ETV Bharat / state

অপৰাধ নিয়ন্ত্রণ নহ’লেও বৃদ্ধি পাইছে অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ - Conviction rate in Assam rises

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:31 PM IST

Crime in Assam: ৰাজ্যত বৃদ্ধি পাইছে অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ । দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পাইছে ২১.৬৫ শতাংশলৈ । ২০১৮ চনত এই হাৰ আছিল মাত্ৰ ৫.৯ শতাংশ । গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত সফলতা অৰ্জন অসম আৰক্ষীৰ । অৱশ্যে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পৰা নাই অসম আৰক্ষীয়ে ।

CONVICTION RATE IN ASSAM RISES
অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃ্দ্ধি অসমত

গুৱাহাটী, ৭ এপ্ৰিল: বিভিন্ন অপৰাধৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষত থাকিলেও শেহতীয়াকৈ অসম আৰক্ষীৰ কর্মদক্ষতাৰ বাবে ক্ৰমাৎ ৰাজ্যত দোষী সাব্যস্ত হোৱা গোচৰৰ হাৰ বৃদ্ধি পাইছে । এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষীৰ তথ্য অনুসৰি অসমত অভিযোগ নিষ্পত্তি কৰি অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ২১.৬৫ শতাংশলৈ বৃদ্ধি পাইছে ৷ ২০১৮ চনত ৰাজ্যত ১৮৩৪ টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা গৈছিল । সেইবছৰ দোষী সাব্যস্তকৰণৰ হাৰ আছিল মাত্ৰ ৫.৯ শতাংশ । কিন্তু চলিত বৰ্ষৰ মাত্ৰ প্ৰথম দুটা মাহতে ৰাজ্যত ৯০২টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা গৈছে । এই দুমাহত দোষী সাব্যস্তকৰণৰ হাৰ হ'ল ২১.৬৫ শতাংশ ।

তথ্য অনুসৰি ২০১৯ বৰ্ষত ৰাজ্যত ১৭৯৮টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰৰ হাৰ আছিল ৬.৯ শতাংশ । ২০২০ বৰ্ষত ৮৫৫টা গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । হাৰ আছিল ৫.৫ শতাংশ । ২০২১ বৰ্ষত ৭৫২টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । কনভিকশ্যন ৰেট আছিল ৬.১ শতাংশ ।

আনহাতে ২০২২ বৰ্ষত ৰাজ্যত ৪৬৪২টা গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰৰ দোষী সাব্যস্তকৰণৰ হাৰ ১৩.৫ শতাংশলৈ বৃদ্ধি পাইছিল । ইয়াৰ পাছত ২০২৩ বৰ্ষত ৰাজ্যত ৪৮৩৫টা গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পাইছিল ১৬.৭৫ শতাংশলৈ ।

উল্লেখ্য যে শেহতীয়াকৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰতিখন জিলাৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ সৈতে অনুষ্ঠিত দুখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । আৰক্ষী সঞ্চালক প্ৰধান ডি জি পি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । লগতে আৰক্ষী বিষয়া সকলক কেতবোৰ নিৰ্দেশনা দিয়া হয় বৈঠকত ।

মন কৰিবলগীয়া যে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিষ্পত্তি নোহোৱাকৈ থকা গোচৰ নিষ্পত্তি কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল । তাৰ পাছতে ডিজিপি জি পি সিঙেও এই দিশত বিশেষ তৎপৰতা দেখুওৱাৰ লগতে প্ৰতিমাহে এই বিষয়ৰ পৰ্যালোচনা কৰি আহিছে ।

ডিজিপি জি পি সিঙে শেহতীয়া বৈঠকত ৰাজ্যৰ প্ৰতিখন জিলাৰ এছ পি, এ এছ পি (অপৰাধ) পৰ্যায়ৰ বিষয়া সকলৰ সৈতে আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ সকলো পৰ্যায়ৰ বিষয়াৰ সৈতে দুখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । ৰাজ্যৰ অপৰাধ নিয়ন্ত্ৰণ সম্পৰ্কীয় মাহিলী পর্যালোচনা বৈঠকত চি আই ডিৰ মণ্ডল বিষয়াসকলো উপস্থিত আছিল । এই বৈঠকৰ পাছতে ডিজিপিয়ে অসমত থকা গোচৰসমূহৰ ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে অভিযুক্তক দোষী সাব্যস্ত কৰাত আৰক্ষীৰ কর্মদক্ষতা বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰিছিল ৷

লক্ষ্যণীয় বিষয় যে বিগত সাত বছৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে যদিও অপৰাধৰ হাৰ কমা নাই । অসমত ২০২০-২০২১ বৰ্ষৰ পৰা ২০২৪ চনৰ ৩১ জানুৱাৰীলৈ সংঘটিত হৈছে চুৰি, ডকাইতি, অপহৰণ, ধর্ষণ, যৌতুক আদি অপৰাধৰ মুঠ ১,১২,৪৩৪ টা ঘটনা । এই তথ্য খোদ ৰাজ্য চৰকাৰৰ । ৰাজ্যখনত অপৰাধ হ্ৰাস পাইছে বুলি ৰাজ্য চৰকাৰে দাবী কৰি অহাৰ সময়ত বিধানসভাৰ মজিয়াত খোদ গৃহ বিভাগৰ ফালৰ পৰা উক্ত তথ্য সদৰী কৰা হৈছিল ।

উক্ত সময়ছোৱাৰ ভিতৰত ৰাজ্যত সংঘটিত হৈছে ৫২,৮০০ টা চুৰি, ৫৫৯ টা ডকাইতি, ২২,৮২৬ টা অপহৰণ, ৫,৫৯৭ টা ধৰ্ষণ আৰু ৩০,৬৪৯ টা যৌতুক আদিৰ ঘটনা । তদুপৰি উক্ত সময়ছোৱাৰ ভিতৰত ৰাজ্যত দুৰ্ঘটনাৰ ফলত ১২,২১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ২৩,১৪৫ গৰাকী লোক ৷ আনহাতে উক্ত সময়ছোৱাত আত্মহত্যাৰ ১২,৯৬৭টা ঘটনা সংঘটিত হোৱাৰ লগতে অন্ধবিশ্বাস আদিৰ ফলত মৃত্যু হৈছে ২৮ গৰাকী লোকৰ ।

ইফালে গুৱাহাটী মহানগৰীত ২০২০-২০২১ চনৰ পৰা চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈকে সংঘটিত হৈছে মহিলাৰ পৰা চেইন কাঢ়ি নিয়া ৩১৪টা ঘটনা । উল্লেখ্য যে চেইন কাঢ়ি নিয়াৰ ঘটনা গুৱাহাটী মহানগৰীত দিনক দিনে চিন্তনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ।

লগতে পঢ়ক: আত্মৰক্ষা ! ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.