ETV Bharat / state

মুখ্যমন্ত্ৰীক লাজত ধৰি সমালোচনা কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 9:55 PM IST

Assam CM facebook controversy
CM in Golaghat

CM in Golaghat: সৰুপথাৰ সমষ্টিত 'গাওঁ চলো' যাত্ৰাৰ নামত নাটক কৰা অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷ সৰুপথাৰত অভিযন্তাৰ ঘৰত নৈশ যাপন কৰি 'প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ'ত থকা বুলি মুখ্যমন্ত্ৰীয়ে দিয়া পোষ্টক লৈ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ তীব্ৰ সমালোচনা । অৱশ্য়ে পৰৱৰ্তী সময়ত পোষ্টটো সম্পাদন কৰি শুধৰোৱা হয় ৷

বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া

গোলাঘাট, 15 ফেব্ৰুৱাৰী: অসমত ভাৰতীয় জনতা পাৰ্টীৰ 'গাওঁ চলো' যাত্ৰাত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো আৰম্ভ হৈছে 'গাওঁ চলো' যাত্ৰা । বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ আহ্বান মৰ্মে বুধবাৰে নিশা গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ১ নং ৰজা পুখুৰী শ্যাম গাঁৱত নিশা অতিবাহিত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কিন্তু নিশা অতিবাহিত কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত সম্পূৰ্ণ ভুল তথ্য দি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, তথা জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ।

CM in Golaghat
ফেচবুক পোষ্ট দুটা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নেতা-কৰ্মীৰ প্ৰতি আহ্বান আছিল যে নিশা গাঁৱত এজন দৰিদ্ৰ লোকৰ বাসগৃহত নৈশ যাপন কৰি গাঁওখনৰ জনসাধাৰণৰ লগত মত বিনিময় কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰৰ বাবে ৰূপায়ন কৰা বিভিন্ন আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে নে নাই সেয়া পৰ্যবেক্ষণ কৰা । তাৰেই অংশ ৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰজা পুখুৰী শ্যাম গাঁৱত বুধবাৰে নিশাটো যাপন কৰি অঞ্চলটোৰ জনসাধাৰণৰ লগত মত-বিনিময় কৰি সামাজিক মাধ্যমত এটা পোষ্ট লিখে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছিল এনেদৰে, ‘‘জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ ।’’ কিন্তু এইখন এখন নাটক বুলি অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই ।

কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে যিখন ঘৰত নিশা বসবাস কৰিছিল সেই বাসগৃহ আচলতে ভাস্কৰ শ্যাম গোহাঁই নামৰ লোক নিৰ্মাণ বিভাগৰ এগৰাকী অভিযন্তাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈশ যাপন কৰা বাসগৃহটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নহয়, এগৰাকী অভিযন্তাৰ দুই মহলীয়া অট্টালিকাহে ।

কিন্তু মন কৰিবলগীয়া কথা এই এই সমগ্ৰ ঘটনা কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্বতই পোহৰলৈ অনাৰ পিচত হঠাতে সলনি হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা পোষ্ট । যিটো পোষ্টত লিখা আছিল, ‘‘জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে শ্ৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ ।’’

গতিকে এগৰাকী মুখ্যমন্ত্ৰীয়ে মিছা কথাৰ আশ্ৰয় লোৱা বুলি অভিযোগ তুলি তীব্ৰ ভাষৰে গৰিহণা জনায় কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।

লগতে পঢ়ক: স্মৃতি ৰাখি শ্যাম গাঁৱৰ পৰা বিদায় ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.