ETV Bharat / state

বহিঃৰাজ্যৰ জলকীয়াৰ চাহিদা পূৰণ কৰা অসমৰ বৃহৎ জলকীয়া বজাৰখনৰ বিষয়ে জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 8:47 PM IST

Bilashipara Chilli market: অসমৰ এখন বিখ্যাত জলকীয়াৰ বজাৰ ৷ এইখন বজাৰৰ পৰা জলকীয়া ৰপ্তানি হয় বহিঃৰাজ্যলৈ ৷ নামনি অসমৰ বিলাসীপাৰাত আছে এইখন বজাৰ ৷ ধুবুৰী জিলাৰ চৰাঞ্চলত উৎপাদিত প্ৰায় 250 টন জলকীয়া এইখন বজাৰৰ পৰাই পশ্চিম বংগ, বিহাৰ, উত্তৰপ্ৰদেশ, পঞ্জাব, হাৰিয়ানা, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যলৈ নিতৌ ৰপ্তানি হয় ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Assams largest chilli market
Bilashipara Chilli market
অসমৰ বৃহৎ জলকীয়া বজাৰখনৰ বিষয়ে জানেনে ?

পশ্চিম বিলাসীপাৰা, 20 ফেব্ৰুৱাৰী: ভাতৰ কাঁহীত জলকীয়া এটা নহ’লে ভাতসাঁজ কিবা অসম্পূৰ্ণ যেন লাগে ৷ অসমীয়া মানুহে জলকীয়াক সেয়ে ভোজন ঠেলা বুলিও কয় ৷ জলকীয়াৰ চাহিদা সমগ্ৰ বিশ্বতে আছে ৷ অসমতে আছে এখন বিশেষ জলকীয়াৰ বজাৰ, য’ৰ পৰা নিতৌ শ শ টন জলকীয়া ৰপ্তানি হয় বহিঃৰাজ্যলৈ ৷ জলকীয়া উৎপাদন কালত অৰ্থাৎ প্ৰায় ডিচেম্বৰ মাহৰ পৰা নিতৌ সন্ধিয়া আৰম্ভ হয় এই বজাৰখন ৷

পুৱতি নিশালৈকে ট্ৰাকে ট্ৰাকে জলকীয়া সৰবৰাহ হয় এইখন বজাৰৰ পৰা ৷ এই বজাৰখন আছে ধুবুৰী জিলাৰ বিলাসীপাৰাত ৷ পশ্চিম বংগ, বিহাৰ, উত্তৰপ্ৰদেশ, পঞ্জাব, হাৰিয়ানা, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যলৈ এইখন বজাৰৰ পৰা নিতৌ ৰপ্তানি হয় প্ৰায় 200 টন জলকীয়া ৷

ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ, গৌৰাং, চম্পাৱতী আদি নদীৰ চৰাঞ্চলৰ লগতে নদীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পাচলি উৎপাদনৰ বাবে বিখ্যাত ৷ ইয়াৰ পলসুৱা মাটিত কৃষকে হেক্টৰে হেক্টৰে উৎপাদন কৰে বিভিন্ন পাচলি ৷ তাৰ ভিতৰত অন্যতম হৈছে জলকীয়া ৷

কেৱল বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই বহু কৃষকে হেক্টৰে হেক্টৰে জলকীয়া উৎপাদন কৰে এইসমূহ অঞ্চলত ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক জলকীয়া উৎপাদন কৰা কৃষি চক্ৰ হৈছে বিলাসীপাৰা ৷ বৃহত্তৰ চৰাঞ্চলক সামৰি গঠিত কৃষি চক্ৰটোৰ প্ৰা 2,015 হেক্টৰ ভূমিত কৰা হয় জলকীয়া খেতি ৷

