ETV Bharat / state

ভূমিস্খলনৰ ফলত খোৱাপানী, খাদ্যৰ সমস্যাত ভুগিছে অৰুণাচলৰ এটা অঞ্চলৰ ৰাইজে - Massive Landslide In Arunachal

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 2:30 PM IST

Updated : Apr 26, 2024, 3:54 PM IST

Massive Landslide In Arunachal: অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন ৷ ঘাইপথ খহি যোগাযোগ বিচ্ছিন্ন ৷ স্থানীয় ৰাইজৰ মাজত হাহাকাৰ ।

People are suffering from drinking water, food problems due to landslides in Arunachal
ভূমিস্খলনৰ ফলত খোৱাপানী, খাদ্যৰ সমস্যাত ভুগিছে অৰুণাচলৰ এটা অঞ্চলৰ ৰাইজে

ভূমিস্খলনৰ ফলত খোৱাপানী, খাদ্যৰ সমস্যাত ভুগিছে অৰুণাচলৰ এটা অঞ্চলৰ ৰাইজে

জোনাই,২৬ এপ্ৰিল: অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকা সংযোগী চাৰিলেনযুক্ত পথত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা । বুধবাৰে বিয়লি হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলতেই চীনৰ সীমান্তৱৰ্তী জিলা দিবাং উপত্যকাৰ সৈতে এই পথছোৱাৰ সংযোগ বিঘ্নিত হৈছে ।

যোৱা কেইদিনমানৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে জিলাখনত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩১৩ ত হুনলী আৰু আনিনিৰ মাজত প্ৰচণ্ড ভূমিস্খলন হয় ৷ এই কথা সদৰী কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ৷ প্ৰাথমিক তথ্য অনুসৰি, দিবাং উপত্যকা জিলাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ঘাইপথটোৰ হুনলী আৰু আনিনিৰ মাজৰ অংশত ব্যাপক ক্ষতিসাধন হয় ।

দিবাং উপত্যকা প্ৰশাসনে জনোৱা মতে, এই ঘাইপথছোৱা পুনৰুদ্ধাৰৰ বাবে কমেও তিনিদিন সময়ৰ প্ৰয়োজন হ’ব ৷ লগতে প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় লোকসকলক ভূমিস্খলন হোৱা অঞ্চল বা কাষৰীয়া জলশয়সমূহত মাছ মৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । লগতে প্ৰশাসনৰ তৰফৰ পৰা বাৰিষাৰ সময়চোৱাত নিশা ভ্ৰমণ আৰু মাটি নাকাটিবলৈয়ো সকীয়াই দিয়ে ।

ইফালে এই ভূমিস্খলনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । খাদ্য সামগ্ৰী যোগানত ব্যাঘাত জন্মাৰ উপৰিও খোৱাপানীৰ সমস্যাই দেখা দিছে অঞ্চলসমূহত । পথছোৱা পুনৰ নিৰ্মাণ নকৰালৈকে এই সমস্যাৰ সন্মুখীন হৈ থাকিব লাগিব বুলি উল্লেখ কৰে দুয়োপাৰৰ ৰাইজে ।

উল্লেখ্য যে, উক্ত পথচোৱা বিগত ২০১৫ চনৰ মাৰ্চ মাহৰ মুকলি কৰা হৈছিল ৷ চাৰিলেনযুক্ত এই পথটো পাঁচ বছৰৰ মূৰত সম্পূৰ্ণ কৰিছিল সীমান্ত পথ সুৰক্ষা বাহিনীয়ে । বৰ্তমান এই পথছোৱা বিধ্বস্ত হৈ পৰাত স্থানীয় লোকৰ বাবে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনাত বাধাৰ সৃষ্টি হৈছে ৷ আনহাতে পৰ্যটনৰ বাবে যোৱা লোকসকলেও সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ।

লগতে পঢ়ক: অৰুণাচল চীন সীমান্তত ভূমিস্খলন; জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ - Massive Landslide In Arunachal

Last Updated : Apr 26, 2024, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.