ধেমাজিৰ ঐতিহাসিক হাবুঙত আৰম্ভ মে-ডাম-মেফি
Me Dam Me Fi : মে-ডাম-মেফিৰ অৰ্থ হৈছে- 'মে' মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, 'ডাম'- মানে মৃতক আৰু 'ফি'- মানে দেৱতা । ধেমাজিত আজিৰে পৰা পাঁচদিনীয়াকৈ পৰম্পৰা পূজা-অৰ্চনাৰে আৰম্ভ হৈছে এই কাৰ্যসূচী ।

Published : January 27, 2024 at 8:30 PM IST
ধেমাজি, ২৭ জানুৱাৰী : মে-ডাম-মেফি উপলক্ষে ৰাজ্যৰ আহোমসকলৰ মাজত আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী । সদৌ তাই আহোম সন্থাৰ ধেমাজি জিলা সমিতি,ধেমাজি ফুৰালং সংঘ আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত ধেমাজি জিলাৰ ঐতিহাসিক হাবুংক্ষেত্ৰত স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ সোঁৱৰণত শনিবাৰৰ পৰা ৩১ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ আহোমসকলৰ মে-ডাম-মেফি আৰম্ভ হৈছে ৷
ধেমাজিৰ ঐতিহাসিক হাবুঙত পাঁচদিনীয়াকৈ পৰম্পৰা পূজা-অৰ্চনাৰে আৰম্ভ হ'ল আহোমৰ মে-ডাম -মেফি অনুষ্ঠান ৷ সদৌ তাই আহোম সন্থা ধেমাজি জিলা সমিতি ,ধেমাজি ফুৰালুং সংঘ আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত ধেমাজি জিলাৰ ঐতিহাসিক হাবুংক্ষেত স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ সোঁৱৰণত আজি প্ৰথম দিনাৰ কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু সামূহিক চাফাইৰে শুভাৰম্ভ কৰে ধেমাজিৰ বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ ইয়াৰ পিচতে জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি হাবুঙৰ মন্দিৰৰ উপাসনাথলীত পূজাৰী আৰু ভক্তসকলে নৈবদ্য আগবঢ়াই পূজা-অৰ্চনা কৰি অসমীয়া জাতিৰ জনক চাও লুং চুকাফাৰ লগতে উপৰিপুৰুষসকলক সোঁৱৰণ কৰি সেৱা লয় ৷
আজি গ্ৰন্থ বিপণি আৰু বাণিজ্য বিপণি মুকলি কৰা হয় ৷ কাইলৈৰ পৰা পৰম্পৰাগত খেল-ধেমালি, সংস্কৃতিৰ অনুষ্ঠান, সাহিত্য আলোচনা অনুষ্ঠিত হ'ব ৷ বৰ্ণিল কাৰ্যসূচীৰ অন্তিম দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে মে-ডাম-মেফিৰ অৰ্থ হৈছে- 'মে' মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, 'ডাম'-মানে মৃতক আৰু 'ফি'-মানে হৈছে দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰি পুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে । মে-ডাম-মেফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় ।

