ETV Bharat / state

জনসমুদ্ৰত পৰিণত যোৰহাট নগৰৰ ঠাকুৰবাৰী

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 7:14 PM IST

Pran Pratistha of Ramlala: অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ সোমবাৰে সমাপন হয় । ৫০০ বছৰৰ অন্তত অযোধ্যাত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে দেশত সৃষ্টি হয় ধৰ্মীয় উত্তাল পৰিবেশৰ ।

Pran Pratistha of Ramlala
যোৰহাট নগৰৰ গড়আলিত শোভাযাত্ৰা
যোৰহাট নগৰৰ গড়আলিত শোভাযাত্ৰা

যোৰহাট, ২২ জানুৱাৰী: অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে জয় শ্ৰীৰাম ধ্বনিত আকাশ বতাহ কঁপি উঠে । ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে জনসমুদ্ৰত পৰিণত হয় যোৰহাট নগৰৰ গড়আলি-ঠাকুৰবাৰী । ৰাজপথৰ পৰা ভাহি আহিল মাথো জয় শ্ৰীৰাম ধ্বনি । সমগ্ৰ দেশত এতিয়া পাৰভঙা উছাহ । কাৰণ ৫০০ বছৰ বিৰতিৰ অন্তত অযোধ্যাত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰামলালাৰ । এই দিনটোলৈ সমগ দেশবাসীয়ে আশাৰে বাট চাই আছিল । বিভিন্ন মন্দিৰ আদি পূজা- অৰ্চনা, শংখ, ডবা-কাহৰ ধ্বনি, আয়তীৰ উৰুলিত মুখৰিত হৈ পৰে ।

আজি যোৰহাট মাৰোৱাৰী ঠাকুৰবাৰীৰ পৰা শ্ৰীৰামৰ পতাকা,অন্যান্য কৃষ্ঠি সংস্কৃতিৰ প্ৰতীক লৈ নগৰৰ মাজেৰে উলিওৱা হয় এক শোভাযাত্ৰা । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে হেজাৰ হেজাৰ লোকে । উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে স্বেচ্ছাই ওলাই আহিল যোৰহাটবাসী । সকলোৰে মুখত এটাই শব্দ জয় শ্ৰীৰাম । যোৰহাট নগৰত ৰাইজৰ শোভাযাত্ৰাৰ ফলত স্তব্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যোগাযোগ ব্যৱস্থা ।

ৰাজ্য চৰকাৰে পালন কৰিবলৈ কোৱা সকলো নীতি নিৰ্দেশনা আখৰে আখৰে পালন কৰিলে যোৰহাটবাসী ৰাইজে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে যোৰহাটৰ ৰাজপথত আতচবাজী ফুটাই সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱা এই দিনটোত সকলোৱে ধূপ -চাকি-বন্তি জ্বলালে পদুলিৰ মুখৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত । কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷

লগতে পঢ়ক:শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে লখিমপুৰত জয় শ্ৰীৰাম ধ্বনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.