ETV Bharat / state

অসমত কৰ্কট ৰোগৰ প্ৰেক্ষাপট, বছৰি আক্ৰান্ত হয় ৫০ হাজাৰ লোক

বিশ্ব কৰ্কট দিৱসত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উদ্বেগজনক তথ্য । ধঁপাতে কৰ্কট ৰোগৰ হটস্পট কৰি তুলিছে নেকি উত্তৰ-পূৰ্বাঞ্চলক । এক প্ৰতিবেদন ।

In the World Cancer Day The context of Cancer in Assam
আজি বিশ্ব কৰ্কট দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 9:18 PM IST

|

Updated : February 4, 2025 at 9:30 PM IST

13 Min Read
Choose ETV Bharat

গুৱাহাটী: আজি বিশ্ব কৰ্কট দিৱস । প্ৰত্যেক বছৰে ৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসকলে পালন কৰে বিশ্ব কৰ্কট দিৱস । কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল উদ্দেশ্য । এইবাৰৰ বিশ্ব কৰ্কট দিৱসৰ বিষয়বস্তু হৈছে - 'United by Unique' । অসমতো আজি বিভিন্ন কাৰ্যসূচীৰে মূলতঃ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয় ।

লক্ষণীয় বিষয় যে বিভিন্ন কাৰণত অসমত দেশৰ আন ৰাজ্যৰ তুলনাত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক। এক কথাত ক'বলৈ গ'লে অসম কৰ্কট ৰোগৰ ‘হটস্পট'ত পৰিণত হৈছে । প্ৰতিবছৰেই ৰাজ্যখনত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা । অসমত কৰ্কট ৰোগৰ বিভিন্ন দিশ সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন । এই প্ৰতিবেদন চৰকাৰী তথ্য আৰু গুৱাহাটীৰ বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ তথা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীৰ টেলিফোনিক সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

অসমত কৰ্কট ৰোগৰ প্ৰেক্ষাপট:

ৰাজ্যখনত কৰ্কট ৰোগে ঘাতকৰ ৰূপ ধাৰণ কৰিছে । অসমত প্ৰতিবছৰে নতুনকৈ প্ৰায় ৫০ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । ২০১৬ চনত আক্ৰান্তৰ এই সংখ্যা আছিল ৩২ হাজাৰ । অৰ্থাৎ ৰাজ্যখনত কৰ্কট ৰোগীৰ সংখ্যা প্ৰত্যেক বছৰে উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে । কৰ্কট ৰোগৰ এই তথ্য অসম বিধানসভাৰ অধিৱেশনত চৰকাৰীভাৱে দিয়া তথ্য । আনহাতে চৰকাৰী তথ্য মতেই নতুনকৈ চিনাক্ত হোৱা ৫০ হাজাৰ ৰোগীৰ ভিতৰত ৭০ শতাংশ ৰোগী পলমকৈ চিকিৎসকৰ কাষ চাপে তথা পলমকৈ চিনাক্তকৰণ হয় ।

In the World Cancer Day The context of Cancer in Assam
অসমত কৰ্কট ৰোগৰ প্ৰেক্ষাপট (ETV Bharat Assam)

পলমকৈ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগী সম্পূৰ্ণৰূপে ৰোগমুক্ত হ'বলৈ সক্ষম নহয় । ইফালে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে কৰ্কট ৰোগত বিগত পাঁচ বছৰত ৰাজ্যখনত ১ লাখ ১৪ হাজাৰ ১৬৯জন লোকৰ মৃত্যু ঘটাৰ লগতে আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে অসমত প্ৰতিবছৰেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ।

তথ্য অনুসৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ অসমত ২০১৮ চনত ২১,৭১৫ জন, ২০১৯ চনত ২২,২৬১ জন, ২০২০ চনত ২২,৮২৪ জন, ২০২১ চনত ২৩,৩৯৫ জন আৰু ২০২২ চনত প্ৰায় ২৪,০০০ জনৰ মৃত্যু হৈছিল । আনহাতে বিগত পাঁচ বছৰত ৰাজ্যখনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক । ইয়াৰে ভিতৰত ২০১৮ চনত ৩৬,০২৯ জন, ২০১৯ চনত ৩৬,৯৪৮ জন, ২০২০ চনত ৩৭,৮৮০ জন, ২০২১ চনত ৩৮,৮৩৪ জন আৰু ২০২২ চনত প্ৰায় ৪০,০০০ জন আক্ৰান্ত হৈছিল । লক্ষণীয় বিষয় যে অসমত প্রতি লাখ জনসংখ্যাৰ মাজত ২০৬ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । যিটো দেশৰ আক্ৰান্তৰ সংখ্যাতকৈ বেছি । ভাৰতত প্রতি লাখ জনসংখ্যাত ৮০ ৰ পৰা ১১০ জন লোক আক্ৰান্ত হয় । কৰ্কট ৰোগৰ ক্ষেত্রত অসমসহ উত্তৰ-পূৰ্বাঞ্চল দেশৰ ৰাজধানী ৰূপে পৰিগণিত হৈছে ।

অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ:

কৰ্কট ৰোগৰ ক্ষেত্রত দেশৰ ভিতৰতে শীৰ্ষত আছে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল । সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ৮০-১১০ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হয় । ইয়াৰ বিপৰীতে অসমৰ কামৰূপ মহানগৰ জিলাত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ২০৬ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । এইক্ষেত্রত শীৰ্ষত আছে মিজোৰাম । মিজোৰামত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২৭০ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । অৰুণাচলত এই সংখ্যা প্ৰায় ২৩০ । সেইদৰে তৃতীয় স্থানত আছে পূৱ খাচী হিলছ ।

In the World Cancer Day The context of Cancer in Assam
অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ (ETV Bharat Assam)

পূব খাচি হিলচত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২২৮ জন পুৰুষ কৰ্কট ৰোগত আক্ৰান্ত । কৰ্কট ৰোগৰ ক্ষেত্রত অসমসহ উত্তৰ-পূৰ্বাঞ্চল দেশৰ ৰাজধানী ৰূপে পৰিগণিত হৈছে । উত্তৰ-পূৰ্বাঞ্চলত বছৰি ৬০ হাজাৰৰো অধিক লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে ৫০ হাজাৰ ৰোগী অসমৰ । অসমত প্ৰত্যেক বছৰে প্ৰায় ২৫ হাজাৰ কৰ্কট ৰোগীৰ মৃত্যু হয় । দেশত বছৰি প্ৰায় ১৪ লাখ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত হয় । ইয়াৰে ৮ লাখ লোক মৃত্যু মুখত পৰে ।

কৰ্কট ৰোগৰ ক্ষেত্রত বিশেষভাৱে প্ৰভাৱিত কামৰূপ মহানগৰ জিলা:

অসমত কৰ্কট ৰোগত সবাতকৈ বেছি লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত । জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩ জন আৰু প্ৰতি এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী কৰ্কট ৰোগত আক্রান্ত হয় । কামৰূপ মহানগৰ জিলাৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কাছাৰ আৰু ডিব্ৰুগড় জিলাই । সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ ক্ষেত্রত মুখগহ্বৰ, খাদ্যনলী আৰু হাওঁফাওঁত হোৱা কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক ।

In the World Cancer Day The context of Cancer in Assam
কৰ্কট ৰোগৰ ক্ষেত্রত বিশেষভাৱে প্ৰভাৱিত কামৰূপ মহানগৰ জিলা (ETV Bharat Assam)

ইয়াৰ বিপৰীতে মহিলাসকলৰ ক্ষেত্রত স্তন আৰু জৰায়ুত হোৱা কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । অসমৰ চিনাক্ত হোৱা মুঠ কৰ্কট ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱনকাৰী । অসমৰ উপৰি মিজোৰামৰ আইজল আৰু মেঘালয়ৰ পূব খাছি হিলছ জিলাও কৰ্কট ৰোগৰ হটস্পট হিচাপে চিহ্নিত হৈছে ।

কি কাৰণত হটস্পট হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চল:

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস । উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি । সৰ্বভাৰতীয় পৰ্যায়ত ধঁপাত সেৱনৰ হাৰ ২৮ শতাংশ । আগতে ৩৪ শতাংশ আছিল এতিয়া কমি ২৮ শতাংশ হৈছে । কিন্তু ইয়াৰ বিপৰীতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱনৰ হাৰ বৃদ্ধি পাইছে । অসমত আগতে ধঁপাত সেৱনৰ হাৰ ৩৯ শতাংশ আছিল আৰু এতিয়া বৃদ্ধি হৈ ৪৮ শতাংশ হৈছে ।

In the World Cancer Day The context of Cancer in Assam
কি কাৰণত হটস্পট হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চল (ETV Bharat Assam)

মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী । আনহাতে অসমত সুৰাপায়ীৰ হাৰো যথেষ্ট বেছি । সৰ্বভাৰতীয় পৰ্যায়ত সুৰাপানৰ হাৰ ১১ শতাংশ । কিন্তু অসমত এই হাৰ প্ৰায় ২২ শতাংশ, অৰ্থাৎ দুগুণ । কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশৰ ক্ষেত্রত ৰোগমুক্ত কৰিব পাৰি । কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে । যিটো সময়ত চিকিৎসকৰ কৰাৰ বিশেষ একো নাথাকে । আনহাতে ৫ৰ পৰা ১০ শত‍ংশ কৰ্কট ৰোগ বংশনুক্ৰমে হোৱা দেখা যায় ।

ধঁপাতৰ কৱলত অসমসহ উত্তৰ-পূৰ্বাঞ্চল:

ধঁপাত সেৱনৰ ক্ষেত্রত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল দেশৰ শীৰ্ষ স্থানত আছে । 'গ্লবেল ইউথ তবেক' চাৰ্ভে'ৰ তথ্য অনুসৰি স্কুলীয়া ছাত্র-ছাত্রীৰ মাজত ধঁপাত সেৱনৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৮.৫ শতাংশ । দক্ষিণ ভাৰতত এই হাৰ ১৪ শতাংশ । কিন্তু অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এই হাৰ ৩৪ শতাংশ । মিজোৰাম আৰু অৰুণাচল প্ৰদেশত এই হাৰ ৫৭.৯ শতাংশ । যিটো দেশৰ ভিতৰতে সৰ্বাধিক । সেইদৰে এই হাৰ নাগালেণ্ডত ৪২.৬ শতাংশ, মেঘালয়ত ৩৩.৬ শতাংশ, ছিকিমত ২৪.৮ শতাংশ আৰু অসমত ১১.৯ শত‍াংশ ।

In the World Cancer Day The context of Cancer in Assam
ধঁপাতৰ কৱলত অসমসহ উত্তৰ-পূৰ্বাঞ্চল (ETV Bharat Assam)

অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাতজনিত কৰ্কট ৰোগৰ হাৰ যথেষ্ট বেছি । মেঘালয়ত সৰ্বাধিক ৬৪ শতাংশ কৰ্কট ৰোগী ধঁপাতজনিত কাৰণত হয় । আনহাতে ত্রিপুৰাত ধঁপাতজনিত কাৰণত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ হাৰ ৫৬ শতাংশ । অসমত পুৰুষৰ ক্ষেত্রত ৫০ শতাংশ আৰু মহিলাৰ ক্ষেত্রত ২৫ শতাংশ কৰ্কট ৰোগী ধঁপাত সেৱনৰ বাবে আক্ৰান্ত হয় । ধঁপাতজনিত কাৰণত ১২ টা কৰ্কট ৰোগ হয় ।

কৰ্কট ৰোগৰ ধৰণ আৰু লক্ষণ:

কৰ্কট ৰোগ দেহৰ বিভিন্ন অংগ আৰু অংশত হ’ব পাৰে আৰু সম্প্ৰসাৰিত বা বিয়পিব পাৰে । কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা উপশম পাব পাৰি । মানৱ দেহৰ ভিন ভিন অংশ আৰু অংগত হোৱা কৰ্কট ৰোগৰ লক্ষণসমূহো ভিন্ন হয় । মুখগহ্বৰ, ডিঙি, খাদ্যনলী, স্তন, পেট, হাঁওফাঁও, অগ্নাশয়, লিভাৰ, অভেৰী(ডিম্বাশয়), ইউটেৰাছ(জৰায়ু), বৃক্ক, মুত্ৰস্থলী, হাড় আৰু হাড়ৰ গাঁ‌ঠি, মলদ্বাৰ, মলাশয় আদি বিভিন্ন অংগৰ কৰ্কট ৰোগত এজন লোক আক্ৰান্ত হ’ব পাৰে । এই অংগসমূহ কৰ্কট ৰোগত আক্ৰান্ত হ’লে সাধাৰণতে কিছুমান লক্ষণে দেখা দিয়ে ।

কৰ্কট ৰোগৰ ক্ষেত্রত সাধাৰণতে ৯ টা লক্ষণে দেখা দিয়ে । অৱশ্যে এই লক্ষণ থাকিলেই কৰ্কট ৰোগ হোৱা বুলি ক'ব নোৱাৰি । পৰীক্ষাৰ দ্বাৰাহে চিনাক্তকৰণ কৰা হয় । মুখগহ্বৰৰ ভিতৰত হোৱা দীৰ্ঘকালৰ বাবে নুশুকোৱা বা ভাল নোহোৱা ঘাঁ‌ কৰ্কট ৰোগৰ এটি লক্ষণ । স্থায়ীভাৱে হোৱা কন্ঠৰ পৰিৱৰ্তন বা কন্ঠস্বৰ বেয়া হৈ পৰা কন্ঠনলীৰ কৰ্কট ৰোগৰ লক্ষণ । ডিঙিত সৃষ্টি হোৱা টেমুনা ডিঙিৰ কৰ্কট ৰোগৰ এক লক্ষণ ।

