ETV Bharat / state

কেতিয়া আৰম্ভ হ'ব অসমত প্ৰথম পানীৰ তলৰ সুৰংগৰ নিৰ্মাণ কাৰ্য ?

১২ কিলোমিটাৰ দৈৰ্ঘৰ ৪ লেনযুক্ত পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ বাবে ব্যয় হ'ব প্ৰায় ১৫,০০০ কোটি টকা ।

Assam Underwater tunnel
অসমত নিৰ্মাণ হ'ব পানীৰ তলৰ সুৰংগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 8:26 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : কেন্দ্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত ১২ কিলোমিটাৰ দৈৰ্ঘৰ ৪ লেনযুক্ত পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰে । ১৫,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই সুৰংগ ।

ইয়াৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে মঞ্জুৰি (Clearances) প্ৰদান কৰিছে বুলি গাডকাৰীয়ে ঘোষণা কৰে । এই সুৰংগ নিৰ্মাণৰ কাম চলিত বৰ্ষৰ জুলাই মাহৰ পৰা আৰম্ভ কৰা হ'ব ।

  • ৪ লেনযুক্ত পথ আৰু ৰে'ল চলাচলৰ বাবে সুৰংগ

অসমৰ প্ৰথম নদী সুৰংগ নিৰ্মাণ হ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দূৰত্ব হ্ৰাস হ'ব আৰু যোগাযোগ ব্যৱস্থা সুচল হৈ পৰিব । এই সুৰংগটোৱে মূলতঃ প্ৰতিৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

Assam Underwater tunnel
নিৰ্মাণ হ'ব পানীৰ তলৰ সুৰংগ (ETV Bharat)

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলাৰ ধলাইবিল ৰে'ল ষ্টেচন আৰু দক্ষিণ পাৰৰ জখলাবন্ধা ৰে'ল ষ্টেচনৰ সংযোগ একেবাৰেই হ্ৰাস পাব । কেন্দ্ৰীয় মন্ত্ৰী গডকাৰীয়ে ঘোষণা কৰা মতে, সুৰংগটোৰ নিৰ্মাণত ব্যয় হ'ব মুঠ ১৫,০০০ কোটি টকা । বৰ্তমান যান-বাহনৰ ব্যাপক যান-জঁটৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

বিশেষকৈ সেনা বাহিনীৰ বাবে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত যোগাযোগ ব্যৱস্থাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ পাৰৰ মাজত যান-বাহন চলাচলত কলিয়াভোমোৰাৰ দুয়োখন দলং ব্যৱহাৰ কৰা হয় । বিপৰীতে বগীবিল দলঙে পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ পাৰক সংযোগ কৰাৰ ফলত উজনি অসমৰ পৰা যোগাযোগ ব্যৱস্থা বহু পৰিমাণে সুচল হৈছে ।

Assam Underwater tunnel
পানীৰ তলৰ সুৰংগ (ETV Bharat)

দেশৰ ভিতৰতে পশ্চিমবংগত প্ৰথম পানীৰ তলৰ ৰে'ল সুৰংগ মুকলি হোৱাৰ পিছত অসমৰ প্রথমটো পানীৰ তলৰ সুৰংগৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব চলিত বৰ্ষত । গহপুৰৰ লোহিত মুখত এই সুৰংগ নিৰ্মাণ হ'ব বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে ।

উল্লেখ্য যে, লোহিত মুখৰ পৰা ৰজাবাৰীৰে সংযোগ হ'বলগীয়া এই সুৰংগৰ পথৰ সমীপৰ পৰ্যবেক্ষণৰ পূৰ্বে বহুলোকে নতুনকৈ নির্মাণ কৰিবলৈ লোৱাৰ খবৰ প্ৰকাশ পাইছে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী পথত দুটা সুৰংগ নিৰ্মাণ কৰা হয় । দুয়োটা সুৰংগৰে যাতায়াত চলি আছে ।

আনহাতে টাৱাঙৰ সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা এই দ্বৈত লেনযুক্ত চেলা সুৰংগই গিনিজ ৰেকৰ্ড কৰাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা এই সুৰংগ ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ কাৰ্যক্ষম হয় ।

অৱশ্যে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে নিৰ্মাণ হ'বলগীয়া এই সুৰংগ ভাৰতীয় সেনাৰ সীমান্ত পথ নিৰ্মাণ সংস্থাই কৰিব নে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা কৰা হ'ব সেয়া নিবিদা অধিগ্ৰহণ কৰিলেহে নিশ্চিত হ'ব ?

লগতে পঢ়ক :শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ নামত প্ৰকৃততে চলিছে কি ? - SRI SRI ANIRUDDHA DEV KALAKSHETRA