ETV Bharat / state

মোমায়েকে ৰন্ধা কাঠফুলাৰ আঞ্জাই প্ৰাণ ল'লে কণমানি ভাগিনীৰ - Mushroom poisoning

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 8:32 PM IST

Minor death: মৰাণত শোকাৱহ ঘটনা । বিষাক্ত কাঠফুলা খাই মৃত্যুক সাৱটিলে কণমানি ছাত্ৰীয়ে । এজন চিকিৎসাধীন ।

Mushroom
mushroom poisoning

বিষাক্ত কাঠফুলা খাই মৃত্যুক সাৱটিলে কণমানি ছাত্ৰীয়ে

মৰাণ, ৯ এপ্ৰিল: এফালে নিৰ্বাচনৰ ধামখুমীয়া আৰু আনফালে ৰঙালীৰ উলাহ, তাৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিষাক্ত কাঠফুলা ভক্ষণ কৰি প্ৰাণ হেৰুৱালে এগৰাকী কণমানি ছাত্ৰীয়ে । মৰাণৰ ফটিকাছোৱা চকলীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, সোণাবৰ গগৈ নামৰ যুৱকজনে খৰি বিচাৰিবলৈ গৈ হাবিৰ পৰা বুটলি আনিছিল কিছু বনৰীয়া কাঠফুলা । তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে সেয়া নাখাবলৈ কৈছিল যদিও সোণাবৰে নুশুনিলে সেই কথা । কাঠফুলাবোৰ ঘৰলৈ আনি ৰান্ধি নিজে খোৱাৰ লগতে ১০ বছৰীয়া ভাগিনীয়েককো খাবলৈ দিছিল ।

বনৰীয়া কাঠফুলা খোৱাৰ কিছু সময়ৰ পিচতেই পেটৰ বিষ, বমি আৰু শৌচ হ'বলৈ ধৰে সোণাবৰৰ লগতে ভাগিনীয়েকৰ । দুয়োকে পৰিয়ালৰ লোকে তিলৈৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে তেওঁলোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

তাতেই চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় কণমানি ছাত্ৰীগৰাকীয়ে । ইফালে সোণাবৰ গগৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে । অতি মেধাবী ছাত্ৰীগৰাকীৰ মৃতদেহ মঙলবাৰে অনা হয় তেওঁ পঢ়া মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়লৈ । মৃতদেহ অনাৰ পিচতেই বিদ্যালয়খনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এগৰাকী অতি মেধাৱী ছাত্ৰীক অকালতে হেৰুওৱা বুলি মন্তব্য কৰে ।

ইফালে কণমানিগৰাকীৰ ওচৰ-চুবুৰীয়াও এই ঘটনাত মৰ্মাহত হৈ পৰিছে । সকলোৱে কণমানিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ।

লগতে পঢ়ক: বৰপেটাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে - Child dies of electrocution

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.