ETV Bharat / state

শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে লখিমপুৰত জয় শ্ৰীৰাম ধ্বনি

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:52 PM IST

Pran Pratistha of Ramlala: অৱশেষত বহু প্ৰত্যাশিত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ সোমবাৰে সমাপন হয় । এই লৈ সমগ্র দেশতেই সৃষ্টি হয় ধৰ্মীয় উত্তাল পৰিবেশ । নগৰৰ ঠাকুৰবাৰী মন্দিৰত বিশাল আয়োজনেৰে অযোধ্যাৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।

Pran Pratistha of Ramlala
হিন্দু যুৱ ছাত্র পৰিষদৰ সমদল
হিন্দু যুৱ ছাত্র পৰিষদৰ সমদল

লখিমপুৰ, ২২ জানুৱাৰী: ৰামময় চৌদিশ । চৌদিশে কেৱল গগন বিয়পা জয় শ্ৰীৰাম ধ্বনি । পূজা,আৰতি,শোভাযাত্রা, শংখ নিনাদৰ ধ্বনিত মুখৰিত আকাশ-বতাহ । আকাশ-বতাহ কঁপাই আয়তীৰ উৰুলি,শংখ নিনাদৰ ধ্বনিৰ সমানে জয় শ্ৰীৰাম ধ্বনি । সমগ্ৰ দেশতে আজি এনে পৰিবেশ বিৰাজ কৰিছে । আন ঠাইৰ দৰে লখিমপুৰতো একেই পৰিবেশে বিৰাজ কৰে ।

অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে জয় শ্ৰীৰাম ধ্বনিত আকাশ বতাহ কঁপি উঠে । বিভিন্ন মন্দিৰ আদিত পূজা- অৰ্চনা, শংখ, ডবা কাহৰ ধ্বনি, আয়তীৰ উৰুলিত মুখৰিত হৈ পৰে । লখিমপুৰৰ বিভিন্ন স্থানত এনে পৰিবেশ সৃষ্টি হয় । নগৰৰ ঠাকুৰবাৰী মন্দিৰত বিশাল আয়োজনেৰে অযোধ্যাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰা হয় । অসংখ্য লোকৰ সমাগমে মন্দিৰটোত বিৰ দি বাট নোপোৱা পৰিবেশ সৃষ্টি হয় ।

আনহাতে, হিন্দু যুৱ ছাত্র পৰিষদে নগৰৰ মাজেৰে এক সমদল উলিয়াই । নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা হিন্দু যুৱ ছাত্র পৰিষদে সমদল উলিয়াই সমগ্র নগৰখন পৰিভ্ৰমণ কৰে । জিলাখনত এনে পৰিবেশত যাতে বিঘিনি ঘটিব নোৱাৰে তাৰ বাবে চৌদিশে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোকক নিয়োগ কৰা হয় । স্পৰ্শকাতৰ এলেকা সমূহত চোকা দৃষ্টি ৰাখে আৰক্ষী প্ৰশাসনে । আজিৰ ঐতিহাসিক দিনটো স্মৰণীয় কৰি ৰাখিবলৈ বিভিন্ন ধৰ্মানুষ্ঠানে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে । ইয়াৰ সমানে আধ্যাত্মিক কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য় যে কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.