ETV Bharat / state

চামগুৰিত কোনে কৰে ৰাজনৈতিক সংঘাত ?

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 1:59 PM IST

চামগুৰিত ৰাজনৈতিক সংঘাত কোনে কৰে সকলোৱে জানে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ । দেওবাৰে চামগুৰিত হোৱা ৰাহুল গান্ধীৰ ৰেলীত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ । আক্ৰমণ কৰা দোষীয়ে শাস্তি পাব বুলিও মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ ।

দেওবাৰে ৰাহুল গান্ধী
দেওবাৰে ৰাহুল গান্ধী
মন্ত্ৰী কেশৱ মহন্ত

নগাঁও, 23 জানুৱাৰী: দেওবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই । চামগুৰিত নিৰ্বাচনী সংঘাত কোনে কৰে সেয়া সকলোৱে জানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত হোৱা আক্ৰমণ নিজৰ মাজৰেই সংঘাত বুলি উল্লেখ কয় মন্ত্ৰী কেশৱ মহন্তই ।

অগপ বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত পুনৰ কয়, "অগপ-বিজেপি কৰ্মীয়ে কেতিয়াও সংঘাত নকৰে । এয়া তদন্ত হ’লেই সকলো স্পষ্ট হৈ পৰিব ।" ইয়াৰ পিচতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিলে মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখযোগ্য যে, দেওবাৰে বিয়লি কলিয়াবৰ বিধানসভা সমষ্টিৰ নলতলীত এক ৰাজহুৱা সভাত অংশগ্ৰহণৰ পিছতেই ৰূপহীহাট অভিমুখে আহি থকা অৱস্থাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত চলিছিল আক্ৰমণ । ইয়াৰ পিচতেই চামগুৰি সমষ্টিৰ লাওখোৱাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ হস্তক্ষেপত নিয়ন্ত্ৰণ হৈছিল পৰিস্থিতি । পৰৱৰ্তী সময়ত নিশা ৰূপহীহাটত উপস্থিত হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো ।

প্ৰশাসনিক হেঁচাৰ বাবে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোৱে বাতিল কৰিবলগীয়া হৈছিল বটদ্ৰৱা থানৰ কাৰ্যসূচী ৷ 2 ঘণ্টাৰো অধিক সময় ৰাজপথতেই বহি প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী তথা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোৱে ৷ এই যাত্ৰাৰ সময়তেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাৱে বিগ্ৰহ চলোৱা হৈছিল ৷

লগতে পঢ়ক: ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.