In the World Cancer Day The context of Cancer in Assam
কৰ্কট ৰোগৰ ধৰণ আৰু লক্ষণ (ETV Bharat Assam)

সেইদৰে স্তনত সৃষ্টি হোৱা কোনো বিষ নোহোৱা টেমুনা, যি ক্ৰমশঃ বৃদ্ধি হৈ গৈ থাকে, স্তনৰ মুখ বা নিপ’লৰ পৰা তেজযুক্ত পদাৰ্থৰ নিঃসৰণ ঘটা আৰু কাষলতিত হোৱা টেমুনা স্তনৰ কৰ্কট ৰোগৰ লক্ষণ । আনহাতে খাদ্য খাওতে অসুবিধাৰ সৃষ্টি হোৱা আৰু এই সমস্যা ক্ৰমশঃ বাঢ়িয়েই গৈ থকা খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণ । অলপ খালেই পেট ভৰ্তি হোৱা যেন অনুভৱ হোৱা আৰু খোৱাৰ পিছত বমি হোৱা পেট বা উদৰৰ কৰ্কট ৰোগৰ লক্ষণ । একেলেঠাৰিয়ে হৈ থকা কাঁহ, কফ বা খেকাৰত তেজ পৰা, উশাহ লোৱাত কষ্ট আদি হাঁওফাঁওৰ কৰ্কট ৰোগৰ লক্ষণ ।

ইফালে কোনো নিৰ্দ্দিষ্ট কাৰক নোহোৱাকৈ দীৰ্ঘকালৰ বাবে হৈ থকা জণ্ডিচ ৰোগ, অগ্নাশয় আৰু যকৃত সংলগ্ন পিত্তনলীকাৰ কৰ্কট ৰোগৰ লক্ষণ । শৌচ কৰাৰ অভ্যাসত পৰিৱৰ্তন বা খেলিমেলিৰ সৃষ্টি হোৱা, কৌষ্ঠকাঠিন্য, শৌচত তেজ পৰা আদি মলাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে । অস্বাভাৱিক ৰূপে পেট ফুলা আৰু খাদ্যত অৰুচি ডিম্বাশয় বা অভেৰীৰ কৰ্কট ৰোগৰ লক্ষণ । যোনীত হোৱা ৰক্তক্ষৰণ আৰু ৰজোনিবৃত্তিৰ পিছত হোৱা ৰক্তস্ৰাৱ জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে ।

পেটত সৃষ্টি হোৱা অস্বাভাৱিক টেমুনা আৰু প্ৰস্ৰাৱত ৰক্তক্ষৰণ হোৱা বৃক্কৰ কৰ্কট ৰোগৰ লক্ষণ । প্ৰস্ৰাৱ কৰাত সমস্যাৰ সৃষ্টি হোৱা, প্ৰস্ৰাৱত তেজ পৰা মূত্ৰস্থলীৰ কৰ্কট ৰোগৰ লক্ষণ । দেহৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰ ফুলিবলৈ ধৰা-হাড় আৰু মাংসপেশীৰ কৰ্কট ৰোগৰ লক্ষণ । তদুপৰি আন কিছুমান লক্ষণে দেখা দিলেও এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে । উদাহৰণ স্বৰূপে হঠাৎ কোনো কাৰণ নোহোৱাকৈয়েই শৰীৰৰ ওজন বহু পৰিমাণে হ্ৰাস পোৱা, একেধৰণেই হোৱা এনিমিয়া, দুৰ্বলতা, বৰ্দ্ধিত জণ্ডিচ, পেটৰ ভিতৰত আৰু হাঁওফাঁওত পানী জমা হোৱা ইত্যাদি ।

এনে লক্ষণসমূহ দেখা লগে লগে চিকিৎসকৰ কাষ চপা উচিত । চিকিৎসকে লক্ষণসমূহ চাই ৰোগীজনক নিৰ্দ্দিষ্ট কিছু পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ব্যক্তিজন কৰ্কট ৰোগত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত কৰিব পাৰিব । পৰীক্ষাৰ যোগেদিই কৰ্কট ৰোগ কোনটো স্তৰত আছে সেই কথা জানিবলৈ পাৰি । অৱশ্যে লক্ষণ মানেই কৰ্কট ৰোগ নহয় । কৰ্কট ৰোগৰ নিশ্চিতকৰণৰ বাবে প্ৰধানতঃ বায়’পচি(Biopsy) কৰিবলৈ দিয়া হয় । যি অংগ বা অংশত কৰ্কটৰ লক্ষণ দেখা যায় সেই অংগ বা অংশৰ পৰা যৎসামান্য কোষৰ অংশ পৰীক্ষাৰ বাবে ব্যক্তিজনৰ দেহৰ পৰা সংগ্ৰহ কৰা হয় ।

