ETV Bharat / state

যৌতুকৰ দাবীক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:31 PM IST

Dowry allegation: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰজাহী গাঁৱত যৌতুককেন্দ্ৰীক সংঘাত ৷ শহুৰেকৰ ঘৰতে যৌতুকৰ বাবে পত্নীক অত্যাচাৰৰ অভিযোগ ছাইদুল ইছলাম নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ৷

Wife accused of torturing her over dowry in Kalgachia
যৌতুকৰ দাবীক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত

যৌতুকৰ দাবীক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত

জনিয়া, 23 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰজাহী গাঁৱত যৌতুকৰ দাবীক কেন্দ্ৰ কৰি সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ জানিব পৰা মতে, কেইমাহমানৰ পূৰ্বে কাউৰজাহী গাঁৱৰ আব্দুল ছালামৰ কন্যাই বালাৰপথাৰ গাঁৱৰ সোনা মিয়াৰ পুত্ৰ ছাইদুল ইছলামেৰে বিবাহপাশত আৱদ্ধ হৈছিল ৷

কিন্তু বিয়াৰ পাছৰে পৰা যৌতুকৰ দাবীত ছাইদুলে পত্নীক শাৰীৰিক, মানসিক অত্যাচাৰৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ পৰিয়ালে ৷ আনহাতে, স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পিতৃ গৃহত আছিল ভুক্তভোগী মহিলাগৰাকী ৷ কিন্তু দেওবাৰে নিশা হঠাৎ ছাইদুৰে শহুৰেকৰ ঘৰত উপস্থিত হৈ পত্নীৰ পৰিয়ালৰ পৰা যৌতুক দাবী কৰে ৷ যাৰ বাবে স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হয় ৷

মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ বিপৰীতে ছাইদুল ইছলামে কয়, ‘‘উক্ত দিনা শাহু আইতাৰ মৃত্যু হোৱাৰ কাৰণে তালৈ গৈছিলো ৷ যেতিয়া শহুৰৰ ঘৰৰ পৰা মই ঘৰলৈ ওভতি আহিবলৈ ওলালো তেতিয়া পত্নীক লগত লৈ যাবলৈ শহুৰ পৰিয়ালৰ লোকে মোক কৈছিল ৷ কিন্তু পত্নী ঘৰলৈ যোৱাত অমান্তি হৈছিল ৷ যাৰ বাবে বাক বিতণ্ডাৰ সৃষ্টি হয় ৷’’

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে কয়, ‘‘বিয়াৰ পাচতে যৌতুকৰ বাবে মোক শাৰীৰিক, মানসিক নিৰ্যাতন চলাই আহিছিল ৷ মই ঘৰত কোৱা নাছিল ৷ যেতিয়া মই ঘৰলৈ আহিছিলো তেতিয়াও যৌতুকৰ দাবীৰে ফোন কৰিছিল ৷ দেওবাৰে ঘৰলৈ আহি হঠাৎ মোক নিবলৈ আহিছিল আৰু লগতে দাবী কৰিছিল যৌতুক ৷ কিয় যৌতুক লাগে বুলি প্ৰশ্ন কৰাত মোক আক্ৰমণ কৰে ৷’’

পিছে কাৰ অভিযোগ সঁচা ! আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ভূপেন বৰাৰ আক্ৰমণত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.