বিলাসীপাৰাৰ নায়েৰ আলগা, গুটিপাৰা, মায়াৰচৰ, মহামায়া, চাপৰ, শালকোচা, কাজাইকাটা, বৈকালমুৰী আদি চৰসমূহত বৃহৎ পৰিসৰত খেতি কৰা হয় জলকীয়াৰ ৷ ছেপ্টেম্বৰ মাহৰ শেহ ভাগ বা অক্টোবৰৰ আৰম্ভণিতে বীজ সিঁচা হয় জলকীয়াৰ ৷ ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা ফচল বিক্ৰী কৰা আৰম্ভ কৰে কৃষকসকলে ৷ প্ৰায় মাৰ্চ মাহলৈকে অব্যাহত থাকে এই প্ৰক্ৰিয়া ৷ এই তিনি মাহত চৰাঞ্চলৰ কৃষকে লাভ কৰে কপালৰ ঘাম মাটি পেলাই কৰা পৰিশ্ৰমৰ ফল ৷ ট্ৰাকে ট্ৰাকে জলকীয়া বহিঃৰাজ্যৰ লগতে ডুবাই, নেপাল আদিলৈ ৰপ্তানি কৰা হয় বিলাসীপাৰাৰ পৰা ৷

প্ৰতিবিঘা ভূমিত কৃষকে প্ৰায় দহ হাজাৰ টকাকৈ ব্যয় কৰাৰ পিচত ফচল ভাল হ’লে 60 ৰ পৰা 80 টকা পৰ্যন্ত উপাৰ্জন হয় ৷ চৰাঞ্চলৰ পৰা জলকীয়াবোৰ কৃষকে চাইকেল, ঠেলা, ঘোঁৰাগাড়ী, ট্ৰেক্টৰ, ই-ৰিক্সা, টেম্প’ আদিৰে লৈ আহে বিলাসীপাৰাৰ বজাৰলৈ ৷ নিতৌ প্ৰায় 250 টন জলকীয়া ৰপ্তানি হোৱা এইখন বজাৰত কেজিয়ে প্ৰতি জলকীয়াৰ সৰ্বাধিক মূল্য হয়গৈ 27 টকা আৰু ন্যূনতম মূল্য প্ৰায় 18 টকা ৷ নিতৌ প্ৰায় 1.08 কোটি টকাৰ ব্যৱসায় হয় এইখন বজাৰত ৷

বিলাসীপাৰাত এটা জলকীয়া প্ৰছেছিং উদ্যোগ গঢ়ি উঠিলে কৃষকসকল অধিক লাভান্বিত হ’ব । আজি লৈকে এটা শীতল ভঁৰাল গৃহ নিৰ্মাণ নকৰাত কৃষক সকলে বিশেষ ধৰণৰ অসুবিধাত পৰিব লগা হৈছে । পূৰ্বতে কংগ্ৰেছ চৰকাৰে এনে উদ্যোগ আৰু শীতল ভঁৰালগৃহ স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়েই থাকিল ।

বিলাসীপাৰাৰ জলকীয়া বজাৰখনত শীতল ভঁৰাল গৃহ নিৰ্মাণৰ দাবী জনাইছে বিভিন্ন দল-সংগঠন তথা কৃষক ৰাইজে । ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ লগতে কৃষি বিভাগৰ সহযোগত ফাৰ্মাচ প্ৰডিউচাৰ অৰ্গেনাইজেচন (Farmers Producer Organization) নামৰ সংস্থাও গঠন কৰা হৈছে ।

এই সংস্থাটোৱে কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ সজাগ কৰাৰ প্ৰয়াস কৰাৰ লগতে কেঁচু সাৰ উৎপাদনৰ বাবেও বিশেষ মোনা বিতৰণ কৰিছে । যোৱা বছৰ জিলাখনৰ পৰা উৎপাদিত কৃষিজাত সামগ্ৰী ডুবাইলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু বিদেশত কেৱল জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰহে চাহিদা অধিক । সেয়েহে সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ লগতে সংস্থাটোৱে স্থানীয় কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক: ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবাধে চলিছে আহ-যাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.