ETV Bharat / state

বিজেপিৰ প্ৰশংসাত পঞ্চমুখ পবিত্র মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:14 PM IST

Mission basundhara
বিজেপিৰ প্ৰশংসাত পঞ্চমুখ পবিত্র মাৰ্ঘেৰিটা

Mission basundhara : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ এইবাৰ নিজ দলৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্র মাৰ্ঘেৰিটা ৷

বিজেপিৰ প্ৰশংসাত পঞ্চমুখ পবিত্র মাৰ্ঘেৰিটা

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: "ভাৰতীয় জনতা পার্টীয়ে সদায়েই বিশ্বাস কৰে যে জাতি, মাটি, ভেটি সুৰক্ষিত হৈ থাকিলেহে অসমীয়া তথা ভাৰতীয় সমাজ সদায় সুৰক্ষিত হৈ থাকিব । এয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কোনো শ্লোগান নহয়, ব্যৱহাৰিকভাৱে এইক্ষেত্ৰত কেনেদৰে সফলতাৰে ৰাইজলৈ সেৱা আগবঢ়াইছে তাৰ প্ৰমাণ অসমবাসীয়ে 'মিছন বসুন্ধৰা' আঁচনিৰ জৰিয়তে প্রত্যক্ষ কৰিছে।" বুধবাৰে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্র মাৰ্ঘেৰিটাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয় যে মাটি-বাৰী সংক্রান্তীয় সকলো কাম ডিজিটাইজেশ্যনৰ জৰিয়তে সৰলীকৃত কৰি লিপিবদ্ধ কৰাৰ সমান্তৰালভাৱে অসমৰ ৰাইজে মাটি-বাৰী সংক্রান্তীয় সকলো সমস্যাৰ ফলপ্রসূ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে 'মিছন বসুন্ধৰা' আঁচনিৰ অধীনত নিৰলসভাৱে কাম কৰি আছে। এই আঁচনিৰ প্ৰথম পর্যায় ইতিমধ্যে সফলভাৱে সমাপন হোৱাৰ পিচত 'মিছন বসুন্ধৰা-২.০' য়ো সফলভাৱে আগবাঢ়িছে ।

সাংসদগৰাকীয়ে পুনৰাই কয় যে 'মিছন বসুন্ধৰা-১' ৰ অধীনত ২৭, ৪৮, ১৫২ খন আবেদন লাভ কৰিছিল আৰু ইয়াৰে ৮৮ শতাংশ অর্থ্যাৎ ২৪,১০,৩০৭ খন আবেদন নিষ্পত্তি হৈছে, ১৯,০১,৮৬১ গৰাকীক সেৱা প্ৰদান কৰা হৈছে । এই সফলতাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ স্বপ্নৰ প্ৰকল্প আৰু ভাৰতীয় জনতা পার্টিৰ অন্যতম সংকল্প 'মিছন বসুন্ধৰা-২.০'ৰ কামো আৰম্ভ হৈছে। ইয়াৰ অধীনত এই মাহত ২,২৯,৬৫৯ খন ভূমি পট্টা প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত ১,৯২,০৫৬ অর্থ্যাৎ ৮৪ শতাংশ প্রস্তাৱ অনুসূচীত জনজাতি, অনুসূচীত জাতি, অন্যান্য পিচপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিচপৰা শ্ৰেণীলৈ দিয়া হৈছে।

ইয়াৰ বাবে ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰক অশেষ ধন্যবাদ জনোৱাৰ লগতে ভূমি পট্টা লাভ কৰা প্ৰতিগৰাকী খিলঞ্জীয়ালৈ আন্তৰিক অভিনন্দন জনাই বুলি সাংসদগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

লগতে পঢ়ক: বোমা বিস্ফোৰণৰ অভিযুক্ত সঞ্জীৱৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.