সাধাৰণতে কোনো জটিলতা নথকা এক প্ৰক্ৰিয়া বায়’পচি । কিছু অংগ বা অংশৰ বায়’পচি এণ্ডস্ক’পী, কলন’স্ক’পী, আলট্ৰাচ’ন’গ্ৰাফী, চি টি স্কেন আদি পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰেও যোৱা হয় । বায়’পচি কৰিলে কৰ্কট ৰোগ দেহৰ আন অংশলৈ বিয়পিব পাৰে বুলি কিছু মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে আৰু যি সম্পূৰ্ণৰূপে মিছা । কিবা লক্ষণে দেখা দিলেই ততালিকে চিকিৎসকৰ কাষ চপাটো উচিত বুলি ডাঃ অমল চন্দ্ৰ কটকীয়ে জানিবলৈ দিয়ে ।

সজাগতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ ডাঃ অমল চন্দ্ৰ কটকীৰ:

জনসজাগতা আৰু স্ক্ৰীণিঙৰ জৰিয়তে কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়াকৈ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ডাঃ অমল চন্দ্ৰ কটকীয়ে । ডাঃ কটকীয়ে কয়,"ভাৰতত প্ৰতি বছৰে প্ৰায় ১৪ লাখ নতুন কৰ্কট ৰোগী ধৰা পৰে । ধঁপাত হৈছে কৰ্কট ৰোগৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা কাৰক । অসমত প্ৰায় ৪৮.২ শতাংশ লোকে ধঁপাত সেৱন কৰে । কামৰূপ মহানগৰ জিলাত পুৰুষৰ ক্ষেত্রত সকলো কৰ্কট ৰোগৰ ৫১ শতাংশ আৰু মহিলাৰ ক্ষেত্রত ২৪ শতাংশ ধঁপাত সম্পৰ্কীয় । ভাৰতত প্ৰতি বছৰে প্ৰায় ধঁপাতজনিত কাৰণত হোৱা কৰ্কট ৰোগ, ষ্ট্ৰোক, হৃদৰোগ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদিৰ বাবে ১৩.৫ লাখ লোক মৃত্যুমুখত পৰে ।"

In the World Cancer Day The context of Cancer in Assam
কৰ্কট ৰোগৰ ক্ষেত্রত বিশেষভাৱে প্ৰভাৱিত কামৰূপ মহানগৰ জিলা (ETV Bharat Assam)

তেওঁ লগতে কয়,"আনহাতে দেশত প্ৰায় ৫২ শতাংশ প্ৰাপ্তবয়স্ক লোক ঘৰতে ছেকেণ্ড হেণ্ড স্মোকৰ সংস্পৰ্শলৈ আহে । সেইদৰে ২৭.৭ শতাংশ প্ৰাপ্তবয়স্ক কৰ্মক্ষেত্ৰত আৰু ৩৪.৪ শতাংশ ৰাজহুৱা স্থানত ছেকেণ্ড হেণ্ড স্মোকৰ সংস্পৰ্শলৈ আহে । উদ্বেগৰ বিষয় যে ১৫ বছৰৰ তলৰ প্ৰায় ৪৬.৫ শতাংশ শিশু ছেকেণ্ড হেণ্ড স্মোকৰ সংস্পৰ্শলৈ আহে । ধঁপাতৰ উপৰি পাৰিপাৰ্শ্বিক বায়ু আৰু পানী প্ৰদূষণ, সাৰ আৰু কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰ আদি কৰ্কট ৰোগৰ বাবে অন্যান্য গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা কাৰক ।"

লগতে পঢ়ক: কৰ্কট ৰোগক পৰাস্ত কৰাৰ উপায় কি ? জানি লওক বিশেষজ্ঞৰ পৰা - WORLD CANCER DAY 2025

বিশ্ব কৰ্কট ৰোগ দিৱস: কিয় তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগীৰ সংখ্যা ? ইয়াৰ আঁৰৰ কাৰণ কি - WORLD CANCER DAY 2025

Last Updated : February 4, 2025 at 9:30 PM IST