ETV Bharat / state

খেতিৰ ভাগ লাগে নগাক; সীমান্তৰ আদিবাসী লোকক হাৰাশাস্তি

উৰিয়ামঘাটৰ উচ্ছেদিত ভূমি পুনৰ নগাৰ আগ্ৰাসন । এইবাৰ আদিবাসী লোকৰ ভূমি কাঢ়ি লোৱাৰ অপচেষ্টা একাংশ নগাৰ ।

naga aggression
সীমান্তৰ আদিবাসী লোকক হাৰাশাস্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 1:40 PM IST

|

Updated : August 31, 2025 at 11:52 PM IST

6 Min Read
Choose ETV Bharat

সৰুপথাৰ : অসমৰ ভূমিত নগাৰ আগ্ৰাসন নতুন কথা নহয় । দীৰ্ঘদিন ধৰি এই কাৰ্যকলাপ অব্যাহত আছে । শেহতীয়াকৈ সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ পিছত নগাৰ দপদপনি বৃদ্ধি পাইছে । অসমে উচ্ছেদ চলোৱা ভূমি নিজৰ বুলি দাবী কৰিছে নগাই । কেৱল এয়াই নহয় অসমৰ গাঁৱত নাগালেণ্ডে উচ্ছেদৰো জাননী জাৰি কৰিছে । তাৰ মাজতে নগাৰ আগ্ৰাসনক উচতনিও দিয়া দেখা গৈছে খোদ নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ ।

শেহতীয়াকৈ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰক লক্ষ্য কৰি সকীয়নি দিছে । উপ-মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিছতে ঠায়ে ঠায়ে নগাৰ দপদপনি পুনৰ বৃদ্ধি পাইছে । উৰিয়ামঘাটত এইবাৰ চৰম সীমা অতিক্ৰম কৰিলে নগাই । হাতত নথি পত্ৰ লৈ উপস্থিত হ'ল অসমৰ গাঁৱত । উৰিয়ামঘাটৰ ১ নং ৰজাপুখুৰীত আদিবাসী সম্প্ৰদায়ৰ লোকৰ ঘৰত নগাই আহি খেতিৰ ভাগ বিচাৰি বলপূৰ্বকভাৱে চুক্তি কৰাৰ চেষ্টা চলায় ।

সীমান্তৰ আদিবাসী লোকক হাৰাশাস্তি (ETV Bharat)

সীমান্তৰ গাঁওখনত নগাৰ দাদাগিৰিৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । কোনো লোকে গোপনে সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল । ভিডিঅ'টোত দেখা গৈছে যে হাতত নথি-পত্ৰ লৈ অসমৰ ভূমিত উপস্থিত হৈছে একাংশ নগা লোক । একাংশৰ হাতত বাঁহৰ লাঠিও দেখা গৈছে । নগা লোকসকলে আদিবাসী লোকৰ ঘৰত খেতিৰ ভাগ বিচাৰিছে । ভূমিৰো ভাগ লাগে তেওঁলোকক । নগা লোককেইজনে দাবী কৰা মতে সেয়া তেওঁলোকৰ পৈতৃক সম্পত্তি ।

আচৰিত কথাটো হ'ল যে পৰিস্থিতি উত্তপ্ত হোৱাৰ পূৰ্বে তাত চি আৰ পি এফৰ কেইগৰাকীমান জোৱান উপস্থিত হয় । কিন্তু চি আৰ পি এফৰ ভূমিকাক লৈও প্ৰশ্ন উঠিছে । কিয়নো নগা লোককেইজনে জোৱানকেইজনকে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে । চি আৰ পি এফৰ উপস্থিতিতে নগাই ধমক দিছে । মুঠতে সীমান্তত এতিয়া নগাৰ দপদপনি চলিছে । কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । যাৰ বাবে সীমান্তৰ লোকসকল এতিয়া শংকিত হৈ পৰিছে ।

নামবৰ বনাঞ্চলৰ ১নং ৰজাপুখুৰী গাঁৱৰ যিঘৰত নগাই আহি ধমকি দিছিল সেই ব্যক্তিজনে কয়, "কালি আহি মোৰ চোতালত মোক ঘেৰাও কৰিলে । ক'লে যে তই Agreement কৰিব লাগিব, মিলি থাকিব লাগিব নহ'লে ইয়াৰ পৰা খেদাম । এইবোৰ আমাৰ বাবাৰ মাটি হয়, তঁহতি যদি মিলি নাথাক তেতিয়াহ'লে উচ্ছেদ কৰি দিম ।"

naga aggression
ভুক্তভোগী (ETV Bharat)

