ETV Bharat / state

কা বলৱৎ: জ্বলিবলৈ আৰম্ভ কৰিছে সমগ্ৰ ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 11:03 PM IST

Protests lined up in Assam against CAA notification
কা'ৰ প্ৰতিলিপি দাহ কৰি নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Citizenship Amendment Act 2019: নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত উত্তাল ৰাজ্য ৷ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে আছুকে ধৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সমান্তৰালভাবে আইনী যুঁজো চলাই নিয়াৰ দাবী বিভিন্ন সংগঠনৰ ।

কা'ৰ প্ৰতিলিপি দাহ কৰি নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক, ১১ মাৰ্চ: লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ কিছুদিন পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ কা কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰিছে ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল । আজি কেন্দ্ৰীয় চৰকাৰে কা কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰাৰ পাচতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁও:

কা কাৰ্যকৰীকৰণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা ছাত্ৰ সংন্থা । নগাঁৱৰ উৰীয়াগাঁও চকত জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ কা বিৰোধী আন্দোলনত অসমৰ পাঁচজনকৈ শ্বহীদ হোৱাৰ পিছতো জাতিধ্বংসী কা কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিলেও অসমত কা' কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ।

কলিয়াবৰ:

জখলাবন্ধাৰ ৰাজপথত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিষদৰ এই প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰে যাতায়ত ব্যৱস্থা ৷ অৱশেষত জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে প্ৰতিবাদ ৷ জখলাবন্ধা আৰক্ষীৰ লগত হতাহতিও লাগে প্ৰতিবাদকাৰীৰ ।

কলাইগাঁও:

কা বিধি বলৱৎ হোৱাৰ লগে লগে কলাইগাঁৱত আছুৱে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । কলাইগাওঁ চহৰৰ মাজমজিয়াত কলাইগাওঁ আঞ্চলিক ছাত্র সন্থাৰ সদস্যসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । আছুৰ সদস্যসকল CAA কোনো কাৰণতে নামানো বুলি অসম চৰকাৰক সকীয়নী প্ৰদান কৰে ।

ডিব্ৰুগড়:

কা গৃহিত হোৱাৰ লগে লগে উত্তাল হৈ পৰিছে ডিব্ৰুগড়ৰো ৰাজপথ । ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড়ত আছুৱে কা ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । একেদৰে ডিব্ৰুগড় চহৰৰ চৌকিডিংঙী চাৰিআলিত ডিব্ৰুগড় জিলা ছাত্র সন্থাই জিলা ছাত্র সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা চৌকিডিংঙী চাৰিআলিলৈকে প্ৰতিবাদী সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে । একেদৰে দুলীয়াজান, বৰবৰুৱা, নাহৰকটীয়া, নামৰূপ ৰাজপথতো কা প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।

গোলাঘাট:

কেন্দ্ৰীয় চৰকাৰে আজি নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী প্ৰকাশ কৰাৰ পাছত গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে । তাৰ অংশৰূপে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মৰিগাঁও:

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মৰিগাঁৱতো সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিছ জাতীয় সংগঠন উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে কা বিৰোধী আন্দোলন । ইয়াৰ অংশ ৰূপে সোমবাৰে সন্ধিয়া মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁৱত কাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে ।

নলবাৰী:

দেশত কা' বলবৎ হোৱাৰ পিছতেই নলবাৰী চহৰত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰী জিলা আছুয়ে কাৰ প্ৰতিলিপি দাহ কৰি চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে এন টি ৰোডত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে ৷ আছু আৰু অন্যান্য ত্ৰিশটা সংগঠনে কা ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব যোৱাৰ লগতে আইনী যুঁজো সমানে চলাই নিয়াৰ কথা সদৰী কৰে ।

যোৰহাট:

যোৰহাটৰ জে বি কলেজৰ সন্মুখত যোৰহাট জিলা ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্র সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম সেনাই । ইতিমধ্যে কা বিৰোধী প্ৰতিবাদ ৰোধ কৰাৰ বাবে যোৰহাট জিলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । আইন শৃংখলা বিঘ্নিত হোৱাৰ আংশকাত জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন পোছাকত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.