ETV Bharat / state

লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত জনতাই কি বিচাৰে ৰাজ্যিক বাজেটত ?

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:10 PM IST

Assam Budget 2024: সোমবাৰে অসম বিধান সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2024-25 বৰ্ষৰ অসম বাজেট ৷ এই বাজেটে যথেষ্ট তাৎপৰ্য বহন কৰিছে এইবাৰ ৷ কিয়নো সমুখত লোকসভা নিৰ্বাচন ৷ জনতাই বাজেটত কি আশা কৰে ? এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Assam Budget 2024
Assam Budget
ৰাজ্যিক বাজেট সন্দৰ্ভত সাধাৰণ নাগৰিকৰ প্ৰত্যাশা

গুৱাহাটী,‌ ৯ ফেব্ৰুৱাৰী: ১২ ফেব্ৰুৱাৰীত বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰা হ’ব । অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাত সেইদিনা দিনৰ ১১ বজাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব । অহা সোমবাৰে অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব তাকে লৈ বৰ্তমান চৰ্চা চলিছে । বাজেটক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল সংগঠনে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াইছে ৷ লগতে বিৰোধীয়ে মূল্য বৃদ্ধিক লৈও প্ৰতিবাদ কৰা দেখা গৈছে ।

সাধাৰণ মানুহ বিশেষকৈ গৃহিনী, ব্যৱসায়ী আৰু সাধাৰণ নাগৰিকে এই বাজেটত কি বিচাৰে সেই সন্দৰ্ভত একাংশ‌ নাগৰিকৰ কাষ চপা হৈছিল । বাজেট সন্দৰ্ভত গৃহিণী মিনাক্ষী কলিতাই কয় যে বাজেটৰ বিষয়ে তেওঁলোকৰ ইমান বিশেষ জ্ঞান নাই । কিন্তু এগৰাকী গৃহিণী হিচাপে ঘৰুৱা সামগ্ৰীৰ দাম হ্ৰাস হোৱাটো বিচাৰে । বিশেষকৈ ঘৰুৱা ৰন্ধন গেছৰ দাম হ্ৰাস হোৱাটো বিচাৰে তেওঁলোকে ।

তেওঁ লগতে কয় যে সোণৰ দাম‌ বহুত বৃদ্ধি পাইছে ।‌ সাধাৰণ মানুহে বিয়াৰ সময়ত সোণৰ অলংকাৰ ক্ৰয়‌ কৰিব নোৱৰা অৱস্থাৰ‌‌ সৃষ্টি হৈছে ।‌ গতিকে সোণৰ দাম হ্ৰাস কৰিব লাগে । যাতে সাধাৰণ মানুহে সকাহ পায় ৷

ব্যৱসায়ী সম্ৰাট সিনহাই কয় যে বয়‌-বস্তুৰ দাম নিয়ন্ত্ৰণ কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ স্বাৰ্থ আগত ৰাখি যাতে বাজেট দাখিল কৰে । লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ‌ সামগ্ৰীৰ যাতে দাম হ্ৰাস কৰে তাৰ বাবে চৰকাৰক আহ্বান জনায় ব্যৱসায়ীজনে ।

তেওঁ কয় যে বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যখণ্ডত চৰকাৰে অধিক মনোনিবেশ কৰে । ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ‌ কৰাৰ‌ পৰিৱৰ্তে যাতে চৰকাৰী চিকিৎসালয়ত সাধাৰণ মানুহে সহজেতে ভাল‌ চিকিৎসা পায় সেই ক্ষেত্ৰত বাজেট গুৰুত্ব দিব লাগে ।

ব্যৱসায়ী সিনহাই আৰু কয় যে ঋণৰ‌ বোজা‌ হ্ৰাস কৰি চৰকাৰে উন্নয়নমূলক কামৰ বাবে বাজেট নিৰ্ধাৰণ কৰা উচিত । কাপোৰৰ ব্যৱসায়ী বিশ্বনাথ সাহাই কয় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ‌ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগে ৷ তেওঁ লগতে কয় যে অনলাইন ব্যৱসায়ীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক ক্ষতিগ্ৰস্ত হৈছে । গতিকে চৰকাৰে অনলাইন ব্যৱসায়ীৰ‌ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ আৰোপ কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ সুৰক্ষাৰ উদ্দেশ্যে বাজেটত গুৰুত্ব দিব লাগে ।

অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল অশোক দাসে কয় যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বাজেটত অধিক ধন ধায্য কৰিব লাগে । কাৰণ এই দুয়োটা দিশ‌ অতি গুৰুত্বপূৰ্ণ । সাধাৰণ মানুহৰ স্বাস্থ্য আৰু শিক্ষাতে বেছি‌ ধন‌ খৰচ হয় । গতিকে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব‌ বুলি‌ তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখনীয় যে, প্ৰায় এমাহ জোৰা প্ৰস্তুতি তথা বিভিন্ন দল-সংগঠনৰ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰামৰ্শৰ ভিত্তিত এই বাজেট প্ৰস্তুত কৰা হৈছে । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি শাসিত চৰকাৰখনৰ বাজেট প্ৰকৃততে নিৰ্বাচনমুখী বাজেট হ’ব নেকি অথবা চৰকাৰ বাজেটৰ মূল লক্ষ্য কি হ’ব সেয়া নিশ্চয় লক্ষণীয় হ’ব ৷ ৰাজ্যত যিদৰে ৰন্ধন গেছৰ মূল্যকে আদি কৰি পেট্ৰ’ল, ডিজেল আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, ইয়ে জনসাধাৰণক চিন্তাত পোলাইছে ।

সকলোৱে এই বাজেটৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ ৰাখিছে যাতে ই জনকল্যাণমুখী হয় । সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন কৰিব পৰাকৈ এই বাজেট জনমুখী হ’ব নে সেইটো বাজেট দাখিলৰ পিছতহে অধিক স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.