ETV Bharat / state

খহনীয়া প্ৰতিৰোধ; ৰাইজৰ লগত হাতে-কামে লাগিল পদ্ম হাজৰিকা

জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইন স্থাপনৰ কাম আৰম্ভ । ৰাইজক সহযোগ কৰিলে বিধায়ক পদ্ম হাজৰিকাই ।

Jia Bharali River erosion
জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 11:02 AM IST

2 Min Read
Choose ETV Bharat

চতিয়া : সমাগত বাৰিষা । তাৰ পূৰ্বে এতিয়া ৰাজ্যৰ নৈপৰীয়া অঞ্চলত মথাউৰি মেৰামতি, খহনীয়া প্ৰতিৰোধ আদিৰ দৰে বিভিন্ন প্ৰকল্পৰ কাম চলি আছে । কোনো কোনো স্থানত চৰকাৰী আঁচনি ৰূপায়ণ হৈছে । আনহাতে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলত ৰাইজেই বান আৰু খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা চলাইছে ।

ইয়াৰ মাজতে জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া চামধৰাৰ বৃহত্তৰ বজাৰগাঁও অঞ্চলৰ উপৰিও কেইবাখনো গাঁৱৰ ৰাইজে খহনীয়াৰ লগতে বানৰ পৰা অঞ্চলটোক সুৰক্ষা দিয়াৰ লক্ষ্যৰে নদীখনক ভেটিবলৈ পাৰ্কুপাইন দিয়াত লাগি গ'ল । অৱশ্যে ৰাইজৰ লগতে হাতে কামে লাগি গ'ল স্থানীয় বিধায়ক পদ্ম হাজৰিকাও ।

জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধ (ETV Bharat)
  • জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধ

চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্যক সৰোগত কৰি আগবঢ়া এই আগতীয়া বান প্ৰতিৰোধ কামৰ জৰিয়তে খৰস্ৰোতা জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল বাৰিষাৰ বতৰত সুৰক্ষিত হ'ব বুলি আশা কৰি নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকী আগবাঢ়ি আহিল ।

তেওঁ এই সন্দৰ্ভত কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বানমুক্ত অসম গঢ়াৰ লক্ষ্যক সৰোগত কৰি সদায় কাম কৰি আহিছে । আজি আমাৰ সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া চামধৰাৰ বৃহত্তৰ বজাৰগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক খহনীয়াৰ কৱলত পৰা ৰক্ষা কৰিবলৈ তথা জীয়াভৰলী নদীৰ বাঢ়নী পানীৰ পৰা সুৰক্ষা দিবলৈ এই পাৰ্কুপাইন দিয়া কামত অংশগ্ৰহণ কৰিছো ।"

বিধায়কগৰাকীয়ে লগতে কয়, "এই আগতীয়া পদক্ষেপৰ জৰিয়তে খৰস্ৰোতা জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল বাৰিষাৰ বতৰত নিশ্চিতভাৱে সুৰক্ষিত হ'ব বুলি আমি অত্যন্ত আশাবাদী ৷"

উক্ত কাৰ্যসূচীত স্থানীয় বিধায়কগৰাকীৰ লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তাৰ লগতে উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়ন্ত বৰা, চকীঘাট গোট সমন্বয়ৰক্ষী কমিটীৰ সভাপতি চাদুদ্দিন(বুলু) আহমেদ, সম্পাদক গৌতম লাহনকে ধৰি অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক :কেতিয়া আৰম্ভ হ'ব অসমৰ প্ৰথম পানীৰ তলৰ সুৰংগৰ নিৰ্মাণ কাৰ্য ? - ASSAM UNDERWATER TUNNEL