ETV Bharat / state

আজিৰ পৰা আৰম্ভ মৰাণ মহোৎসৱ, ৫ হাজাৰ নাচনীয়ে নাচিব মৰাণ বিহু

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:14 PM IST

Moran Festival 2024: পোনপ্রথম বাৰৰ বাবে তিনিচুকীয়া জিলাত আয়োজন কৰা হৈছে মৰাণ মহোৎসৱ ৷ আজিৰে পৰা ২৮ জানুৱাৰীলৈকে চাৰিদিনীয়াকৈ এই "মৰাণ মহোৎসৱ"ৰ আয়োজন কৰা হৈছে ৷

Moran Festival
আজিৰ পৰা আৰম্ভ "মৰাণ মহোৎসৱ", ৫ হাজাৰ নাচনীয়ে নাচিব মৰাণ বিহু

আজিৰ পৰা আৰম্ভ "মৰাণ মহোৎসৱ", ৫ হাজাৰ নাচনীয়ে নাচিব মৰাণ বিহু

তিনিচুকীয়া, ২৫ জানুৱাৰী : উখল-মাখল তিনিচুকীয়া জিলা ৷ মৰাণ জনগোষ্ঠীৰ 6 টাকৈ সংগঠন ক্রমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত জনগোষ্ঠীটোৰ চহকী কলা-সংস্কৃতি, ভাষা-সাহিত্য, পৰম্পৰাগত ক্রীড়া, ৰীতি-নীতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পোনপ্রথম বাৰৰ বাবে তিনিচুকীয়া জিলাত আয়োজন কৰা হৈছে মৰাণ মহোৎসৱ ৷ 25 জানুৱাৰী আজিৰ পৰা 28 জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত চাৰিদিনীয়াকৈ "মৰাণ মহোৎসৱ"ৰ আৰম্ভ হয় ।

মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মে তিনি বছৰৰ মূৰে মূৰে “মৰাণ মহোৎসৱ” অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই মহোৎসৱৰ থলীত এখন মৰাণ হেৰিটেজ গাঁও স্থাপন কৰাৰ লগতে এখন শৈক্ষিক সন্মিলন অনুষ্ঠিত কৰা হয় ৷ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ চৈতন্য বৰাই সঞ্চালনা কৰা শৈক্ষিক সন্মিলনত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৷ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু কেইবাগৰাকীও শিক্ষাবিদ উপস্থিত থাকে ।

এই মৰাণ মহোৎসৱত মৰাণ জনগোষ্ঠীৰ প্ৰায় 150 টা বংশৰ লোকৰ উপস্থিতিত সৰ্ববংশাৱলী সভা, এখন সাহিত্য চ’ৰা, 50 গৰাকী সত্ৰাধিকাৰে অংশগ্ৰহণ কৰা এক আধ্যাত্মিক অনুষ্ঠান, ডেকাসকলৰ এক ডেকা চাং অনুষ্ঠান, 5 হাজাৰ গৰাকী নাচনীৰ মৰাণ বিহু নাচ, 1 হাজাৰ গৰাকী আইৰ খেৰী, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ অধিৱেশনৰ লগতে বিশেষ আকৰ্ষণ হিচাপে আছে উত্তৰ-পূৰ্বাঞ্চলৰ 30 জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠআনৰ সাহিত্য চ’ৰা অনুষ্ঠানত 12 খনকৈ গ্ৰন্থ উন্মোচন কৰা হ’ব ৷

লগতে পঢ়ক: পৰম্পৰাগত লোক নৃত্যৰ মাজেৰে সামৰণি পৰিল কোকৰাঝাৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.