ETV Bharat / state

আভিজাত্যৰ মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া বেহা; আৰক্ষীৰ জালত চাৰি অভিযুক্ত

নাৰী দেহৰ ৰমৰমীয়া বেহা চলোৱা জয়ানগৰৰ বাপ্তিছ ইন গেষ্ট হাউছৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ লগতে তিনি সহযোগীক গ্ৰেপ্তাৰ ।

Guwahati Sex Racket Busted
বাপ্তি হাজৰিকাক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 11:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মহানগৰীত এগৰাকী সুন্দৰীৰ দেহৰ মূল্য এতিয়া ছয় হেজাৰ টকা । জয়ানগৰৰ গেষ্ট হাউছত চলি আছিল নাৰী দেহৰ ৰমৰমীয়া বেহা । বাপ্তি হাজৰিকাৰ নেতৃত্বত ১০ গৰাকী যুৱতীৰ সৈতে মহানগৰীত চলাই গৈছিল দেহ ব্যৱসায় । ৰাজনৈতিক নেতাৰ পৰা শীৰ্ষ আমোলা এই সুন্দৰীৰ নিশাৰ সংগী হয় । মহানগৰীৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ।

বাপ্তিছ ইন নামৰ গেষ্ট হাউছৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ বিৰুদ্ধে উঠিছিল এই অভিযোগ । বিগত দুটা দিনত এই গেষ্ট হাউছটোৰ নাম উল্লেখ থকা এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমৰ লগতে প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত । সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আজি (মঙলবাৰ) মহানগৰীৰ জয়নগৰস্থিত গেষ্ট হাউছটোত চলে আৰক্ষীৰ অভিযান ।

আভিজাত্যৰ মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া বেহা (ETV Bharat Assam)

পূব গুৱাহাটী আৰক্ষী জিলাৰ DCP মৃণাল ডেকাৰ নেতৃত্ব চলা এই অভিযানত আজি বশিষ্ঠ আৰক্ষীয়ে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে, জয়ানগৰৰ বাপ্তিছ ইন নামৰ গেষ্ট হাউছত বাপ্তি হাজৰিকাই বিগত ৮ মাহে চলাই আহিছিল দেহ ব্যৱসায় । কেইবাগৰাকী যুৱতীক হাজৰিকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত । গুৱাহাটীত দুটা ফ্লেটত ৰাখিছিল এই যুৱতীসকলক ।

এই সন্দৰ্ভত পূব গুৱাহাটী আৰক্ষী জিলাৰ DCP মৃণাল ডেকাই কয়, ''এই সন্দৰ্ভত যোৱা কালিৰে পৰা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আজি আমি মহানগৰীৰ ৰেচম নগৰত থকা বাপ্তি গেষ্ট হাউচত অভিযান চলাইছিলো । তাৰ পিছত অনুসন্ধান কৰি গেষ্ট হাউচৰ স্বত্বাধিকাৰীৰ বাপ্তি হাজৰীকাৰ লগতে অন্য ৩ গৰাকীক গ্ৰেপ্তাৰ কৰা হয় । লগতে ৩ গৰাকী ভিক্টিমক (ভুক্তভোগী) ৰিকভাৰ কৰা হৈছে ।''

''গ্ৰেপ্তাৰ হোৱাসকল হৈছে বাপ্তি হাজৰীকা (গহপুৰ), ৰিতুমণি গোহাঁই ৰাভা (হেঙেৰাবাৰী), জোনালী চৌহান (ধেমাজি), ৰিয়া দাস (চিলাপথাৰ) । এই ৪ জনে চলাই আছিল সমগ্ৰ ব্যৱসায়টো । এই ঘটনাৰ লগত আৰু জড়িত থকাৰ সন্দেহ আছে । এই কাম কৰিবলৈ বাপ্তি গেষ্ট হাউচৰ লগতে অন্য গেষ্ট হাউচো ব্যৱহাৰ কৰিছিল ।'' ডেকাই কয় ।

DCP মৃণাল ডেকাই কয় আৰু কয়, ''আমি আজি অভিযানকালত চিচিটিভিৰ ভিজুৱেল আৰু গেষ্ট হাউচটোৰ ৰেজিষ্টাৰ জব্দ কৰিছো । অভিযোগ পালে অন্য প্ৰান্তত অভিযান চলিব । ৮ মাহ ধৰি চলাইছিল এই ব্যৱসায় । বাপ্তি হাজৰিকাৰ ঘৰ গহপুৰত ।''

''যিকেইগৰাকী যুৱতীক এই ব্যৱসায়ত তেওঁলোকৰ বয়স 20 ৰ পৰা 28 বছৰ । বৰ্তমান সমগ্ৰ ঘটনাটো প্ৰাথমিক পৰ্যায়ত আছে। অনুসন্ধানত যি পোহৰলৈ আহে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।'' তেওঁ কয় ।

উল্লেখ্য যে, এই দেহ ব্যৱসায়ৰ অন্যতম সহযোগী বাপ্তি হাজৰিকাৰ দুই প্ৰেয়সী । চাকৰিৰ প্রলোভনেৰে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল যুৱতীক । হাজৰিকাৰ টার্গেট আছিল কামৰ সন্ধানত গাঁৱৰ পৰা গুৱাহাটীলৈ অহা একাংশ যুৱতী ।

খবৰ অনুসৰি জয়ানগৰৰ বাপ্তিছ ইনত চলা দেহ ব্যৱসায়ৰ ফলত অসুস্থ ৩-৪ গৰাকী যুৱতী। বিভিন্ন ৰোগত ভুগি গেষ্ঠ হাউছৰ পৰা পলাই যাবলৈও বাধ্য হৈছে যুৱতী কেইগৰাকী ।

লগতে পঢ়ক : সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্রত পৰিণত হৈছে শৃংখল : বীৰ লাচিত সেনালৈ অখিল গগৈৰ পত্ৰ