ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে কোনো পাৰ্টীও নাই, কোনো চিহ্নও নাই : মুখ্যমন্ত্ৰী - Assam cm on Bhupen Bora

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:16 PM IST

Assam cm on Bhupen Bora: শেহতীয়াকৈ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ ৷ আজি পুনৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৫ চনত বিজেপিত যোগদান কৰাটো নিশ্চিত বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

HIMANTA BISWA SARMA REACTION ON BHUPEN KUMAR BORA
ভূপেন বৰাই ২০২৫ চনত বিজেপিত যোগদান কৰিব- মুখ্যমন্ত্ৰী

তিনিচুকীয়া, ৫ এপ্ৰিল: "২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনলৈকে অসমত কোনো কংগ্ৰেছ কৰ্মী বাকী নৰ’ব, খালী হৈ পৰিব ৰাজীৱ ভৱন । মই ভাবো এইবাৰ নিৰ্বাচনত কোনো বিজেপিৰ ফেক্টৰ হ’ব নোৱাৰে ৷ বিজেপিৰ বৰুদ্ধে কোনো পাৰ্টীও নাই, কোনো চিহ্নও নাই, যাক ৰাইজে ভোট দিব পাৰে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল জয়ী হোৱাটো নিশ্চিত ৷ ভূপেন বৰাই ২০২৫ চনত বিজেপিত যোগদান কৰিব ৷" শুকুৰবাৰে নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বজালতলী চাহ বাগিচাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

বজালতলী চাহ বাগিচাত আয়োজন কৰা বিজেপি মিত্ৰজোঁটৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ চলোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিৰোধী বুলি কোনো কথাই নাই ৷ বিৰোধীক ক’ত ভোট দিব লাগিব সাধাৰণ জনতাই নাজানেই । গতিকে বিৰোধী বুলি কোনো কথাই নাই ৷

আনহাতে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৫ চনত বিজেপিত যোগদান কৰাটো নিশ্চিত বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । সমান্তৰালভাৱে, আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণলৈকে সকলো ৰেচন কাৰ্ড থকা মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব বুলি কথা দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ গেৰাণ্টী আৰু ৰাজ্যত মামা চৰকাৰৰ গেৰাণ্টী বুলি উল্লেখ কৰে শৰ্মাই ৷

এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰাজ্যত গঠন হ’ব নতুন ৰাজনৈতিক দল: অপেক্ষা লোকসভা নিৰ্বাচন পাৰ হোৱালৈ ! - AJP Raijor Dal to Merge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.