ETV Bharat / state

বিহালী-গহপুৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:15 PM IST

Ration Card Assam: বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিত নতুনকৈ অন্তর্ভুক্ত কৰা হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ ৷ বিহালী বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

pijush hazarika
বিহালীত ৰেচন কাৰ্ড বিতৰণ পীযুষ হাজৰীকাৰ
বিহালীত ৰেচন কাৰ্ড বিতৰণ পীযুষ হাজৰীকাৰ

বিহালী, ২৩ জানুৱাৰী: মঙলবাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিত নতুনকৈ অন্তর্ভুক্ত কৰা হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷ বিহালী বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ।

বৰগাং ৰংগমঞ্চত সেই উপলক্ষে আজি বিয়লি অনুষ্ঠিত হোৱা এক বিশেষ সভাত মন্ত্ৰীগৰাকীয়ে নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰি প্ৰক্ৰিয়াটোৰ শুভাৰম্ভ কৰে । বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্তই ।

বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্ত তথা বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মাধুৰ্য্য পৰাশৰ, সহকাৰী আয়ুক্ত বিচিত্ৰা দাস, বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিপ্লব বৰা, বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতা দাস প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত ভাষন প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ ধৰনেৰে পালনো কৰিছে বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয় যে দেশৰ জনগণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা আইনখনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দেশত সামজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট সফলতা লাভ কৰিছে । এই আইন বলৱৎ কৰি চৰকাৰে সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে পুষ্টিকৰ খাদ্যৰ সহজলভ্যতা সুনিশ্চিত কৰিছে ।

অসমতো ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বলবৎ কৰা হৈছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি গ্ৰামাঞ্চলৰ সৰ্বোচ্চ ৮৪.১৭ শতাংশ আৰু চহৰাঞ্চলৰ সৰ্বোচ্চ ৬০.৩৫ শতাংশ লোকক সামৰি অসমত খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল'ব পৰা হিতাধিকাৰীৰ সংখ্যা প্ৰায় ২.৫২ কোটি ।

তেওঁ লগতে কয় যে খাদ্য সুৰক্ষা আইনৰ অধীনত দুই ধৰণৰ ৰেচন কার্ড প্ৰদান কৰা হয় । হিতাধিকাৰীৰ আৰ্থিক অৱস্থা অনুসৰি অন্ত্যোদয়া অন্ন যোজনা (AAY) কার্ড বা অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (PHH) কার্ড এই দুইধৰণৰ কাৰ্ড প্ৰদান কৰা হয় । প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনা (AAY) পৰিয়ালে প্ৰতিমাহে ৩৫ কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ (PHH) প্ৰতিগৰাকী সদস্যই প্ৰতিমাহে ৫ কিলোগ্ৰাম বিনামূলীয়া চাউল লাভ কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ ৰাজ্যত খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ ৪২,৮৫,৭৪৫ নতুন হিতাধিকাৰী অন্তর্ভুক্ত কৰাত সফলতা লাভ কৰিছে আৰু ১০,৭৩,৪৮৯ টা নতুন পৰিয়ালক ৰেচন কার্ড প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে ।

সমাজকৰ্মী কন্দৰ্প হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজৰে ১৫ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰি শুভাৰম্ভ কৰে । উল্লেখ্য যে, বিহালী বিধানসভা সমষ্টিত ৫৫৯৭ খন নতুন ৰেচন কার্ড অন্তর্ভুক্ত কৰা হৈছে । এই ৰেচন কাৰ্ডে বিহালী বিধানসভা সমষ্টিটোত ২৩,২৯৮ গৰাকী হিতাধিকাৰীক সামৰি লৈছে ।

আনহাতে গহপুৰ বিধানসভা সমষ্টিৰ বাবে গহপুৰৰ কলাবাৰী গাৰ্লচ্ হাইস্কুল খেলপথাৰতো আজি দিনৰ ১২ বজাত আন এখন সভাত মন্ত্ৰীগৰাকীয়ে গহপুৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজতো নতুন ৰেচন কাৰ্ড বিতৰণ শুভাৰম্ভ কৰে । এই সভাতো মন্ত্ৰীগৰাকীৰ লগত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা আদিৰ লগতে জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, গহপুৰ বিধানসভা সমষ্টিত ৮৬৭১ খন নতুন ৰেচন কার্ড অন্তর্ভুক্ত কৰা হৈছে । এই ৰেচন কাৰ্ডে গহপুৰ বিধানসভা সমষ্টিটোত ৩৩,৩২৬ গৰাকী হিতাধিকাৰীক সামৰি লৈছে ।

উল্লেখ্য যে কাইলৈ বিশ্বনাথ বিধানসভা সমষ্টিতো বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বিশ্বনাথ সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ শুভাৰম্ভ কৰিব ।

লগতে পঢ়ক: শীঘ্ৰে ৰেচনকাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ইঞ্চুৰেঞ্চ আৰু অৰুণোদয় সুবিধা: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.