বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ল নীহাৰেন্দ্ৰ থাওচেনক
Niharendra Thaosen has been produced in court again : পুনৰ কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যয়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত মাষ্টাৰ মাইণ্ড নীহাৰেন্দ্ৰ থাওচেনক ৷

Published : February 1, 2024 at 12:56 PM IST
গুৱাহাটী, ১ ফ্ৰেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত মাষ্টাৰ মাইণ্ড জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্ৰ থাওচেনক বুধবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে পুনৰ কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যয়াধীশৰ কাৰ্যালয়ত হাজিৰ কৰায় । আদালতে নীহাৰেন্দ্ৰ থাওচেনক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে । দুদিন পিছত আকৌ আৰক্ষীয়ে থাওচেনক আদালতত হাজিৰ কৰিব। বৰ্তমান থাওচেনক গুৱাহাটী মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত ৰাখি জেৰা চলায় থকা হৈছে ।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত মাষ্টাৰ মাইণ্ড জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্ৰ থাওচেনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত ৭ টাকৈ ভূমি কেংলেকাৰীৰ গোচৰ ৰুজু হৈ আছে । লগতে গুৱাহাটীৰ কেবাখনো আৰক্ষী থানাত থাওচেনৰ বিৰুদ্ধে ৩০০ৰো অধিক ভূমি কেংলেকাৰীৰ গোচৰ ৰুজু হৈ আছে ।
গুৱাহাটী মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত মাষ্টাৰ মাইণ্ডক নীহাৰেন্দ্ৰ থাওচেনক যোৱা ২৯ ডিচেম্বৰত কলকাতাৰ এখন ৰিজৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । ইতিমধ্যে কেইবাটাও গোচৰত জামিন লাভ কৰাৰ পিছত পুনৰ আন গোচৰত নীহাৰেন্দ্ৰ থাওচেনক গুৱাহাটী মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দুদিন পূৰ্বে পুনৰ গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত দুদিন আৰক্ষীৰ জিম্মাত থকাৰ পিছত থাওচেনক বুধবাৰে আদালতত পুনৰ হাজিৰ কৰা হয় ।
ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে মহানগৰীৰ বহু লোকৰ মূল্যবান ভূমি আনৰ নামলৈ হস্তান্তৰ কৰি আহিছিল এটা চক্ৰই । উক্ত চক্ৰটোত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী, মণ্ডল, অধিবক্তা, মাটিৰ দালাল আৰু বিল্ডাৰ জড়িত হৈ আছে । উল্লেখ্য যে মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতি গোচৰত পূৰ্বে প্ৰায় ২৮ গৰাকীক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰে ভিতৰত আছে গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, অধিবক্তা আৰু দালাল ।
দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰ ভিত্তিত ১২/২৩ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিছিল ভূমিৰ নথি কেলেংকাৰীৰ ক’লা অধ্যায় । দালল চক্ৰটোৱে চৰকাৰী-বেচৰকাৰী উভয় পক্ষৰ সহযোগত দীর্ঘদিনৰ পৰা বিশেষকৈ গুৱাহাটীত ভূমিৰ নথি-পত্ৰ জালিয়াতি কৰি আহিছে।
লগতে পড়ক :কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

