ETV Bharat / state

লালুৰ পাচত আজি তেজস্বীক জেৰা চলাব ইডিয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 11:15 AM IST

ED will interrogate Tejashwi Yadav : ইডিৰ কাৰ্যালয়লৈ তলব বিহাৰৰ প্ৰক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ৷ আজি ইডিৰ সন্মুখত হাজিৰ হ’ব লাগিব তেজস্বী ৷

interrogation with tejashwi yadav in land for job scam
ইডিৰ কাৰ্যালয়লৈ তলব বিহাৰৰ প্ৰক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক

নিউজ ডেস্ক, 30 জানুৱাৰী : আৰ জে ডিৰে মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰে এন ডি এত যোগ দিয়াৰ পাচতে সক্ৰিয় হৈ পৰিছে ইডিও ৷ ভূমিৰ বিনিময়ত নিযুক্তিৰ কেলেংকাৰী গোচৰত সোমবাৰে আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক 10 ঘন্টীয়া জেৰাৰ পাচত আজি ইডিৰ কাৰ্যালয়লৈ তলব কৰিছে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ৷ বিহাৰত ভূমিৰ বিনিময়ত নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভতে ইডিয়ে তেজস্বীক জেৰাৰ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, চাকৰিৰ কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে তেজস্বী যাদৱলৈ ইডিয়ে প্ৰেৰণ কৰিছিল চমন ৷ আনহাতে, আজি ইডিৰ কাৰ্যালয়ত তেজস্বী উপস্থিত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ সোমবাৰে ইডিৰ পাটনা কাৰ্যালয়ত লালু যাদৱ উপস্থিত হোৱাৰ সময়ত তেওঁৰ জীয়ৰী মিছা ভাৰতীকো দেখা গৈছিল । ইফালে মিছা ভাৰতীক 5 ফেব্ৰুৱাৰীত ইডিয়ে সোধা-পোছা কৰিব ৷

ইফালে সোমবাৰে ইডিয়ে লালু যাদৱক হঠাৎ সোধা-পোছাৰ বাবে তলব কৰা কথা পোহৰলৈ অহাৰ পাচতে ইডি কাৰ্যালয়ৰ চৌহদত লালুৰ সমৰ্থকে ভিৰ কৰে ৷ যাৰবাবে চি আৰ পি এফ মোতায়েন কৰা হৈছিল । সোমবাৰে লালুক 10 ঘন্টা ধৰি ইডিয়ে প্ৰশ্ন কৰিছিল । ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ লগে লগে যাদৱ পৰিয়ালত এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে ইডি ৷ এইয়া বিজেপিৰে ষড়যন্ত্ৰ বুলি ভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে ৷

2004-2009 চনত মনমোহন সিং চৰকাৰত ৰে’লমন্ত্ৰী আছিল লালু যাদৱ । সেই সময়চোৱাতে ৰে’লৱে পথ নিৰ্মাণৰ বাবে ভূমি আৱন্টনৰ বিনিময়ত নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল ৷ এই ক্ষেত্ৰত লালু যাদৱ, ৰাবড়ী দেৱী, তেজস্বী যাদৱ, মিছা ভাৰতীৰ বিৰুদ্ধে অভিযোগ উঠিছিল ৷

লগতে পঢ়ক : ভূমিৰ বিনিময়ত নিযুক্তি, কেবা ঘণ্টা ধৰি লালুক ইডিৰ মাৰাথন জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.