ETV Bharat / state

ধোঁৱাচাঙত উন্নয়ন; লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দল-সংগঠনৰ - Allegation of corruption

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 2:17 PM IST

Corruption in Road Construction : লোকনিৰ্মাণ বিভাগৰ অধীনত পকী পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ । অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ।

allegation of corruption in road construction in Jonai
ধোঁৱাচাঙত উন্নয়ন; লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দল-সংগঠনৰ (ETV Bharat Assam)

জোনাই, 11 জুন : দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ সক্ষম হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰি আহিলেও বাস্তৱত তাৰ সম্পূৰ্ণ বিপৰীত ছবিখনহে পৰিলক্ষিত হৈছে ৷ জোনাইৰ লুহিজানৰ পৰা বেৰা চাপৰি সংযোগী পথৰ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘৰ এটা পকী পথ পুনৰ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি, প্ৰায় 80 লাখ টকা ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা সংশ্লিষ্ট পথচোৱা নিৰ্মাণৰ কাম চলি থকাৰ মাজতে এফালৰ পৰা চপৰা চপৰে উঠি গৈছে ব্লেক টেপিংবোৰ । ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাৰ গোপন মিতিৰালিৰ বাবেই নিৰ্মীয়মাণ অৱস্থাতে পথচোৱাৰ এই অৱস্থা হোৱা বুলি স্থানীয় লোকে দাবী কৰিছে ৷

নিজৰ জেপ গৰম কৰাৰ মানসিকতাৰে ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাই অতি নিম্নমানৰ সামগ্ৰী পথচোৱা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা বুলিও দাবী কৰিছে স্থানীয় লোকে ৷ পথচোৱা নিৰ্মাণত শিলৰ পৰিৱৰ্তে কেৱল বালি-মাটিহে ব্যৱহাৰ কৰা বুলি স্থানীয় লোকে অভিযোগ তুলিছে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ সমগ্ৰ ঘটনাটোক গৰিহণা দিছে সমিতিয়ে ৷ লগতে অতি শীঘ্ৰে দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে ৷ তদুপৰি, পকীপথটো পুনৰ নিৰ্মাণৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিচতেই ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ঠিকাদাৰ বা বিভাগীয় বিষয়াই কোনো ধৰণৰ অনিয়ম সংঘটিত কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ উপৰিও আঁচনি ৰূপায়ণৰ ধন আত্মসাৎ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিছিল ৷ কিন্তু বাস্তৱত নীতি-নিৰ্দেশনা সকলো ভেল্কিবাজীত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Corruption in road construction : পথ নিৰ্মাণত অনিয়ম; ক্ষুব্ধ অসম চাহ জনজাতি ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.