ETV Bharat / state

সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্রত পৰিণত হৈছে শৃংখল : বীৰ লাচিত সেনালৈ অখিল গগৈৰ পত্ৰ

শৃংখল চলিহাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত বীৰ লাচিত সেনাৰ মুখ্য সচিবলৈ অখিল গগৈৰ প্ৰশ্ন ।

Communal mouthpiece
শৃংখল চলিহা- অখিল গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 10:29 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : উজনী অসমৰ শিৱসাগৰত বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ ৰণচালিয়ে শেহতীয়াকৈ উত্তাল কৰি ৰাখিছে অঞ্চলটোৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ । নেতৃত্ব লৈছে শৃংখল চলিহা নামৰ বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ৷

''উজনি অসমৰ পৰা মিঞা যাবই লাগিব ।'' এই দাবীৰে শিৱসাগৰ উত্তাল কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । তাৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

অখিল গগৈক উভতি ধৰিছে শৃংখল চলিহাই । তাৰ পিছতেই মঙলবাৰে গগৈয়ে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনলৈ শৃংখল চলিহাৰ পত্ৰক লৈ লিখিছে এখন মুকলি চিঠি । ৰণ্টু পানীফুকনক 'ভাই’ সম্বোধন কৰি লিখিছে এই পত্ৰখন ।

Communal mouthpiece
অখিল গগৈৰ পত্ৰ (ETV Bharat)

জনতাৰ লগত সংঘর্ষ কৰাটো কোনো গণতান্ত্রিক সংগঠনৰ লক্ষণ নহয় :

বীৰ লাচিত সেনালৈ অখিল গগৈৰ প্ৰশ্ন - শৃংখল চলিহাৰ 'মিঞা বিৰোধী’ অভিযানৰ শেহতীয়া মন্তব্যসমূহক জাতীয় সংগঠনৰ নেতাৰ পৰিৱৰ্তে উগ্ৰ সাম্প্ৰদায়িক ৰাজনৈতিক নেতাৰ বক্তব্য আখ্যা দিছে ।

অখিল গগৈয়ে বীৰ লাচিত সেনাৰ সচিবজনলৈ লিখিছে, “শৃংখলৰ তলত দিয়া ভিডিঅ'টোৰ বক্তব্যখিনি শুনি লওঁচোন । তাৰ এই বক্তব্য এটা জাতীয় সংগঠনৰ নেতাৰ বক্তব্য হৈছে নে এজন উগ্র সাম্প্রদায়িক ৰাজনীতিকৰ বক্তব্য হৈছে ? এই বক্তব্য সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ উচতনি নহয়নে ? যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ তেন্তে পুলিচ আৰু প্ৰশাসনক সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দি পুলিচৰ বা চৰকাৰৰ দ্বাৰা খেদোৱা উচিত । মানুহৰ ভাৰাঘৰত সংগঠনৰ ল'ৰাই নিজে বিদেশী বিচাৰি গ'লে সম্প্রীতি বিঘ্নিত হ'ব । তই নিশ্চয় সংগ্ৰামৰ এটা মৌলিক নীতি অৱগত যে সর্বসাধাৰণ মানুহ নহয়, চৰকাৰহে সকলো সংগঠনৰ হেঁচাৰ লক্ষ্য হোৱা উচিত । কোনো সংগ্রামী লক্ষ্য পূৰণৰ বাবে চৰকাৰৰ বিৰুদ্ধেহে আমাৰ প্ৰতিবাদ গঢ়ি তোলা উচিত; জনতাৰ লগত সংঘর্ষ কৰাটো কোনো গণতান্ত্রিক সংগঠনৰ লক্ষণ নহয় ।”

Communal mouthpiece
শৃংখল চলিহা (ETV Bharat)

শৃংখলে কৰা কামবোৰ বিজেপি-আৰআৰএছে বিচাৰি আছে :

শিৱসাগৰত শৃংখলে এইকেইদিন যিবোৰ কথা আৰু কাম কৰিছে সেইবোৰ সাম্প্রদায়িক সংঘর্ষ সৃষ্টিকাৰী উচতনিমূলক কাম, যিবোৰ কাম কৰাটো বা কৰোৱাটো বিজেপি-আৰআৰএছে বিচাৰি আছে । এই মন্তব্য অখিল গগৈৰ । কেৱল সেয়ে নহয়, শৃংখল চলিহাৰ কেইটামান মন্তব্য উচটনিমূলক বক্তব্যৰ উদাহৰণ উল্লেখ কৰি দিছে অখিল গগৈয়ে ।

শৃংখল চলিহাৰ বিতৰ্কিত ৮ টাকৈ মন্তব্য অখিল গগৈয়ে পত্ৰত উল্লেখ কৰিছে । অখিল গগৈয়ে উল্লেখ কৰা শৃংখল চলিহাৰ উচতনিমূলক মন্তব্যসমূহ :

“১) সম্প্রীতি শেষ, যুদ্ধ হ'ব ।

২) সম্প্রীতি- সম্প্রীতি এতিয়া শিৱসাগৰত শেষ, যুদ্ধ হ'ব ।

৩) চেলেঞ্জ কৰিছো- দম আছে যদি তহঁতি আহিব লাগিব- ক'ত লাগিবি কবি ।

৪) যদি শিৱসাগৰ জ্বলে জ্বলিব ।

৫) আৰু যদি মুখামুখি সংঘর্ষ বিচাৰিছে, হ'ব সংঘর্ষ । ক'ত লাগিব এইটো ক'লেই হ'ল ।

৬) সম্প্রীতি দেখুৱাৰ ঠিকা লৈ থৈছো নেকি ?

৭) কিহৰ সম্প্রীতি সদায় সদায় ?

