এতিয়াও উন্মুক্ত ৪.৩৫ কিলোমিটাৰ অসম-বাংলাদেশ সীমান্ত - Assam Bangladesh Border
Assam Bangladesh Border seal issue : বিধানসভাৰ শৰৎকালীন অধিৱেশনত পুনৰ অসম-বাংলাদেশ সীমান্ত ছীল কৰা প্ৰসংগক লৈ সৰৱ বিৰোধী । বিভাগীয় মন্ত্ৰী অতুল বৰাই উত্তৰ পোনপটীয়াকৈ নিদিয়াত ক্ষোভ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।

Published : August 28, 2024 at 12:36 PM IST
গুৱাহাটী, ২৮ আগষ্ট: "অসম-বাংলাদেশ সীমান্ত এতিয়াও সম্পূৰ্ণৰূপে ছীল হোৱা নাই । কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰাত ব্যৰ্থ হৈছে ।" এই অভিযোগ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ । বুধবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনা বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত এইদৰে চৰকাৰৰ ব্য়ৰ্থতাৰ কথা উল্লেখ কৰে ।
তৃতীয় দিনা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী । পুৱা অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰশ্নোত্তৰ কালেৰে বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিন আৰম্ভ হয় । সদনত বিৰোধীয়ে অসম চুক্তি ৰূপায়ণ, অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আদি সন্দৰ্ভত কেতবোৰ প্ৰশ্ন উত্থাপন কৰে । এই প্ৰশ্নৰ উত্তৰ দিয়ে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
অতুল বৰাই উত্তৰ পোনপটীয়াকৈ নিদিয়াত ক্ষোভ :
বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়," অসম চুক্তি ৰূপায়ণ, অসম আৰু বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আদি সন্দৰ্ভত কেতবোৰ মৌখিক প্ৰশ্ন কৰা হৈছিল । মন্ত্ৰী অতুল বৰাৰ উত্তৰত সন্তুষ্ট নহ'লো । তেওঁ উত্তৰবোৰ আওপকীয়াকৈ দিছে । "
অসম-বাংলাদেশ সীমান্তৰ ৪.৩৫ কিলোমিটাৰ উন্মুক্ত:
বিধায়কগৰাকীয়ে পুনৰ কয়, "অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আজিলৈকে অসম চৰকাৰে দিল্লীলৈ পঠিওৱা নাই । সীমান্ত ছীল হৈছে বুলি কৈ আছে । কিন্তু মন্ত্ৰীৰ উত্তৰত ওলায় পৰিছে যে কৰিমগঞ্জ জিলাত অসম-বাংলাদেশ সীমান্তৰ ৪.৩৫ কিলোমিটাৰ উন্মুক্ত হৈ আছে । এই ক্ষেত্ৰত চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰিব লাগে । অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰিব লাগে ।"

