো হৈছে আমগুৰি ৷ আমগুৰিৰ ভোটাৰৰ সংখ্যা 96,442 গৰাকী ৷

একেদৰে সৰ্বাধিক ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ধুবুৰী ৷ ধুবুৰীত ভোটাৰৰ সংখ্যা হৈছে 26,43,403 গৰাকী ৷ সৰ্বনিম্ন ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ডিফু ৷ ডিফুত ভোটাৰৰ সংখ্যা 8,92,789 গৰাকী ৷ ইফালে সংবাদমেল যোগে সকলোকে ভোটাৰ তালিকাত নাম পৰীক্ষাৰ বাবে আহ্বান জনায় মুখ্য নিৰ্বানী বিষয়া গোৱেলে ৷ বিষয়াগৰাকীয়ে জনোৱা মতে যিকোনো আপত্তি থাকিলে ভোটাৰে অনলাইনযোগে আবেদন কৰিব পাৰিব ৷ ভোটাৰ সকলে www.ceoassam.nic.in ৱেৱছাইটত আবেদন কৰিব পাৰিব অথবা ‘ভোটাৰ ছাৰ্ভিছ' এপতো দাখিল কৰিব পাৰিব আবেদন ৷ তদুপৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তো কৰিব পাৰিব আবেদন ৷

লগতে পঢ়ক : যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.