ETV Bharat / state

খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ

খাৰঘূলিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান গুৱাহাটী জলব’ৰ্ডৰ ৷

Compensation to 4 families of Kharghuli water pipe blastVictims
খাৰঘূলিৰ জল বিস্ফোৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 3, 2025 at 10:32 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ ফুটি বৃহস্পতিবাৰে পুৱা 'জলবোমা' বিস্ফোৰণ হয় ৷ ফলত বিপদাপন্ন হৈ পৰে বহু পৰিয়াল ৷ ঘৰ তথা সম্পত্তি তচনচ হৈ পৰা অঞ্চলটোৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ গুৱাহাটী জলব’ৰ্ডে বৃহস্পতিবাৰে নিশাই ক্ষতিপূৰণ দিয়ে ৷

আক্ৰান্তসকলৰ মাজৰ ৪ টা পৰিয়াললৈ জলব’ৰ্ডে ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে । বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ মেয়ৰ মৃগেণ শৰণীয়াই ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক এই ক্ষতিপূৰণ প্ৰদান কৰে । জাইকাৰ 'জলবোমা’ত বিধ্বস্ত পৰিয়ালসমূহৰ ভিতৰত আনোৱাৰ হুছেইন, আবু ফাতেহ আহমেদ, মৌমিন শ্বেখ আৰু বিনীতা দাসৰ পৰিয়ালক ১.২০ লাখ টকাকৈ মুঠ ক্ষতিপূৰণ ৪.৮০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয় ।

খাৰঘূলিৰ জল বিস্ফোৰণ (ETV BHARAT)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰা অনুসৰি প্ৰাথমিকভাৱে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা চাৰিটা পৰিয়ালক দিয়া হৈছে এই ক্ষতিপূৰণ ৷ পৰ্যায় ক্ৰমে আন ক্ষতিগ্ৰস্তসকলকো ক্ষতিপূৰণ দিয়া হ’ব । এই প্ৰসংগত মহানগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “বৃহস্পতিবাৰে পুৱা খাৰঘূলি অঞ্চলত পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ হৈ বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা চাৰিটা পৰিয়ালক ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি দিনটোৰ ভিতৰতে মেয়ৰ জৰিয়তে জিলা প্ৰশাসনৰ নিৰূপণ অনুযায়ী ক্ষতিপূৰণ প্ৰদান কৰা হয় ।”

Compensation to 4 families of Kharghuli water pipe blastVictims
খাৰঘূলিৰ জল বিস্ফোৰণ (ETV Bharat)

লগতে তেওঁ কয়, “সকলোকে আশ্বাস প্ৰদান কৰিছো যে বাকী পৰিয়ালসমূহকো ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া অনতিপলমে সম্পূৰ্ণ কৰা হʼব ।”

Compensation to 4 families of Kharghuli water pipe blastVictims
খাৰঘূলিৰ জল বিস্ফোৰণ (ETV Bharat)

উল্লেখ্য যে, ভয়ংকৰ জল বিস্ফোৰণটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত ঘটনাস্থলীত মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকী উপস্থিত হৈ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ কিন্তু জল বিস্ফোৰণত বিধস্ত হোৱাসকলৰ মাজৰ সৰ্বস্ৰান্ত বুলি বিবেচিত ৪ টা পৰিয়ালকহে জিলা প্ৰশাসনে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণ কৰাৰ পিছত তৎকালীনভাৱে ১.২০ লাখ টকাকৈ জলবোৰ্ডে ক্ষতিপূৰণ দিয়ে । এতিয়া বাকীসমূহ ক্ষতিগ্ৰস্ত পৰিয়ালক কেতিয়া ক্ষতিপূৰণ দিব সেয়া লক্ষণীয় হ’ব ৷’’

Compensation to 4 families of Kharghuli water pipe blastVictims
খাৰঘূলিৰ জল বিস্ফোৰণ (ETV Bharat)
ETV Bharat Assam
ক্ষতিগ্ৰস্ত পৰিয়াল (ETV Bharat)

কামৰূপ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ ভয়ংকৰ জল বিস্ফোৰণটোত খাৰঘূলিৰ নামঘৰ চ’কত বৃহৎ সংখ্যক লোক প্ৰভাৱিত হৈছিল । জিলা প্ৰশাসনৰ তথ্য অনুসৰি খাৰঘূলিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্তৰ তথ্য -

  • ক্ষতিগ্ৰস্ত হোৱা মুঠ পৰিয়াল ২১ টা
  • ১০ বছৰৰ তলৰ শিশু ৭ টা
  • ১০ বছৰৰ ওপৰৰ শিশু ৫ টা
  • প্ৰভাৱিত মুঠ পুৰুষ ৪৬ জন
  • বিপৰীতে মহিলা ৫৫ গৰাকী
  • ক্ষতিগ্ৰস্ত হোৱা ঘৰ ৬ টা
  • ক্ষতিগ্ৰস্ত হোৱা দোকান ৪ খন
  • ক্ষতিগ্ৰস্ত হোৱা অ'টো ১ খন, স্কুটী ৪ খন, বাইক ১ খন
  • আৰু ই-ৰিক্সা ৪ খন৷ লগত, পেডেল-ৰিক্সা ২ খন
লগতে পঢ়ক : আকৌ ফুটিল জাইকাৰ জলবোমা: ৫০ ফুট পৰ্যন্ত উঠিল পানীৰ ফোঁৱাৰা