গুৱাহাটী ৰে'ল ষ্টেচনত আৰম্ভ ডাইনেমিক QR ব্যৱস্থাৰ - UTS ticket through dynamic QR
Unreserved Ticketing System : ৰে’লৰ টিকট প্ৰক্ৰিয়াক সুশৃংখলিত কৰা আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ গুৱাহাটী ৰে'ল ষ্টেচনত আৰম্ভ কৰে ডাইনেমিক QR ব্যৱস্থা ৷ ইয়াৰ জৰিয়তে অসংৰক্ষিত টিকেটিং প্ৰণালীৰ (ইউ.টি.এছ.) ক্ষেত্ৰত ৰে'লৰ টিকট দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে ।

Published : March 22, 2024 at 6:43 AM IST
গুৱাহাটী, 22 মাৰ্চ : উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ গুৱাহাটী ৰে'ল ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে ডাইনেমিক QR ৰ জৰিয়তে অসংৰক্ষিত টিকেটিং প্ৰণালীৰ (ইউ.টি.এছ.) ক্ষেত্ৰত ৰে'লৰ টিকট দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে । ৰে’লৰ টিকট প্ৰক্ৰিয়াক সুশৃংখলিত কৰা আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই প্ৰক্ৰিয়াটো দেশৰ সকলো ৰে’লৱে মণ্ডলতে আৰম্ভ কৰা হৈছে ৷
যাত্ৰীসকলে ইউটিএছৰ জৰিয়তে তেওঁলোকৰ টিকট সংগ্ৰহ কৰাটো সুবিধাজনক বুলি মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়ে । এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দে’ই জনাই যে এই প্ৰক্ৰিয়াৰে টিকট বুক কৰাৰ জৰিয়তে সংস্পৰ্শহীন টিকেটিং, নগদবিহীন লেনদেন, গ্ৰাহকৰ সুবিধা আৰু এক্সপেৰিয়েন্স ডিজিটাইজেচন প্ৰচেষ্টাক বিকাশ কৰা হৈছে ।

ডাইনামিক কিউআৰ-ৰ জৰিয়তে ইউটিএছ টিকট জাৰি কৰাৰ উদ্দেশ্য হৈছে ভার্চুৱেল পেমেন্ট এডৰেচ (ভিপিএ)ৰ জৰিয়তে ইউ.পি.আই. ব্যৱহাৰ কৰাৰ বৰ্তমানৰ জটিল প্ৰক্ৰিয়াটোৰ অৱসান ঘটোৱা । মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াই কয় ৷
দে’ই পুনৰ কয়, "পূর্বে, যাত্ৰীসকলে তেওঁলোকৰ ভিপিএ এপ্লিকেশ্বনত লিংক এটা প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ ইউ.পি.আই. আই.ডি. অন ডিউটি বুকিং ক্লার্কৰ সৈতে বিনিময় কৰিব লগা হৈছিল । তাৰ পিচত ভিপিএ এপ্লিকেচনৰ লিংকটো ব্যৱহাৰ কৰি যাত্ৰীজনে টিকটৰ মূল্য পৰিশোধ কৰিবলৈ সক্ষম হৈছিল । বুকিং প্ৰণালীত পৰিশোধ নিশ্চিত কৰাৰ পিচতহে যাত্ৰীক টিকট প্ৰদান কৰা হৈছিল’’ ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ আৰু কয়, ‘‘ডাইনেমিক কিউআৰৰ জৰিয়তে টিকট প্ৰস্তুতকৰণৰ এই নতুন প্রক্রিয়াটো টিকট বুকিং আৰু অসংৰক্ষিত টিকট ক্রয়ৰ দক্ষতা বৃদ্ধি, টিকট কাউন্টাৰত দীঘলীয়া শাৰী পৰিহাৰ আৰু ব্যৱহাৰকাৰীসকলক ডিজিটেল বুকিং প্রক্রিয়ালৈ উৎসাহিত কৰাৰ লক্ষ্য আগত ৰাখি আৰম্ভ কৰা হৈছে ।"
লগতে পঢ়ক: ৰৈ থকা মালবাহী ৰে'লত খুন্দা মাৰি লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ

