ETV Bharat / state

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কিয় ৰামৰ প্ৰসংগ উলিয়ালে লুৰীণজ্যোতি গগৈয়ে ?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 11:57 AM IST

স্বৈৰতান্ত্ৰিক আৰু হিটলাৰী মানসিকতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰিছে বুলি মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে ৷ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিচতে ৰামৰ প্ৰসংগ উনুকিয়াই মুখ্যমন্ত্ৰীক সমালোচনা কৰে গগৈয়ে ৷

Gogoi criticized Assam cm
Gogoi criticized Assam cm

মুখ্যমন্ত্ৰীক কটাক্ষ লুৰীণজ্যোতি গগৈৰ

মৰাণ, 24 জানুৱাৰী: ৰাজ্যত অব্যাহত ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পিচত অসম চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে জাতীয়তাবাদী নেতাজনে ৷

ভাৰত জোড়ো যাত্ৰাৰ পাছত সমগ্ৰ দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা । উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্য চৰকাৰৰ প্ৰৱল বাধা-নিষেধৰ সন্মুখীন হোৱাৰ পাছতো অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে । শাসক পক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক, আৰক্ষী-প্ৰশাসনেও ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সকলো প্ৰকাৰে বাধা প্ৰদানৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু এই কাৰ্যক প্ৰতিটো বিৰোধী দলে ধিক্কাৰ দিছে ।

মংগলবাৰে গুৱাহাটীত প্ৰৱেশ কৰা ন্যায় যাত্ৰাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সম্পৰ্কে নিশা মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি কয়, "স্বৈৰতান্ত্ৰিক আৰু হিটলাৰী মানসিকতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰিছে । মুখ্যমন্ত্ৰীৰ এই কাৰ্যৰ জৰিয়তে তেওঁৰ হতাশগ্ৰস্ত মনটোৰ প্ৰতিফলন ঘটিছে । মুখ্যমন্ত্ৰীয়ে বুজি উঠিছে 24 ত দিল্লীত চৰকাৰ সলনি হ'লে তেওঁৰ কি অৱস্থা হ'ব সেই কথা ভাবিয়েই তেওঁৰ টোপনি নোহোৱা হৈছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগ পৰিচালনা কৰাত ব্যৰ্থ হৈছে । ন্যায় যাত্ৰাক আক্ৰমণ কৰা দুৰ্বৃত্তক আজিও আটক কৰিব নোৱাৰাটোতেই মুখ্যমন্ত্ৰীৰ দুৰ্বলতা প্ৰকাশ পাইছে ৷"

ৰামৰ প্ৰসংগ উনুকিয়াই গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰাৱণৰ পতনৰ প্ৰকৃত কাৰণটো জুকিয়াই চাবলৈ পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক: কি হ’ব পৰৱৰ্তী ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী, মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.