ETV Bharat / state

লখিমপুৰক সুন্দৰ কৰিবলৈ ৰাইজৰ সহযোগ কামনা নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:24 PM IST

Lakhimpur SP Arpana Natarajn: আনন্দ মিশ্রৰ বিদায়ৰ পাছত লখিমপুৰত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে অৰ্পণা নটৰাজনে । বৃহস্পতিবাৰে তেওঁ লখিমপুৰৰ সাংবাদিকসকলৰ সৈতে এক আলোচনাত মিলিত হয় । আলোচনাৰ মেজৰ পৰা তেওঁ এখন সুন্দৰ লখিমপুৰ গঢ়াৰ ক্ষেত্রত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সহযোগিতা কামনা কৰে ।

লখিমপুৰৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন

লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ সাংবাদিকেৰে আলোচনা

লখিমপুৰ, ১ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্রত আৰক্ষী সদায় সষ্টম হৈ থাকিব । এই কথা ব্যক্ত কৰিছে লখিমপুৰৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে । বৃহস্পতিবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সাংবাদিকসকলৰ সৈতে হোৱা এক সৌহার্দ্যমূলক আলোচনাত তেওঁ এনেদৰে কয় ।

তেওঁ লগতে কয় যে যিকোনো ধৰণৰ অভিযোগ আৰক্ষীয়ে সঠিকভাৱে পৰ্যবেক্ষণ কৰি তাৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিব । আনহাতে, জিলাখনৰ অপৰাধজনিত ঘটনা, ড্ৰাগছ, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত আৰক্ষীৰ কঠোৰ দৃষ্টি থাকিব বুলিও মন্তব্য কৰে নৱনিযুক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে । তেওঁ লগতে কয় যে লখিমপুৰৰ ৰাইজৰ সেৱাৰ বাবে, জিলাখনত শান্তিৰ পৰিবেশ বৰ্তাই ৰখাৰ বাবে ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন ।

ৰাইজৰ সহযোগিতাৰে আৰক্ষীয়ে জিলাখনক সুন্দৰ কৰি ৰাখিব । এই ক্ষেত্ৰত তেওঁ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনায় । আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ বিভিন্ন অপৰাধজনিত ঘটনা, তাৰ কাৰণ, অপৰাধপ্ৰৱণ অঞ্চল আদি বিভিন্ন দিশ সম্পর্কে সাংবাদিকসকলৰ সৈতে আলোচনা কৰি তেনে বিষয় সন্দৰ্ভত ব্যবস্থা গ্রহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে ।

আৰক্ষী অধীক্ষকগৰাকীৰ সাংবাদিকৰ সৈতে হোৱা এই আলোচনাকালত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) জয়ন্ত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুনিন্দ্ৰ নাথ দেউৰী, উপ-আৰক্ষী অধীক্ষক (সদৰ) দেবেন বৰা আদিয়েও অংশগ্রহণ কৰে । উল্লেখ্য, পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই লখিমপুৰত কৰ্মৰত হৈ থাকোঁতেই চৰকাৰক তেওঁৰ চাকৰিৰ ইস্তফা-পত্ৰ দাখিল কৰে । যোৱা ১৬ জানুৱাৰীৰ পৰা তেওঁৰ চাকৰিৰ ইস্তফা কাৰ্যকৰী হয় ।

উল্লেখ্য যে জিলাখনত ড্ৰাগছ, নকল সোণ, জালনোট আদিৰ বেহাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ উপৰি এনে বেহাৰ বিৰুদ্ধে অভিযান চলাই ঘূৰি যোৱাৰ কেইদিনমান পাছত জোনমণি ৰাভাৰ মৃত্যু ঘটে । তেতিয়াই লখিমপুৰ জিলাৰ এই অন্ধকাৰ সাম্ৰাজ্যৰ কথা পোহৰলৈ আহে । জিলাখনৰ এনে ভয়ংকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আনন্দ মিশ্ৰক আৰক্ষী অধীক্ষকৰূপে জিলাখনলৈ বদলি কৰা হয় । আনন্দ মিশ্রই জিলাখনত যোগদান কৰাৰ পাছত এনে অবৈধ বেহা বহু পৰিমাণে নিয়ন্ত্রণলৈ আহিলেও অন্ত পৰা নাই । এনে বেহাৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে তেওঁ চাকৰি এৰি গুচি যায় ।

তেওঁৰ ইস্তফাৰ পাছত অৰ্পণা নটৰাজনক জিলাখনত আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হয় । বৃহস্পতিবাৰৰ আলোচনাকালত ঘাইকৈ জিলাখনৰ ড্ৰাগছ, দুৰ্ঘটনা আদি বিষয়বোৰে স্থানলাভ কৰে । আনহাতে, ৰাইজৰ সহযোগত জিলাখনক সুন্দৰ কৰি তুলিব বুলি কয় আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ।

লগতে পঢ়ক :বাৰপূজীয়াত অসম সাহিত্য সভাৰ বিশেষ অধিবেশন: গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমা নাই ছাত্ৰ-ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.