অসম চুক্তি ৰূপায়ণ আৰু এন আৰ চি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ দাবী বিৰোধী দলপতিৰ - Assam Assembly Autumn Session
Assam Assembly Autumn Session : অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰশ্নোত্তৰ কালেৰে বিধানসভাৰ অধিবেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । সদনত বিৰোধীয়ে অসম চুক্তি ৰূপায়ণ, অসম আৰু বাংলাদেশ সীমান্ত সম্পূৰ্ণভাৱে ছীল কৰা, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আদি সন্দৰ্ভত কেতবোৰ প্ৰশ্ন কৰে ।

Published : August 28, 2024 at 1:14 PM IST
গুৱাহাটী, ২৮ আগষ্ট : অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । এই অভিযোগ অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।
বিধানসভাৰ বাহিৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবাদিকক সম্বোধন কৰি কয়, "লোকসভা নিৰ্বাচনৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তি ৰূপায়ণৰ কথা কৈছিল । অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত দুখনকৈ কমিটী গঠন কৰা হৈছিল । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আজিলৈকে অসম চৰকাৰে দিল্লীলৈ পঠোৱা নাই । বিধানসভাত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উত্তৰত এই কথা ওলাই পৰিছে ।"
উল্লেখ্য যে অসম বিধানসভাৰ চলিত শৰৎকালীন অধিবেশনৰ বুধবাৰে তৃতীয়টো দিন । প্ৰশ্নোত্তৰ কালেৰে বিধানসভাৰ অধিবেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পুৱা অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰশ্নোত্তৰ কালেৰে বিধানসভাৰ অধিবেশনৰ এই তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় ।
উল্লেখ্য, সদনত বিৰোধীয়ে অসম চুক্তি ৰূপায়ণ, অসম আৰু বাংলাদেশ সীমান্ত সম্পূৰ্ণভাৱে ছীল কৰা, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আদি সন্দৰ্ভত কেতবোৰ প্ৰশ্ন কৰে । এই প্ৰশ্নৰ উত্তৰ দিয়ে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, "সদনত বিৰোধীয়ে অসম চুক্তি ৰূপায়ণ, অসম আৰু বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন, এন আৰ চি আদি সন্দৰ্ভত কেতবোৰ প্ৰশ্ন কৰা হৈছিল । অতুল বৰাই ভালকৈ উত্তৰ নিদিলে । অসমীয়াৰ সংজ্ঞা কি হ'ব সেয়া অস্পষ্ট হৈ আছে । এন আৰ চিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাত বিলম্ব হৈ আছে ।"
তেওঁ লগতে কয়, "আমাৰ দাবী এন আৰ চিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব লাগে । অসম চুক্তি শীঘ্ৰেই ৰূপায়ণ হ'ব লাগে । তাৰ বাবে বিধানসভাত আমি দাবী কৰিছোঁ ।"

