ETV Bharat / state

গণৰাজ্য দিৱসলৈ ডিফুৰ বিশিষ্ট সাহিত্যিক চিকাৰি তিছ'ক আমন্ত্ৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:53 PM IST

Community Linguistic Award: ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে 'লেংগুৱেষ্টিক ছ'চাইটি অৱ আমেৰিকাজ ইন কমিউনিটি লেংগুৱেজটিক এৱাৰ্ড' প্ৰাপক চিকাৰি তিছ'ক ।

75th Republic Day
বিশিষ্ট কবি তথা সাহিত্যিক চিকাৰি তিছ'
বিশিষ্ট কবি তথা সাহিত্যিক চিকাৰি তিছ'

ডিফু, ২০ জানুৱাৰী : ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ডিফুৰ বিশিষ্ট ব্যক্তি তথা আমেৰিকান লেংগুৱেষ্টিক বঁটাপ্ৰাপক চিকাৰি তিছ'ক আমন্ত্ৰণ জনোৱা হৈছে ৷ আমেৰিকাৰ সন্মানীয় লেংগুৱেষ্টিক ছ'চাইটি অৱ আমেৰিকাজ ইন কমিউনিটি লেংগুৱেজটিক এৱাৰ্ড (২০২১) বঁটা প্ৰাপক বিশিষ্ট কবি তথা সাহিত্যিক চিকাৰি তিছ'ক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ এই সন্দৰ্ভত ডিফুত বিশিষ্ট সাহিত্য়িক চিকাৰি তিছ'ৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক 'মন কী বাত' অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলো ব্যক্তিকেই গণৰাজ্য দিৱসলৈ বাবে আমন্ত্ৰণ কৰা হৈছে ৷

বৰ্তমান সাহিত্যিক গৰাকীয়ে বিশ্বমানৰ এখন অভিধান ৰচনা কৰাত আত্মনিয়োগ কৰিছে উল্লেখ কৰে । এই অভিধানখন ৰচনা কৰাত আন্তৰ্জাতিক পৰ্যায়ৰ ভাষাবিদ আৰু নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলে সহায় কৰি থকা বুলিও কয় সাহিত্যিক গৰাকীয়ে ৷ ছুইজাৰলেণ্ডৰ ভাষাতত্ববিধ সকলৰ পৰা প্ৰতি সপ্তাহতেই অভিধানখন ৰচনা কৰাৰ বাবে অনলাইন পৰামৰ্শ গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে তিছ'ৱে ৷

তেওঁ পুনৰ কয় যে বিশ্বৰ ২০৩ খন দেশৰ প্ৰৱচনৰ এখন গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদৰ কাম কৰি আছে আৰু ইয়াৰ দ্বিতীয় তাঙৰণ হ'ব বুলি মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে ৷ উল্লেখ্য যে কাৰ্বি ভাষা সাহিত্যৰ উত্তৰণৰ হকে নীৰৱে কাম কৰি অহা সাহিত্যিক গৰাকীয়ে এগৰাকী জাৰ্মান শিক্ষাবিদৰ সৈতে কাৰ্বি অভিধান প্ৰণয়নৰ সৈতেও জড়িত হৈ আছিল ৷ বিশিষ্ট সাহিত্যিক গৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰা বুলিও কয় ৷ সাহিত্যিক গৰাকীক জনোৱা এনে আমন্ত্ৰণে সমগ্ৰ জিলাবাসীক গৌৰাৱন্বিত কৰিছে ।

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.