ETV Bharat / state

বোকাখাতৰ কৃষকৰ মুখত হাঁহি : ৬ কোটিৰ ৰঙালাও খাব দেশবাসীয়ে - Pumkin export from Bokakhat

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 3:52 PM IST

বোকাখাতৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাও । কৃষকৰ হাতলৈ আহিল ৫ কোটি ২৪ লাখ ১১,৪৫০ টকা । ৬ কোটি অতিক্ৰম কৰিব উৎপাদনে । ৰঙালাও ভিত্তিক উদ্যোগৰ চিন্তা কৰিব চৰকাৰে ।

Pumkin export
ৰঙালাউ ৰপ্তানী (ETV BHARAT ASSAM)
৬ কোটিৰ ৰঙালাও খাব দেশবাসীয়ে (ETV BHARAT ASSAM)

কাজিৰঙা/গোলাঘাট, ২২ মে’: "বোকাখাতত উৎপাদিত ৰঙালাওৱে ৰপ্তানিৰ লক্ষ্য অতিক্ৰম কৰিব । ৬ কোটি টকাৰ ৰঙালাও বাহিৰলৈ পঠিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৭ কোটিৰো অধিক টকাৰ ৰঙালাও ৰপ্তানি কৰিব পৰা যাব । যোৱা বছৰ বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে আজিৰ তাৰিখলৈকে ৫.২৪ কোটি টকাৰ ৰঙালাও প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা ।" এই মন্তব্য় কৃষি মন্ত্ৰী অতুল বৰাৰ । বোকাখাতৰ কৃষকৰ মাজলৈ গৈ বৃহৎ বৃহৎ ট্ৰাকত ৰঙালাও বোজাই কৰি থকা দেখি উৎসাহিত মন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে বাহিৰলৈ পঠিওৱা ৰঙালাওৰ উপৰিও এই বছৰ আৰু যথেষ্ট সংখ্যক ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ বাকী আছে বুলি মন্তব্য় কৰে ।

কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাওৰ ব্যাপক খেতি কৰিছে । সেয়েহে যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাও উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হোৱাৰ লগতে লক্ষ্য অতিক্ৰম কৰাৰো প্ৰচুৰ সম্ভাবনা থকা বুলি কয় মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে কুৰুৱাবাহী পঞ্চায়তৰ পৰা ৭১৪৮ মেট্ৰিক টন, দিচৈ পঞ্চায়তত ১২২.৩ মেট্ৰিক টন, মধ্য মহুৰাত ৪৯৭ মেট্ৰিক টন, বিহংগম কৃষি উৎপাদন সমিতিৰ পৰা ২৯৬ মেট্ৰিক টন ৰঙালাও প্ৰেৰণ কৰা হৈছে । ইয়াৰ বিপৰীতে কৃষকে লাভ কৰিছে ৫ কোটি ২৪লাখ, ১১,৪৫০ টকা ।

মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষিখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে । ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰি স্ব-নিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে ।

ইপিনে, অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰ পৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে মন্ত্ৰী অতুল বৰাই । ইয়াত উৎপাদিত ৰঙালাওসমূহৰ বাবে বোকাখাততে ৰঙালাওৰ পৰা উৎপাদন হ'ব পৰা উদ্যোগ স্থাপনৰ কথাও চৰকাৰে চিন্তা কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক:কেতিয়া আৰু কোনে ৰঙালাউ খাব নালাগে ? জানি লওক

অকৰ্মণ্য কৃষি বিভাগ! পথাৰ এৰি নেদেখাজনৰ ভৰষাত ৰাজ্যৰ কৃষক - Assam Agriculture Department

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.