ETV Bharat / state

ঈশ্বৰক স্মৰণ কৰক, কিয়নো আহি আছে 'পিশাচ' - New Assamese film Pikhaas

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:12 PM IST

Updated : May 9, 2024, 9:53 PM IST

New Assamese film Pikhaas: শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি ‘পিশাচ’ । অহা ৩১ মে'ত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ।

New Assamese film Pikhaas is coming to the theatres soon
ভয় নখাব, আহি আছে ‘পিশাচ’ (Google)

গুৱাহাটী,৯ মে': দীঘলীয়া হৈছে এইবর্ষত মুক্তি পাবলগীয়া অসমীয়া ছবিৰ তালিকা । সমান্তৰালভাৱে চলিত মাহত গোবৰ্ধন চৰিতৰ পাছত শীঘ্ৰেই ছবিগৃহলৈ আহি আছে তিনিখনকৈ নতুন অসমীয়া ছবি । চলিত মাহৰ শেষৰ ফালে অৰ্থাৎ অহা ৩১মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘পিশাচ’ । অমিতাভ ৰাগৰ পৰিচালনাৰে ‘ফায়াৰ ফ্লাই ফ্লিমচ’ৰ নিবেদিত ছবিখন মুক্তিৰ এতিয়া সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

ছবিখনৰ টিজাৰটোয়ে ইতিমধ্যে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । আহিবলগীয়া এই নতুন অসমীয়া ছবি 'পিশাচ’ কাহিনী পৰিচালক অমিতাভ ৰাগৰ । আনহাতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে’, অচিন্ত্য ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমান্তিক কাহিনীৰ প্ৰেম আৰু প্ৰেমৰ পৰা লোৱা ভয়ংকৰ ৰূপকলৈ সৃষ্টি হোৱা কিছু পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৰ লগতে গীতটোৰ কম্প’জাৰ বহ্নিমান আৰু নেপথ্য গীত পৰাগ প্ৰিয়ম নাথৰ ।

ছবিখনৰ ডি অ’ পি পাপু ডেকা, সম্পাদনা হাৰ্দিক কাশ্যপ, কালাৰিষ্ট ৰতনশীল শৰ্মা, চাউণ্ড ডিজাইন কিংশুক মৰাণ, প'ষ্টাৰ ডিজাইন টাচিন মুনটাকিন, কলা পৰিচালক ভূষণ আৰু নাৰায়ণৰ । চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা পিশাচৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: 3 মে’ৰ পৰা ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত' - Gobardhan Charit

চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

Last Updated : May 9, 2024, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.