৮) তাৰ কাৰণে যুদ্ধ হ'ব । প্রয়োজনত হেংদাং হ'ব । আৰু প্রয়োজনত যদি আৰু কিবা বিকল্প চিন্তা কৰিব লাগে, বিকল্প কিবা চিন্তা হ'ব । কিন্তু যুদ্ধতো হ'বই ।"

সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্র হৈ পৰিছে শৃংখল :

অখিল গগৈয়ে বীৰ লাচিত সেনাৰ সচিবগৰাকীলৈ লগতে কৰিছে বিস্ফোৰক মন্তব্য ৷ অখিলৰ অভিযোগ যে শৃংখল চলিহা সাম্প্ৰদায়িক উচতনি দিয়া যন্ত্ৰলৈ পৰিণত হৈছে ।

গগৈৰ মন্তব্য, “বাকী ভিডিঅ'টো চালে তই নিজে গম পাবি । শৃংখলে গণতান্ত্রিক সংগঠনৰ মৌলিক নীতি-মানুহ নহয়, আক্ৰমণৰ লক্ষ্য হ'ব লাগে চৰকাৰ অথবা ৰাষ্ট্ৰ- এই নীতিৰ পৰা আঁতৰি আহি সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্রত পৰিণত হৈছে । আশা কৰো সুচিন্তিত সিদ্ধান্ত ল'বি । অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সাম্প্রদায়িক ফেচিবাদৰ যুগটোত তহঁতৰ সংগঠনৰ ভূমিকাটো ফেচিবাদৰ পক্ষত আছিল বুলি যেন লিখিত নহওক ।”

Communal mouthpiece
অখিল গগৈ (ETV Bharat)

উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভোট সংগ্ৰহৰ অস্ত্ৰ মাত্র ! :

বিদেশীৰ বিৰুদ্ধে হুংকাৰৰ নামত শৃংখল চলিহাই ধৰা ৰণচালিৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয় যে উগ্ৰ সাম্প্ৰদায়িকতাৰ জৰিয়তে বিদেশী সমস্যাৰ সমাধান অসম্ভৱ ৷

গগৈৰ মন্তব্য, “আমাৰ দলে বিদেশী বিতাৰণ বিচাৰো, বিচাৰো মানে জোৰদাৰকৈ বিচাৰো, ক্ষমতালৈ আহিলে বিদেশী খেদিমেই, কিন্তু উগ্র সাম্প্রদায়িক বিজেপিৰ জৰিয়তে (যি নিজে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আইন আনে) বিদেশী সমস্যৰ সমাধান অসম্ভৱ বুলি ভাবো । বিজেপিয়ে ৯ বছৰ শাসন কৰিলে, কিন্তু এটাও বিদেশী নেখেদিলে । যদি অসমত ১ কোটি বিদেশী আছে চৰকাৰে কি কৰি আছে ? বিদেশী চিনাক্ত কৰিবলৈ এনআৰচিখন কিয় সম্পূৰ্ণ কৰা নাই বিজেপিয়ে ? যোৱা ২০১৪ চনৰ ১৬ মে'ত বিদেশীক বিতাড়নৰ প্রতিশ্রুতি দি কূটা এডালো নলৰাই বিজেপি চৰকাৰে ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে মুছলমান মানুহৰ কেইটামান ঘৰ উচ্ছেদ কৰি বিদেশী সমস্যা সমাধান কৰিব বুলি যদিহে কোনোবাই ভাবিছে সেয়া হয় অকৰামি (naive), নহয় মতলববাজীৰ বাহিৰে আন একো নহয় । উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভোট সংগ্ৰহৰ অস্ত্ৰ মাত্র ৷”

বিদেশী সমস্যা সমাধানৰ আটাইতকৈ বিজ্ঞানসন্মত পথটো:

বীৰ লাচিত সেনালৈ শৃংখল চলিহাৰ কাণ্ড-কাৰাখানাক যুক্তিসহ আঙুলিয়াই সাম্প্ৰদায়িক উচতনি আখ্যা দিয়াই নহয় । বিদেশী সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত পথ কি হ’ব পাৰে তাকো উল্লেখ কৰিছে অখিল গগৈয়ে ।

অখিল গগৈয়ে উল্লেখ কৰিছে, “আমি ভাবো, অসমৰ বিদেশী সমস্যা সমাধানৰ আটাইতকৈ বিজ্ঞানসন্মত পথটো হ'ল, এনআৰচিৰ দ্বাৰা অসমৰ নাগৰিকপঞ্জী প্ৰস্তুত কৰি অসমৰ বৈধ নাগৰিকৰ তালিকা প্রকাশ কৰি দিয়া, স্বদেশীসকলক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু বিদেশীসকলক আইনসম্মতভাৱে বিতাড়ন কৰা । এই কাম আমি সুযোগ পালেই কৰিম ।''

''আশা কৰো তহঁতৰ সংগঠনে বিদেশী সমস্যা সমাধানৰ সঠিক জাতীয় কাৰ্যসূচী গ্ৰহণ কৰিবি আৰু শৃংখলহঁতৰ সাম্প্রদায়িক উত্তেজনা সৃষ্টিকাৰী কথা আৰু কামবোৰ নিয়ন্ত্ৰণ কৰিবি । দেশৰ বাবে গোটেই জীৱন আহুতি দিয়া তোৰ ককায়েৰা হিচাপে মই নিশ্চয় তোৰ পৰা মই এইখিনি দাবী কৰিব পাৰো ।” অখিল গগৈয়ে কয় ।

লগতে পঢ়ক : কেঁচা চাহপাতৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিত সৰৱ অখিল গগৈ

লগতে পঢ়ক : অখিল গগৈৰ কথা শুনিব ৰাইজে নে ৰাইজৰ কথামতে চলিব : মুখ্যমন্ত্ৰী