ETV Bharat / state

ড্ৰাগছ সৰবৰাহৰ অভিযাগত আটক পুৰুষসহ মহিলা; মিজোৰামত জব্দ কোটি টকাৰ ড্ৰাগছ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:10 AM IST

Large amount of drugs seized in Sonari and Mizoram
ড্ৰাগছ সৰবৰাহত অভিযাগত আটক পুৰুষসহ মহিলা; মিজোৰামত জব্দ কোটি টকাৰ ড্ৰাগছ

Drugs seized: চৰাইদেউ জিলাৰ সোণাৰিত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ ঘটনা সন্দৰ্ভত দুগৰাকী মহিলাৰ লগতে এজন লোক আটক ৷ ইফালে অসম ৰাইফল আৰু জোখোৱাথাৰ আৰক্ষীৰ যুতীয়া অভিযানত 37.75 কোটি টকাৰ ড্ৰাগছ জব্দ মিজোৰামত ৷

ড্ৰাগছ সৰবৰাহত অভিযাগত আটক পুৰুষসহ মহিলা

মৰাণ/তেজপুৰ: ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ ৷ আৰক্ষী-প্ৰশাসন কঠোৰ হোৱা সত্বেও ৰাজ্যত হ্ৰাস হোৱা নাই ড্ৰাগছৰ প্ৰচলন ৷ চৰাইদেউ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে আৰু ইয়াৰ পাচতো জিলাখনত ড্ৰাগছৰ সৰবৰাহ বন্ধ হোৱা নাই । বৃহস্পতিবাৰৰ আবেলি চৰাইদেউত আৰক্ষী-চি আৰ পি এফৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

আৰক্ষী-চি আৰ পি এফে এক গোপন তথ্যৰ ভিত্তিত সোণাৰিৰ পুৰণি টাউকাকৰ ছমিৰ আহমেদ নামৰ ব্যক্তিজনৰ বাসগৃহত যুতীয়া অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । 10 টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

Large amount of drugs seized in Sonari and Mizoram
মিজোৰামত জব্দ কোটি টকাৰ ড্ৰাগছ

আৰক্ষীয়ে 398 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেবালাখ হ'ব বুলি আৰক্ষীয়ে জনায় । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত দুগৰাকী মহিলাৰ লগতে ছমিৰ আহমেদক আটক কৰিছে ।

আনহাতে, অসম ৰাইফল আৰু জোখোৱাথাৰ আৰক্ষীয়ে মিজোৰামত অভিযান চলাই 37.75 কোটি টকাৰ হেৰ’ইন উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত মেলবুক ৰোড জংচন, জোখৱথাৰ চামফাই জিলাৰ পৰা এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে । প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে কয় যে 6 মাৰ্চত জোখোৱাথাৰ চম্পাই জিলাৰ সাধাৰণ এলেকা মেলবুক ৰোড জংচনত 37.75 কোটি টকাৰ 5394 গ্ৰাম ওজনৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Large amount of drugs seized in Sonari and Mizoram
মিজোৰামত জব্দ কোটি টকাৰ ড্ৰাগছ

আৰক্ষী বিভাগৰ জোখোৱাথাৰৰ প্ৰতিনিধিৰ সৈতে অসম ৰাইফলছৰ এটা দলে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান চলায় । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 37,75,80,000 টকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ড্ৰাগছৰ গোচৰত অভিযুক্তক কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.