ETV Bharat / state

সত্ৰৰ কাষত বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যক লৈ প্ৰতিক্ৰিয়া - Allegation of obscene dance

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:28 PM IST

বটদ্ৰৱাৰ পাৰ্শ্বৱৰ্তী দগাঁৱৰ এখন সত্ৰৰ কাষতেই উদ্দাম নৃত্যৰে অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ অশ্লীল নৃত্যৰ লগতে সত্ৰৰ কাষত অনুষ্ঠিত বাণিজ্য মেলা বন্ধ কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনাইছে সত্ৰখনৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় সচেতন লোকে ৷

OBSCENE DANCE NEAR SATRA
বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যক লৈ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)
উদ্দাম নৃত্যৰে অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ (ETV BHARAT ASSAM)

নগাঁও, 13 মে’ : বাণিজ্য মেলাৰ নামত নগাঁৱৰ জুৰীয়াত নিন্দনীয়, গৰিহণাযোগ্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ গুৰুজনাৰ পবিত্ৰ জন্মভূমি নগাঁৱৰ বটদ্ৰৱাৰ পাৰ্শ্বৱৰ্তী দগাঁৱৰ খোদ এখন সত্ৰৰ কাষতেই উদ্দাম নৃত্যৰে অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু কোনে কাৰ সাহসত সত্ৰৰ ভূমিত বাণিজ্য মেলাৰ নামত এইদৰে অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল ?

স্থানীয় লোকৰ অভিযোগ অনুসৰি দগাঁৱৰ এটা চক্ৰই জুৰীয়াৰ দগাঁওস্থিত শ্ৰী শ্ৰী বালি ভুঁই বৰ এলেঙী সত্ৰৰ নিচেই কাষতেই আয়োজন কৰিছে বাণিজ্য মেলাৰ ৷ কিন্তু বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যৰে সামাজিক পৰিবেশ বিনষ্ট কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ৷ বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যৰে সভ্য সমাজক লজ্জানত কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় হিন্দু, মুলছমান সমাজৰ লগতে অসম সত্ৰ মহাসভা ৷ অশ্লীল নৃত্যৰ লগতে সত্ৰৰ কাষত অনুষ্ঠিত বাণিজ্য মেলা বন্ধ কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনাইছে সত্ৰখনৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় সচেতন লোকে ৷

উল্লেখযোগ্য যে সত্ৰ পৰিচালনা সমিতিৰ আপত্তি আৰু স্থানীয় ধৰ্মীয় অনুষ্ঠানৰ আপত্তিৰ ভিত্তিত বিতৰ্কিত বাণিজ্য মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে প্ৰয়োজনীয় অনুমতি নাকচ কৰিছিল বুলিও জানিব পৰা গৈছে ৷ কিন্তু তাৰ পাচতো কিদৰে সত্ৰৰ ভূমিত বাণিজ্য মেলাৰ আয়োজন কৰি উদ্দাম আৰু অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছে সেয়া সকলোৰে বাবে এক ডাঙৰ প্ৰশ্ন ৷ অশ্লীল নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠিত বাণিজ্য মেলা বন্ধ কৰিবলৈ বিভিন্ন সামাজিক সংগঠনে ফোনযোগে স্থানীয় প্ৰশাসনক দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ ইফালে বাণিজ্য মেলাৰ নামত সত্ৰৰ কাষত অশ্লীল নৃত্য প্ৰদৰ্শন কৰি সামাজিক পৰিবেশ বিনষ্ট কৰি অহাৰ পিচতো স্থানীয় আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : চাহ কোম্পানীৰ শোষণৰ বলি চাহ শ্ৰমিক : নাহৰতলি চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.