ETV Bharat / state

আঁচনি আছে; পানীহে নাই: ক্ষোভিত ৰাইজৰ প্ৰতিবাদ - Drinking water crisis

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 8:16 AM IST

Water Supply problem : খোৱাপানীৰ সমস্যাত ৰাজ্যবাসী ৷ বিশুদ্ধ খোৱাপানীৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভুক্তভোগীৰ প্ৰতিবাদ ৷

Protests in Dhemaji and Golaghat demanding clean drinking water
আঁচনি আছে; পানীহে নাই: ক্ষোভিত ৰাইজৰ প্ৰতিবাদ (Etv bharat assam)

গোলাঘাট/ধেমাজি, 25 মে’ : জেঠমহীয়া প্ৰখৰ ৰ’দকো নেওচি পানীৰ দাবীত প্ৰতিবাদ ভুক্তভোগী ৰাইজৰ ৷ 2014 চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত তেতিয়াৰ খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিস্মিতা গগৈৰ কাৰ্যকালত বৃহত্তৰ খুমটাই সমষ্টিৰ জনসাধাৰণৰ বাবে বিশুদ্ধ খোৱা পানীৰ যোগান দিয়াৰ উদ্দেশ্যে আধাৰসত্ৰত ধনশিৰি নদীৰ পাৰত এটা বৃহৎ পানী যোগান আঁচনিৰ কামৰ শুভাৰম্ভণি হৈছিল । দুৰ্ভাগ্যজনকভাৱে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ'ল এই পানী যোগান আঁচনি ।

আঁচনি আছে; পানীহে নাই: ক্ষোভিত ৰাইজৰ প্ৰতিবাদ (Etv bharat assam)

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ লৌহ আৰু আৰ্চেনিক প্ৰশমণ সংযুক্ত এই বৃহত্তৰ পানী যোগান আঁচনিৰ মুখ্য প্ৰৱেশ দ্বাৰত দেখা গৈছে এটা প্ৰকাণ্ড তলা । 58 কোটি টকা চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ জৰিয়তে খুমটাই সমষ্টিৰ প্ৰায় 50 খন গাঁৱৰ ৰাইজৰ বাবে আৰ্চেনিক মুক্ত বিশুদ্ধ খোৱা পানীৰ যোগান সম্ভৱ হৈ উঠিলহেঁতেন । কিন্তু ইয়াৰ বিপৰীতে পৰি ৰৈছে পানী যোগানৰ বাবে অনা বৃহৎ বৃহৎ পাইপ ।

তাৰোপৰি ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ নিবিদা প্ৰাপ্ত কোম্পানী গৌতম কনষ্ট্ৰাকচনে পথ নিৰ্মাণৰ বাবে এই পানী যোগান প্ৰকল্পৰ পাইপসমূহ খান্দি ভাঙি নষ্ট কৰাৰো অভিযোগ উত্থাপিত হৈছে । অসমৰ মুখ্যমন্ত্ৰী তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক আঁচনিখন সোনকালে ফলপ্ৰসূ কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

ধেমাজিতো সদৃশ পৰিৱেশ :

আনহাতে বিশুদ্ধ খোৱাপানীৰ সমস্যাত ভুগিছে ধেমাজিবাসীও ৷ জিলাখনত প্ৰহসনত পৰিণত হৈছে জলজীৱন আঁচনি ৷ জলজীৱন আঁচনি হায় হায় , ঠিকাদাৰৰ দাদাগিৰি নচলিব, জলজীৱন আঁচনিৰ নামত লুণ্ঠন বন্ধ কৰক, জলজীৱন আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰক আদি শ্ল’গানেৰে বৃহস্পতিবাৰৰ বিয়লি ধেমাজি 2 নং বৰাচিৰাত জলজীৱন আঁচনিৰ প্ৰকল্পস্থলীৰ সন্মুখত প্ৰতিবাদ জনায় স্থানীয় ৰাইজে ৷

Protests in Dhemaji and Golaghat demanding clean drinking water
ধেমাজিত ক্ষোভিত ৰাইজৰ প্ৰতিবাদ (Etv bharat assam)

অভিযোগ মতে, পিছপৰা অঞ্চলটোত ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে যোৱা 2020-21 বৰ্ষতেই সংশ্লিষ্ট বিভাগে কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত এটোপাল পানী নাপালে ৰাইজে ৷ এই বিষয়ে স্থানীয় ৰাইজে ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক অৱগত কৰিছিল যদিও কেৱল আশ্বাস প্ৰদান কৰিয়ে বিভাগে দায় সাৰিলে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷ ফলত দিনৰ পিছত দিন বাগৰিল যদিও পানী নাপালে ৰাইজে ।

বিভাগীয় বিষয়া আৰু ঠিকাদাৰে মিলি লুণ্ঠন কৰাৰ পৰিণতিতে এনেদৰে আঁচনিখন অকাৰ্যক্ষম হৈ থাকিল বুলি অভিযোগ তুলিছে প্ৰতিবাদী ৰাইজে ৷

লগতে পঢ়ক: জল জীৱন আঁচনিৰ নামত যোগান ধৰিছে বোকাপানী ! - Water Supply Scheme In Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.