ETV Bharat / state

100 টকাই জীৱন সলনি কৰিলে ৰং মিস্ত্ৰী বুবুল আলীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:28 PM IST

Lottery games in golaghat : 21 জানুৱাৰীত গোলাঘাটৰ কমাৰবন্ধা মৈদামণি নামঘৰৰ সাহায্যৰ্থে অনুষ্ঠিত কৰা হৈছিল এখন লটাৰী খেলৰ ৷ 100 টকাৰে কুপন ক্ৰয় কৰি গোলাঘাটৰ বুবুলে লাভ কৰিলে এখন বিলাসী বাহন ৷

Lucky Man in Golaghat
100 টকাই জীৱন সলনি কৰিলে ৰং মিস্ত্ৰী বুবুল আলীৰ
100 টকাই জীৱন সলনি কৰিলে ৰং মিস্ত্ৰী বুবুল আলীৰ

গোলাঘাট, 23 জানুৱাৰী : কেতিয়া, কাৰ ভাগ্যৰ উদয় হয় কোনেও ক’ব নোৱাৰি ৷ ভাগ্যৰ চকৰিয়ে হঠাৎ সলনি কৰিলে গোলাঘাটৰ এগৰাকী লোকৰ জীৱন ৷ মাত্ৰ 100 টকাৰে কুপন ক্ৰয় কৰি কেইবা লাখ টকীয়া এখন বিলাসী বাহন লাভ কৰিলে গোলাঘাটৰ বেঙেনাখোৱাৰ নিবাসী বুবুল আলী নামৰ ব্যক্তিজনে ৷ উল্লেখ্য যে, গোলাঘাটৰ কমাৰবন্ধা মৈদামণি নামঘৰৰ সাহায্যৰ্থে অনুষ্ঠিত কৰা হৈছিল এখন লটাৰী খেলৰ ৷ 21 জানুৱাৰীত অনুষ্ঠিত কৰা হৈছিল খেলখন ৷ উক্ত খেলত মাত্ৰ 100 টকাৰে কুপন ক্ৰয় কৰি ৰং মিস্ত্ৰী হিচাপে কাম কৰা গোলাঘাটৰ বেঙেনাখোৱাৰ বুবুল আলীয়ে লাভ কৰিলে এখন এম জি হেক্টৰ বাহন ৷

হাজাৰ হাজাৰ লোকৰ সমাৱেশত অনুষ্ঠিত কৰা উক্ত লটাৰী খেলৰ উদ্যোক্তাই বুবুল আলীৰ ঘৰত উপস্থিত হৈ সোমবাৰে তেখেতক অভিনন্দন জনোৱাৰ লগতে বিলাসী বাহনখন আনুষ্ঠানিকভাবে অৰ্পণ কৰে ৷ মুঠতে গোলাঘাটত অনুষ্ঠিত হৈ যোৱা লটাৰী খেলত 100 টকাতে নিজৰ ভাগ্যৰ বলত বিলাসী গাড়ী লাভ কৰা লোকজনৰ বাসগৃহত এতিয়া ভিৰ কৰিছে বহু লোকে ৷

বিলাসী বাহনখন লাভ কৰি বুবুল আলীয়ে কয়, ‘‘মোৰ সপোন আছিল এখন চাৰিচকীয়া বাহন ক্ৰয় কৰাৰ ৷ কিন্তু মোৰ সামৰ্থ নাছিল ৷ মই পেচাত এজন ৰং মিস্ত্ৰী ৷ কিন্তু মোৰ বাবে সামৰ্থ নাছিল যদিও ভাগ্যৰ বলত আজি সপোন পূৰণ হ’ল ৷’’

উদ্যোক্তাই কয়, ‘‘ মৈদামণি নামঘৰৰ সাহায্যৰ বাবে আমি আয়োজন কৰিছিলো এখন লটাৰী খেল ৷ প্ৰথম পুৰস্কাৰ হিচাপে এখন এম জি হেক্টৰ প্ৰদান কৰা বুলি ঘোষণা কৰা হৈছিল ৷ খেলখনৰ ফলাফলৰ অনুসৰিয়ে বুবুলে লাভ কৰে বাহনখন ৷’’

লগতে পঢ়ক : শনিবাৰে পুৱা আৰক্ষীয়ে আটক কৰিলে কৃষক নেতা বিদ্যুৎ শইকীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.