ETV Bharat / state

বিধায়ক অখিল গগৈৰ চকুৰ আগতে চেপেটা হ’ল দুখনকৈ গাড়ী - Cyclone Remal Impact

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:55 PM IST

Remal Hits Assam :কথমপি প্ৰাণ ৰক্ষা পৰিল বিধায়ক অখিল গগৈৰ ৷ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে নিজৰ চাঞ্চল্যকৰ অভিজ্ঞতা ৷

Assam Under Cyclone Remal’s Effect
ৰাজ্যজুৰি ৰেমল ঘূৰ্ণি বতাহৰ প্ৰভাৱ (Etv bharat assam)

গুৱাহাটী, 28 মে’: ৰাজ্যজুৰি ৰেমল ঘূৰ্ণিবতাহৰ প্ৰভাৱ ৷ ৰাজ্যজোৰা বিস্তৰ ক্ষতিসাধনৰ মাজতে এক নিশ্চিত বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল বিধায়ক অখিল গগৈ ৷ জানিব পৰা মতে, বতাহ-ধুমুহাৰ মাজতে গোলাঘাটৰ পৰা গুৱাহাটীলৈ আহি আছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৷ বোকাখাত নগৰ পাৰ হৈ লতাবাৰী অঞ্চলত বিধায়কগৰাকী সন্মুখীন হ’ল দুৰ্যোগৰ ।

নিজে সামাজিক মাধ্যমত এই দুৰ্যোগৰ অভিজ্ঞতা বৰ্ণনা কৰি অখিল গগৈয়ে কয়, “জৰুৰীভাৱে গোলাঘাটৰ পৰা গুৱাহাটীলৈ আহি আছিলো; আজি গুৱাহাটী পাবই লাগে । নুমলীগড়ৰ দেওপাহাৰৰ ওচৰৰ পৰা ৰাস্তাত গছ পৰি থকা দেখিলো । বৰষুণ দি আছে, বতাহো । বোকাখাত নগৰ পাৰ হৈয়ে আমাৰ গাড়ী ৰৈ গ’ল । খবৰ লৈ গম পালো ৰাস্তাত গছ বাগৰিছে । গুৱাহাটীলৈ যাবই লাগিব, আগবাঢ়িলো । খন্তেক আহি আকৌ ৰৈ যাবলগীয়া হ’ল । তাৰ পাচত পুনৰ আগবাঢ়িলো, লতাবাৰীত ৰৈ গ’লো । হাইৱেত লানি লানি গাড়ী । নামি দেখিলো এখন তেলৰ টেংকাৰত বৃহৎ গছ পৰি আছে । আগফালেও য’তে ত’তে গছ বাগৰি আছে । ড্ৰাইভাৰক ক’লো , আমাৰ গাড়ীখন ডাঙৰ গছৰ তলত নাৰাখিবা । গছডালৰ পৰা অলপ পিছুৱাই দিলো ।”

"10 মিনিটমানৰ পাচত সঁচাকৈয়ে কাষৰ বৃহৎ কৃষ্ণচূড়াজোপা হালি আহিল । আমি গাড়ীৰ পৰা নামি চিঞৰি উঠিলো । গছজোপা আমাৰ সন্মুখৰ দুখন গাড়ীৰ ওপৰতে পৰিল । এখন আৰ্টিগা, আনখন মাৰুতি ভান । দৌৰি গৈ চেপেটা হোৱা গাড়ী দুখনৰ যাত্ৰীক মাতিলো । আৰ্টিগাখনৰ একমাত্ৰ আৰোহীজনৰ মাতবোল নাই ! গছৰ ডালবোৰ আঁতৰাই তেখেতক উলিওৱা হ’ল । ক’লে, কিংকৰ্তব্যবিমূঢ় হৈ মাতিবলৈ পাহৰি গৈছিলো । মাৰুতি ভানখন চেপেটা হৈ গৈছিল; যাত্ৰীসকলৰ বিশেষ একো নহ’ল । কেৱল ড্ৰাইভাৰৰ চিটত বহাজনৰ হাত আইনাই কাটিছে । দুগৰাকী মহিলা, এটি শিশু, দুজন পুৰুষ খৰধৰকৈ গাড়ীৰ পৰা নামিল ।"

"লগে লগে কাষতে থকা ট্ৰেফিক পুলিচ, বন বিভাগৰ কৰ্মচাৰীয়ে গছ কাটি জেচিবিৰে চাফা কৰিলে । আমি সকলোৱে মিলি সৰু সৰু গছৰ ঠানিবোৰ আঁতৰালো । নাই নোৱাৰি। সমগ্ৰ ৰাস্তাৰ বহু ঠাইত গছ বাগৰিছে, বাগৰিয়ে আছে । গুৱাহাটীলৈ যোৱা আৰু নহ’ব ! জীৱনৰ প্ৰথমবাৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা সন্মুখৰ পৰা দেখিছো ৷”

স্বচক্ষুৰে এই দৃশ্য দেখি মনটো অশান্ত হৈ পৰা বুলি সামাজিক মাধ্যমত উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ৷ নেটিজেনে বিধায়কগৰাকীৰ সুস্বাস্থ্যৰ কামনা কৰিছে ৷

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.