ETV Bharat / state

চিকিৎসক দম্পতীৰ বিৰুদ্ধে বনকৰা কিশোৰীক শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগ; পলাতক অভিযুক্ত - Child Labour Torture

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 10:31 AM IST

Child Labour Torture : ৰাজ্যত পুনৰ মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা ৷ বনকৰা কিশোৰীক জঘন্যভাৱে শাৰীৰিক নির্যাতন চলাই 10 দিনে পলাতক ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ৷ কেবাটাও ধাৰাৰ অধীনত ডিব্ৰুগড় সদৰ থানাত ৰুজু গোচৰ ৷ আৰক্ষীৰ জিম্মাত চিকিৎসক পত্নী ৷

minor house helper tortured in Dibrugarh;accused doctor is absconding
চিকিৎসক দম্পতীৰ বিৰুদ্ধে বনকৰা কিশোৰীক শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগ; পলাতক অভিযুক্ত

মৰাণ, 23 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশু নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহি থকাৰ সময়তে ডিব্ৰুগড়ত এজন চিকিৎসকৰ ঘৰতেই জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । অভিযুক্ত চিকিৎসকগৰাকী হ’ল চর্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিৎ দত্ত ৷ দত্তৰ ডিব্ৰুগড়ৰ গৃহত সংঘটিত হৈছে এই বৰ্বৰ জঘন্যকাণ্ডটো ।

ডিব্ৰুগড়ৰ কনভয় ৰোডত অৱস্থিত বৈৰাগীমঠ জেএছবি উন্নয়ন এপার্টমেন্টত চিকিৎসক ডাঃ দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নী ববী কলিতাই বছৰৰ পাচত বছৰ ধৰি ঘৰৰ বনকৰা কিশোৰীগৰাকীক শাৰীৰিক নির্যাতন চলাই আহিছিল বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি গৰম পানী গালৈ দলিয়াই দিয়া, গৰম ইস্ত্ৰি পিঠিত লগাই দিয়াৰ লগতে চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাই বেলনা মাৰিৰে কোবাই কিশোৰীগৰাকীৰ কেবাটাও দাঁত ভাঙি দিয়াৰ লগতে মূৰত মাৰি মূৰ ফালি দিয়া পৰ্যন্তলৈকে নির্যাতন চলাইছিল ।

ইয়াৰোপৰি চিকিৎসক দম্পতী ঘৰৰ পৰা ওলাই গ'লে কেবাদিন পৰ্যন্ত ঘৰৰ ভিতৰতে তলা মাৰি কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল বুলিও অভিযোগ উঠিছে । বছৰৰ পাচত বছৰ ধৰি অকথ্য নির্যাতন কিশোৰীগৰাকীৰ ওপৰত চলি আহিছিল যদিও ডিব্ৰুগড়ৰ চি ডব্লিউ চি (চাইল্ড ৱেলফেয়াৰ কমিটি)য়ে 10 এপ্ৰিলত এই ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হৈছিল ।

ইয়াৰ পাচতেই আৰক্ষীৰ সহযোগত 11 এপ্ৰিলত চাইল্ড ৱেলফেয়াৰ কমিটিয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি যথাযথ চিকিৎসা প্ৰদান কৰে । সমগ্ৰ ঘটনাক লৈ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে ডিব্ৰুগড় সদৰ থানাত 12 এপ্ৰিলত এজাহাৰ দাখিল কৰে ।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত 352/342/326/374/506-75/79 জোভাইনেল এক্ট, শিশু সুৰক্ষা আইন 2014-2015 আৰু শিশু শ্রমিক আইন 1986 ৰ অধীনত 134/2024 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হয় । প্রাথমিক তদন্তত চিকিৎসক দেৱজিত দত্তৰ পত্নী তথা এখন বিউটী পার্লাৰৰ স্বত্বাধিকাৰী ববী কলিতাক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । কিন্তু ৰহস্যজনকভাৱে এজাহাৰ দাখিলৰ 10 দিন পাৰ হৈ যোৱাৰ পাচতো পলাতক অৱস্থাত আছে জিলাখনৰ নামজ্বলা চিকিৎসক ডাঃ দেৱজিৎ দত্ত ।

ডিব্ৰুগড়ৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি কিশোৰীগৰাকীৰ স্বাস্থ্য উন্নত হৈছে যদিও নিজৰ পৰিচয় দিবলৈ সক্ষম হোৱা নাই । অতি কম বয়সৰ পৰাই কিশোৰীগৰাকী চিকিৎসক পত্নী ববী কলিতাৰ সৈতে আছিল ৷ চিকিৎসক দম্পতীৰ বিবাহ হোৱাৰ পূৰ্বৰে পৰা বৰ্তমান পৰ্যন্ত কিশোৰীগৰাকী তেওঁলোকৰ সৈতে থকাৰ তথ্য লাভ কৰিছে আৰক্ষী আৰু চাইল্ড ৱেলফেয়াৰ কমিটিয়ে । কিশোৰীগৰাকী ক'ৰ সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

সমান্তৰালভাৱে 10 দিন পাৰ হৈ যোৱাৰ পাচতো চিকিৎসক ডাঃ দেৱজিৎ দত্তক আৰক্ষীয়ে আটক কৰিব নোৱাৰা বিষয়টোৱে ডিব্ৰুগড় আৰক্ষীৰ তদন্ত সন্দৰ্ভত বিভিন্নজনৰ মনত প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

লগতে পঢ়ক: বনকৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.