তেওঁ লগতে কয়, "তেওঁলোকে কৈছে Agreement কৰিব লাগিব আৰু মিলি থাকিব লাগিব । এইখন ১নং ৰজাপুখুৰী গাওঁ মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত । ৯ জনমান নগা লোক আহিছিল । তেওঁলোকে কৈছিল যে মিঞাই মিলি থকা নাছিল, Agreement কৰা নাছিল সেইকাৰণে উচ্ছেদ কৰিল, গতিকে তহঁতি মিলি নাথাকিলে Agreement নকৰিলে তঁহতকো উচ্ছেদ কৰিম ।"

তেওঁ আৰু কয়, "কিন্তু সেই Agreement ত কি আছিল গম নাপালো । এইখন গাঁৱত অসমীয়া, আদিবাসী, কছাৰী, নেপালী সকলো জনগোষ্ঠীৰ লোক আছে । যেতিয় ধমকি দিছিল তেতিয়া মই কৈছিলো যে তহঁতি জবৰদস্তি কৰিলেও নহ'ব, যেতিয়া অসম আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে বহি যি সিদ্ধান্ত লয় কি কৰিব কয় সেইয়াই কৰিম বুলিহে উত্তৰ দিলো । চি.আৰ.পি.এফ আছিল ঘটনাস্থলীত কিন্তু যেতিয়া চি আৰ পি এফে কৈছিল কিয় কৰিছ এইবোৰ তেতিয়া নগাই চি আৰ পি এফক ধমকি দিছিল । নগাই কৈছিল এইবোৰ আমাৰ বাবাৰ এলেকা আমি মাটি বিচাৰিছো ।"

এগৰাকী মহিলাই কয়, "সদায় নগাই আহি অসুবিধা কৰি আছে । কালি কৈছে যে এইটো নগাৰ মাটি হয় । আমাৰ বাবাই দিছে, সেইকাৰণে তোমালোক আছা । এইটো আমাৰ বাবাৰ মাটি হয় । তোমালোক থাকিলে মিলি থাকিবা । নগাই যে কৈছে এইবোৰ তেওঁলোকৰ মাটি মিঞা বহি থাকোতে তেওঁলোক ক'ত আছিল । মিঞা গুছি যোৱাৰ পিছত তেওঁলোক ক'ৰ পৰা আহিল ।"

স্থানীয় লোক এজনে কয়, "বিশেষকৈ কালি ৰজাপুখুৰী গাঁৱত বজাৰৰ পৰা আহি শুনিছো নগাই উপদ্ৰৱ কৰিছে । চি আৰ পিৰ কথাকো তেওঁলোকে কাণসাৰ দিয়া নাই । চাৰিদিনমানৰ আগত এই তিনিআলিতেই আমি গোটেই ৰাইজ আছিলো, এটা বস্তু দেখা পালো যে ইয়াৰ যিবিলাক ঘৰ-দুৱাৰ উচ্ছেদ হ'ল সেই ঘৰবিলাকৰ ঠিকাত দিছিল, মিঞা লোকে ঠিকা লবলৈ আহিছিল । তেওঁলোকে বস্তু-বাহানী উঠাই থাকোতেই নগা লোক সেইফালৰ পৰা আহি গ'ল । নগা গাওঁবুঢ়াসকলে ৰঙা পোছাক পিন্ধি ইয়াত আহিছিল । লগতে লাঠি-জোং লৈ নগা লোক আহিছিল । এই ভঙা ঘৰবোৰৰ টিনপাতত বিকট শব্দ কৰিছে । পিছত চি আৰ পি এফ আহিল । নগাই ইয়াত থকা লোকসকলক কৈছে যে ইয়াৰ পৰা কোনেও একো নিনিব । নগাই ধমকি দি গুছি গ'ল । শৰ্মাক অনুৰোধ কৰিছো ইয়াত বেটেলিয়ান কেম্প স্থাপন কৰি দিয়ক । আমাৰ বহু অসুবিধা হৈছে ।"

উৰিয়ামঘাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পিছতো সীমান্তত চলি থকা নগাৰ আগ্ৰাসনে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে । বহুতে প্ৰশ্ন কৰিছে উচ্ছেদিত ভূমি নগাই দখল কৰিব নেকি ? কিয়নো উচ্ছেদৰ মাজতে নগাই আহি সেই ভূমি তেওঁলোকৰ বুলি দাবী কৰিছিল ।

অসমৰ গাঁৱত উচ্ছেদৰ জাননী দিছে । অসম চৰকাৰে আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীতো বাধা দিছে নগাই । সীমান্তত প্ৰশাসনে স্থাপন কৰা খুটা আৰু ফেন্সিং আঁতৰাই দিবলৈও অসম চৰকাৰক সকীয়াই দিছে নাগালেণ্ড চৰকাৰে । কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে যদি শীঘ্ৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে পৰিস্থিতি কোন দিশে গতি কৰিব সেয়া চিন্তনীয় !

লগতে পঢ়ক :অসম চৰকাৰক পুনৰ সকীয়নি নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ - ASSAM NAGALAND BORDER DISPUTE

Last Updated : August 31, 2025 at 11:52 PM IST