ETV Bharat / state

কেনেকৈ কাহিলীপুৱাই জ্বলি উঠিল গুৱাহাটীৰ এখন জনপ্ৰিয় বস্ত্ৰ বিপণি - massive fire breaks out in guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 12:33 PM IST

Updated : Apr 23, 2024, 1:16 PM IST

Fire In Fancy Bazaar: ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিল্কালয় নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

massive fire breaks out in Fancy Bazaar guwahati
জনপ্ৰিয় বস্ত্ৰ বিপণি চিল্কালয়ত অগ্নিকাণ্ড

গুৱাহাটী, 23 এপ্ৰিল: মঙলবাৰৰ পুৱাই মহানগৰীৰ ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ফাঁচীবজাৰৰ এখন বস্ত্ৰ বিপণিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । ডাঃ জে চি দাস ৰোডৰ কমাৰপট্টিত অৱস্থিত চিল্কালয় নামৰ বস্ত্ৰ বিপণীখনত আজি পুৱাই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

পাটৰ কাপোৰৰ দোকানত অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষয়-ক্ষতি হয় বুলি বিপণি কৰ্তৃপক্ষই জানিবলৈ দিয়ে । এই অগ্নিকাণ্ডৰ জুইৰ পৰা কথমপি ৰক্ষা পৰে সমীপতে থকা কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । একেটা স্থানতে বহু কেইখন কাপোৰ ব্যৱসায় প্ৰতিষ্ঠান আছিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে জুই সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা পৰে ।

চিল্কালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বাতৰি লিখা পৰ্যন্ত ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনত ক’ৰবাত জুইৰ ফিৰিঙতি ৰৈ গৈছে নেকি ইত্যাদি সকলো দিশ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে তন্নতন্নকৈ পৰীক্ষা কৰা আছে । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।

ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীৰ 3 খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয় । বিগত মাহতো শ্বৰ্ট চাৰ্কিটৰ ফলত গুৱাহাটী মহানগৰীৰ কটাহবাৰীত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । কটাহবাৰীৰ দুই নং মছজিদ সমীপৰ এটা তুলা কাৰখানাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ অগ্নিকাণ্ডৰ ফলত দুখনকৈ বিপণি সম্পূৰ্ণৰূপে জাহ যায় ।

ভয়াবহ অগ্নিকাণ্ডত তিনিটাকৈ চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটে ৷ 7 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত প্ৰায় 16 লাখ টকাৰ সম্পত্তি ধ্বংস হয় ।

লগতে পঢ়ক: মহানগৰীৰ কটাহবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Apr 23, 2024, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.