ভূমি অধিকাৰৰ আন্দোলনক বিপথে পৰিচালিত কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে: কৃষক মুক্তি
KMSS slams Assam CM: থলুৱা তথা বৈধ অসমবাসীৰ গুৰুত্বপূৰ্ণ সমস্যা ‘ভূমি অধিকাৰ’ৰ বিষয়টোৰ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্যকলৈ কৃষক মুক্তিৰ তীব্ৰ প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰীৰ মন্তব্যক চৰম অপমানজনক তথা তুলুঙা আখ্যা সংগঠনটোৰ ৷

Published : February 9, 2024 at 9:20 PM IST
গোলাঘাট, 9 ফেব্ৰুৱাৰী: বুধবাৰে সদনৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এটা জাতীয় সমস্যা মাটিৰ পট্টা বিষয়টোক লৈ কৰা মন্তব্য সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ মুখ্যমন্ত্ৰীয়ে মিঞা মুছলমান, 1971 চনত, তাৰ আগত বা তাৰ পিছত অহা চৰাঞ্চলৰ মানুহ অভিবাসী মুছলমান আদি কথা কৈ অসমত দীৰ্ঘদিনৰ দিনৰ পৰা ভূমিৰ অধিকাৰ বিচাৰি কৰা আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি অভিযোগ তোলে সংগঠনটোৱে ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে চৰ অঞ্চলৰ মানুহ, অভিবাসী মুছলমান মানুহক ভূমিৰ অধিকাৰ দিয়া নহয় ৷ এনেধৰণৰ কথাৰে মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মাজত বাংলাদেশী মূলৰ লোকে ভূমিৰ অধিকাৰ পাব নেকি ধৰণৰ এক শংকাৰ সৃষ্টি কৰি মূল সমস্যাক তল পেলাবলৈ চেষ্টা কৰিছে বুলিও তেওঁলোকে অভিযোগ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
সংগঠনটোৰ বিষয়ববীয়াই কয় যে কিছুদিন পূৰ্বলৈকে 13 লাখ লোকে ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিছিল ৷ তাৰে 85 শতাংশ লোকৰ আবেদন নাকচ কৰা হৈছে আৰু কেৱল 2.50 লাখ লোকৰ আবেদন বিবেচনাধীন হৈ আছে । জাতি-মাটি-ভেঁটি ৰক্ষা কৰা, খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ দিয়াৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ভূমিৰ সুৰক্ষা প্ৰদান কৰিব পৰা নাই বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে ৷
ভূমিৰ তথ্য দাখিল কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে জনা উচিত ৰাজ্যৰ 100 জন লোকৰ ভিতৰত 28 জন লোকৰে নিজৰ বুলিবলৈ ভূমি নাই ৷ 3.50 জন লোকৰ আছে তিনি বিঘাতকৈ কম ভূমি ৷ তেনেহ’লে চৰ অঞ্চলৰ 28 শতাংশ লোক মিঞা মুছলমান নেকি বা নামনি অসমত বসবাস কৰা মুছলমান মানু্হসকল মিঞা মুছলমান নেকি বুলি প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিত নেতৃত্বই ।
তেওঁলোকে লগতে কয় যে শিলসাঁকো 1200 উচ্ছেদিত পৰিয়ালৰ কোনোবাজন বৰা, কলিতা, হাজৰিকা, শৰ্মা, বড়ো, পেগু, দলে বা বিভিন্ন ধৰ্মাৱলম্বী ৷ তেওঁলোক তিনিটা প্ৰজন্মৰ পিছত অহা নেকি বুলি প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই । এই 1200 লোকক কিয় ভূমিৰ অধিকাৰ দিয়া হোৱা নাই ? কিয় বানপানী, বন্যপ্ৰাণীৰ উপদ্ৰৱ, জীৱন-জীৱিকাৰ বাবে এঠাইৰ আন ঠাইলৈ ধাপলি মেলা লোকসকলক আজিও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি প্ৰশ্ন কৰে তেওঁ ।
ইয়াৰোপৰি মাৰোৱাৰী, বিহাৰী, সম্প্ৰদায়ৰ লোকক ভূমি অধিকাৰ দিয়া নহয়, কিন্তু শিলসাঁকো কেনেকৈ হিম্মত সিংহা, ৰতন টাটাক ভূমি কেনেকৈ অধিকাৰ দিয়া হৈছে বুলিও সংগঠনটোৱে প্ৰশ্ন তোলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত বুধবাৰে দিয়া বক্তব্যক এইদৰে তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।
লগতে পঢ়ক: শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

