ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদা লাঘব কৰিছে : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:55 PM IST

Bharat Jodo Nyay Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মাত মাতি মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদা লাঘৱ কৰিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত ৰাজ্যৰ শাসন এতিয়া জংঘলৰাজত পৰিণত হৈছে বুলিও কয় তেওঁ ৷

Bharat Jodo Nyay Yatra
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ-পোষ্টাৰ ফলাক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ
মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ

মৰাণ, 20 জানুৱাৰী : "যেতিয়া চৰকাৰ এখন চূড়ান্ত অগণতান্ত্ৰিক, ফেচিষ্ট হৈ যায় তেতিয়া বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ পদমৰ্যাদা লাঘৱ কৰি এজন বিৰোধী নেতাই ক’ত পদ যাত্ৰা কৰিব পাৰিব, ক’ত অনুষ্ঠান কৰিব পাৰিব বা নোৱাৰিব ধৰণৰ কথা কৈ আছে, এয়া অতিশয় দুৰ্ভাগ্যজনক ৷" এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মাত মাতি মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদা লাঘৱ কৰিছে ৷ বিৰোধী নেতাজনে ক'ত সভা কৰিব, কোন পথেৰে যাব তাক লৈ যি ধৰণেৰে মন্তব্য দিছে সেই কাম এজন থানাৰ অচিয়ে কৰিব লাগে ৷ লগতে অখিল গগৈয়ে লখিমপুৰত কংগ্ৰেছৰ এই ন্যায় যাত্ৰাৰ বেনাৰ-পোষ্টাৰ ফলাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে, এই কাৰ্যই প্ৰমাণ কৰিছে আমাৰ দেশত আইন-শাসন নাই, সকলো অৰাজক হৈ গৈছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত ৰাজ্যৰ শাসন এতিয়া জংঘলৰাজত পৰিণত হৈছে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

সমাগত লোকসভা নিবাৰ্চনক লৈ বিৰোধী কংগ্ৰেছে ৰাইজৰ কাষলৈ দলটোক লৈ যোৱাৰ বাবে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ ভাৰত জোড়ো যাত্ৰাৰ পাছত সমগ্ৰ দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৰূপায়ণ কৰিছে ৷ শাসকীয় দলৰ সমালোচনাৰ পাছতো অসমত ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাই সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসক পক্ষৰ মন্ত্ৰী-বিধায়কে ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ কৰা সমালোচনাৰ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক : নিৰাপত্তাৰ দোহাই দি লখিমপুৰত পদযাত্ৰা নকৰিলে ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.