ETV Bharat / state

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:58 PM IST

Arrest of KMSS leader : প্ৰতিবাদ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক । অসমত কোনোপধ্যে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ দিয়া নহ’ব বুলি কয় তেওঁ ৷

Arrest of KMSS leader
কৃষক নেতা বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ
কৃষক মুক্তি সংগ্ৰাম সমিতৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ

গোলাঘাট, 20 জানুৱাৰী : অসম ভ্ৰমণত থকা অমিত শ্বাহৰ সভাস্থলীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত গোলাঘাট আৰক্ষীয়ে আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক ৷ গোলাঘাটৰ গোৱাল গাঁওস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে আজি আটক কৰে কৃষক নেতা বিদ্যুৎ শইকীয়াক ৷

অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ’ব বুলি আগবঢ়োৱা বক্তব্যৰ বিৰোধিতা কৰি লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে গৃহমন্ত্ৰী গৰাকীক জবাবদিহি কৰিবলৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠনটোৱে ৷ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, শেহতীয়াকৈ অসমত আলফাৰ সন্দেহত যুৱকক আৰক্ষীয়ে যিদৰে এনকাউন্টাৰ কৰিছে, লগতে শিলসাঁকোত ৰাজ্য চৰকাৰে উচ্ছেদ চলাই সেই ঠাইত অমিত শ্বাহৰ পুত্ৰক ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ গতিকে এই বিষয় কেইটাৰ সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীক জবাবদিহি কৰিবলৈ যোৱাৰ আগমুহূৰ্তত তেওঁলোকক আটক কৰে বুলি জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক ৷

সাধাৰণ সম্পাদকজনে কয় যে, অসমত কোনোপধ্যেই নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ দিয়া নহ’ব ৷ খিলঞ্জীয়া লোকক উচ্ছেদ কৰি অমিত শ্বাহৰ পুত্ৰক সেই ভূমি গতাই দিয়া আৰু অসমৰ নিৰিহ যুৱকক এনকাউন্টাৰ কৰাৰ উত্তৰ গৃহমন্ত্ৰীয়ে দিব লাগিব বুলি কয় তেওঁ ৷ যিমানে গ্ৰেপ্তাৰ নকৰক কিয়, এই প্ৰতিবাদ চলি থাকিব বুলিও কয় তেওঁ ৷ আজি গোলাঘাট আৰক্ষী থানাৰ পৰা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদা লাঘব কৰিছে : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.