ETV Bharat / state

দুৰ্ঘটনাত পতিত KMSSৰ নেতা বিদ্যুৎ শইকীয়া; গুৰুতৰভাৱে আহত

চাওদাং পথাৰত সংঘটিত হয় দুৰ্ঘটনাটো । পথত ৰৈ থকা অৱস্থাতে মটৰ চাইকেলে পিছফালৰ পৰা খুন্দা মাৰে ।

KMSS leader injured
দুৰ্ঘটনাত পতিত KMSSৰ নেতা বিদ্যুৎ শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 3, 2025 at 1:54 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : নৱবৰ্ষ উদযাপনৰ মাজতে গোলাঘাটৰ চাওদাং পথাৰত পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি নেতাগৰাকীক ।

কেনেদৰে হ'ল দুৰ্ঘটনা ?

প্ৰাপ্ত খবৰ অনুসৰি চাওদাং পথাৰত এখন সভাত অংশগ্ৰহণ কৰি নিশা অঞ্চলটোৰ এজন লোকৰ বাসগৃহত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল কৃষক নেতাগৰাকী । এটা ফোন অহাত ৰাজপথলৈ ওলাই আহিছিল কৃষক নেতাগৰাকী । সেই সময়তে পিছফালৰ পৰা এখন মটৰ চাইকেলে তীব্ৰ গতিত আহি খুন্দা মাৰে বিদ্যুৎ শইকীয়াক । মটৰ চাইকেলৰ খুন্দাত বাগৰি পৰে কৃষক নেতাগৰাকী ।

দুৰ্ঘটনাত পতিত KMSSৰ নেতা বিদ্যুৎ শইকীয়া (ETV Bharat)

প্ৰত্যক্ষদৰ্শী সতীৰ্থ আৰু স্থানীয় লোকে ততাতৈয়াকৈ মেৰাপানী চিকিৎসালয়ত লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কৃষক নেতাগৰাকীক । এই ঘটনা সম্পৰ্কে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেত্ৰীয়ে কয়, "আমাৰ এখন সভা আছিল । সেই সভাৰ পিছত ওচৰৰে এগৰাকী মহিলাৰ ঘৰত জিৰণি ল'বলৈ গৈছিলো । সেই সময়তে তেখেতৰ এটা ফোন অহাত পথৰ ফালে ওলাই গ'ল আৰু তাৰ পাছতে পিছফালৰ পৰা এখন মটৰ চাইকেলে তেওঁক খুন্দিয়াই থৈ যায় । পথ দুৰ্ঘটনা সংঘটিত কৰা লোকজন নিচাসক্ত আছিল ।" দুৰ্ঘটনাটোত কৃষক নেতাগৰাকীয়ে হাত, ভৰি আৰু কঁকালত আঘাত পাইছে বুলি জানিব পৰা গৈছে ।

আনহাতে এই ঘটনা সম্পৰ্কে বিদ্যুৎ শইকীয়াৰ ভাতৃ ইন্দ্ৰজিৎ শইকীয়াই জানিবলৈ দিয়া মতে তেওঁ শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছে । তেওঁ কয়, "মটৰ চাইকেল লৈ অহা লোকজন স্থানীয় আছিল । ইয়াৰ অন্তৰালত তেওঁৰ কিবা উদ্দেশ্য আছিল নেকি সেয়া আৰক্ষীয়ে সোধাপোছা কৰাৰ পিছত হে জানিব পৰা যাব ।"

লগতে পঢ়ক :খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ - PIPELINE BURSTS IN KHARGHULI