ETV Bharat / state

খাবলি ফেৰী ঘাটত IWT ৰ কৰ্মচাৰীৰ ময়মতালি !

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:26 PM IST

Majuli News : কি দৰে চলিছে লোহিত খাবলি ফেৰী ঘাট ? কৰ্মচাৰীসকল আহে কেৱল হাজিৰা বহীত চহী কৰিবলৈ ? মাহটোৰ সৰভাগ দিনেই বহু কৰ্মচাৰী থাকে মেডেকেল লিভত । ক্ষোভিত অঞ্চলবাসী তথা ফেৰী যাত্ৰীসকল ।

IWT staff anarchy at Khabli Ferry Ghat in Majuli
খাবলি ফেৰী ঘাটত IWTৰ কৰ্মচাৰীৰ ময়মতালি
খাবলি ফেৰী ঘাটত IWTৰ কৰ্মচাৰীৰ ময়মতালি

মাজুলী, ২৫ জানুৱাৰী : আভ্যন্তৰীণ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ কথাই সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে । এইসকল কৰ্মচাৰীৰ হেমাহিৰ ফলতে বিভিন্ন সময়ত ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগো বহু পুৰণি । এইবাৰ পোহৰলৈ আহিছে আন এটা ঘাটৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ নমুনা ।

মাজুলীৰ পৰা উত্তৰ পাৰলৈ যাতায়তৰ বাবে এটি সুচল তথা চমু পথ হৈছে লোহিত খাবলি ফেৰী ঘাট । যি ঘাটেৰে দৈনিক হাজাৰ হাজাৰ মানুহ ফেৰীৰে পাৰা পাৰ হয় । মাজুলীৰ পৰা লখিমপুৰ, তেজপুৰ অৰুণাচল প্ৰদেশলৈকে হওঁক বা উত্তৰ দিশৰ পৰা মাজুলীলৈকে হওঁক এই ঘাটেৰে যাবলৈ চমু হয় । যিটো ঘাট পৰিচলানা কৰে অসমৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগে ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী ঘাটতো চলাইছে সেয়া সঁচা । যাৰ বাবে চৰকাৰে তাত নিয়োজিত কৰ্মচাৰীসকলক মাহেলী বেতনো দি অহা হৈছে । লোহিত খাবলিত নিয়োজিত কৰ্মচাৰীসকলে চৰকাৰী দৰমহা সময় মতে লাভ কৰিছে সেইটোও সঁচা । কিন্তু কৰ্মচাৰীসকল সময়মতে উপস্থিত নাথাকে কৰ্মস্থলীত । ঘাটতোত নিয়োজিত ১২ জন কৰ্মচাৰীৰ ভিতৰত কেইজনমানেহে ঘাটত নিয়োজিত হৈ থাকে ।

সৰহ সংখ্যক কৰ্মচাৰীয়ে ঘাটলৈ নাহে, আহিলেও তেওঁলোকে হাজিৰা বহীত চহী কৰে আৰু গুচি যায় । এই অভিযোগ উত্থাপন কৰিছে লোহিত খাবলি অঞ্চলবাসীয়ে । লোহিত খাবলিৰ প্ৰতক্ষ্যদৰ্শীৰ জনোৱা অনুসৰি ঘাটত নিয়োজিত কৰ্মচাৰীসকলে কৰ্তব্য পালনৰ সময়তো সুৰা সেৱন কৰি থাকে ।

যাৰ বাবে অনাগত সময়ত বিপদত পৰাৰ সম্ভাৱনা ফেৰীত পাৰা পাৰ হোৱা যাত্ৰীসকলৰ । এই সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে আহি থকা দিনত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক: কাৰ্যকাল উকলিল কিন্তু গাদী নলৰিল পঞ্চায়ত প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.